Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 August, 2022 3:57 PM IST
বানে গৰকা মীন পালকে কি কৰিব?

প্ৰতি বছৰে সংহাৰী মূৰ্ত্তি ধাৰণ কৰা বানপানীয়ে মীন পালক সকলক কেনেদৰে জুৰুলা কৰে তাক নকৈ দোহৰাৰ প্ৰয়োজন নাই। ধন জন আৰু সা-সম্পত্তিৰ লগতে মীন পালনৰত পুখুৰী, মীন পাম, মীন সম্পর্কীয় আন্তঃগাঠনি আদিৰো বিস্তৰ ক্ষতিসাধন হৈছে। বানপানীত ক্ষতি হোৱাৰ পাছত মীন পালক সকলে কেৱল ভাগ্যক ধিয়াই হাত সাবটি বহি থকাটো মুঠেই সমীচিন নহব। বানে ক্ষতি কৰাৰ পাছতো নকৈ মীন পালন কৰিব পাৰি। এই কৌশল বা প্ৰযুক্তিৰ প্ৰতি বানাক্ৰান্ত অঞ্চল পালক সকলে গুৰুত্ব আৰোপ কৰা উচিত। পানী শুকোৱাৰ পাছত আগস্ট/ছেপ্তেম্বৰ মাহ মানৰ পৰা মার্চ/এপ্ৰিললৈ ন উদামৰে সংমিশ্রিত মীন পালন কৰি ইতিমধ্যে হোৱা ক্ষতিৰ কিছু হলেও জোৰা মাৰিব পাৰি।

বানপানী কমাৰ কিছুদিন পাছত বা বানপানীৰ আৰু সম্ভৱনা নথকা হলে অতি সাৱধানৰে পুখুৰীৰ ভগা বা আন ক্ষতি হোৱা অংশ সমূহ মেৰামতি কৰি লব লাগে। তাৰ পাছত পুখুৰীটোত জমা হোৱা বিভিন্ন জলজ অপতৃণ যেনে মেটেকা, এৰালি, ডল ঘাঁহ, পূর্ণী, ভেট, পদুম আদি আতৰাব লাগে। অপতৃণ নির্মূল কৰিবলৈ পৰাপক্ষত কায়িক শ্ৰম কৰা উচিত। যদিও ৰাসায়নিক ঔষধ প্রয়োগৰে অপতৃণ নিৰ্মূল কৰিব পাৰি তথাপিও পৰাপক্ষত ৰাসায়নিক ঔষধ ব্যৱহাৰ পৰা উচিত নহয়। পুখুৰীটো অপতৃণ মুক্ত হোৱাৰ পাছত বানপানীৰ সময়ত সোমোৱা বিভিন্ন অবাঞ্ছিত মাছ যেনো শল, শাল, বৰালি, গৰৈ, চেং, কাৱৈ, আদি উঠাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে।

পুখুৰীত পালন কৰা সঙ্গত প্রজাতিৰ মাছসমূহৰ বাদে আন সকলোবোৰ মাছ মীন পালনৰ পৰিপ্ৰেক্ষিতত অবাঞ্চিত মাছ। ঘন টনা জালৰে এই সমূহ উঠাই পেলোৱাটোৱেই উত্তম। এই মাছ সমূহ তলৰ বোকা আদিত সোমাই থাকিব পাৰে সেয়েহে কেইবাবাৰো জাল মাৰি এইসমূহ উঠাই পেলোৱাটো শ্রেয়। ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ব্ৰিছিং পাউদাৰ প্ৰয়োগ কৰি অবাঞ্চিত মাছ সমূহ অনায়েসে মাৰিব পাৰি। এনেদৰে মৰা মাছ খোৱাৰ বাবেও অতি উপযোগী। প্রতি হেক্টৰ জলকালিত ২৫০-৩০০ কেজি ব্রিছিং পাউদাৰ ভালদৰে প্রয়োগ কৰি খোদালি দিলে ৪-৫ ঘন্টাৰ ভিতৰত মাছবোৰ মৰি ওপঙি থাকিব। আধামৰা মাছবোৰো পানীৰ উৰ্দ্ধৰ গুলৈ ওলাই আহে। তেতিয়া সকলোখিনি মাছ ধৰি পেলাব পাৰি। যদিও ব্লিছিং পাউদাৰ প্ৰয়োগ কৰি মৰা মাছ ভক্ষণৰ উপযোগী তথাপিও পুখুৰীটোত বিষক্রিয়া ৭-১০ দিন মানলৈ থাকে। এই সময়ছোৱাত যাতে নতুনকৈ কোনো মাছ পোনা মেলা নহয় তাৰ প্ৰতি নজৰ ৰাখিব লাগিব।

পৰবৰ্তী সময়ত ব্লিছিং পাউদাৰৰ বিষক্রিয়া শেষ হোৱাৰ পাছত পুখুৰীটোত চূণ প্ৰয়োগ কৰিব লাগে। ব্ৰিছিং পাউদাৰ প্ৰয়োগ নকৰিলে অবাঞ্ছিত মাছ নির্মূল কৰাৰ পাছদিনাই পুখুৰীত চূণ প্রয়োগ কৰিব পাৰি। পৰাপক্ষত খোৱা চূণ বা কুইক লাইম প্রয়োগ কৰা উচিত। কেলচিয়াম অক্সাইড নামে পৰিচিত এইবিধ চূণ হেক্টৰে প্ৰতি ১০০ কেজি হিচাবত প্ৰয়োগ কৰিব লাগে। তাৰ ৭-১০ দিন পাছত পুখুৰীত পোনা মেলিব লাগে। পোনা মেলাৰ পৰবৰ্তী মাহ সমূহৰ নিৰ্দ্দিষ্ট তাৰিখত প্রথমতে প্রয়োগ কৰা হিচাবত চূণ প্ৰয়োগ কৰা হয়। মনত ৰাখিব লাগিব যাতে চূণ প্রতিমাহৰ নিৰ্দ্দিষ্ট তাৰিখ ও সময়ত নির্দিষ্ট নিৰিখতহে প্রয়োগ কৰিব লাগে। চূণখিনি ভালকৈ গলাই ঠাণ্ডা হোৱাৰ পাছত পুখুৰীৰ ওপৰিভাগত ছটিয়াই সমভাবে মিহলাই দিব লাগে।

আশানুৰুপ উৎপাদন পাবলৈ পুখুৰীত নিদ্দিষ্ট হিচাব আৰু নিৰিখত পোনা মেলাটো অত্যন্ত জৰুৰী কথা। পুখুৰীত ১০-১৫ ছে: মি: গঢ় দৈর্ঘ্য আৰু ২০-২৫ গ্রাম গঢ় ওজনৰ পোনাহে মেলিব লাগে। আগস্ট/ছেপ্তেম্বৰ মাহত এইজোখৰ পোনা পোৱা বৰ অসুবিধাজনক নহয়। পোনা বিঘাই প্রতি ৮০০টা হিচাবত দিব। দৰকাৰ হলে হিচাবটো কমাই দিব কিন্তু নবঢ়াব। পৰাপক্ষত বানপানীৰ পাছৰ পালনত বাহু মাছৰ পোনা নেমেলিব। এইক্ষেত্ৰত ছিলভাৰ কাপ (৩০%); গ্ৰাছ কাপ (২০%); ৰৌ (১৫%); মিৰিকা (২০%) আৰু কমন কাৰ্প (১৫%) পোনা মেলিব। বাহু মাছৰ পোনা মেলিব খুজিলে হিচাবটো বেলেগ হব। তেতিয়া বাহু (১৫%) ৰৌ (১৫%); কমন কার্প (১০%); ছিলভাৰ কাপ (২৫%) : মিৰিকা (২৫%) আৰু গ্ৰাছ কাপ (১০%) মেলিব পাৰে।

খাদ্যৰ ক্ষেত্ৰত পোনা মেলাৰ ২-৩ দিন পাছৰ পৰা মাছক খাদ্য দিব লাগে। পৰিপূৰক বিভিন্ন খাদ্য বজাৰত পেৱা যায় যদিও সহজতে উপলভ্য চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ সমঅনুপাতত(১:১) মিহলাই পুখুৰীত থকা মাছৰ মুঠ ওজনৰ ৪-৫% হিচাবত পুখুৰীত যোগান ধৰিলে উৎকৃষ্ট পৰিপূৰক খাদ্যৰ যোগান নিশ্চিত কৰিব পাৰি। সৰিয়হৰ খলিহৈখিনি ৰাতি তিয়াই থৈ পাছদিনা সম পৰিমানৰ চাউলৰ মল মিহলাই লাড্ডু কৰি ডলা বা খৰাহিৰ সহায়ত তিনিটা তৰপত দিব পৰাটো উত্তম।

বস্তাত ফুটা কৰিও তিনিটা বেলগে বেলেগ তপত খাদ্যসহ বস্তা কেইটা ডুবাই মাছক খাদ্য দিব পাৰি। বানপানীৰ লগত যথেষ্ট জৈৱিক পদাৰ্থ আৰু পোষক দ্রব্য পুখুৰীত জমা হয়। বাবে সাধাৰণতে বেছি সাৰ প্ৰয়োগৰ বিশেষ দৰকাৰ নহয়গৈ। যদিহে পুখুৰীটোত শেলাইৰ অতিচাৰ নাথাকে তেন্তেনৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰীত মাহত বিঘাই প্রতি ৭০ কি: গ্রা: হাৰত কেঁচা গোবৰ (জৈৱিক সাৰ) আৰু অজৈৱিক সাৰৰ ভিতৰত ছিঙ্গল চুপাৰ ফচফেট ২ কেজিকৈ আৰু ইউৰীয়া ১.৫ কেজিকৈ প্ৰয়োগ কৰিব লাগে। কেচা গোৱৰ ছিঙ্গল চুপাৰ ফচফেট আৰু ইউৰীয়াৰ প্রয়োগ বিধি সংমিশ্ৰিত মীন পালনৰ লগত একে।

এইখিনিতে এটা কথা স্পষ্ট কৰি দিব বিছাৰো যে বানপানীৰ পাছত বা বানাক্ৰান্ত অঞ্চলৰ মীন পালনত প্ৰয়োগ কৰিব লগীয়া সামগ্ৰীৰ হিচাব নিকাচ সমূহ নিৰ্দ্দিষ্টকৈ নিদান দিয়া অসুবিধা। সেই নিৰ্দ্দিষ্ট পুখুৰীটোৰ জলবায়বীয় পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি তথা বিভিন্ন কাৰকৰ গুণাগুণ অনুযায়ীহে প্রয়োগিত সামগ্ৰীৰ নিৰিখ ঠিৰ কৰা হয়। বানপানীৰ পাছৰ মীন পালনত কিন্তু মাছৰ স্বাস্থ্য সততে পৰীক্ষা কৰাটো অতি দৰকাৰী। কিবা বিসঙ্গতি দেখিলে তৎক্ষণাত মীন বিশেষজ্ঞৰ লগত যোগাযোগ বাঞ্চনীয়। বানে গৰকা মীন পালক সকল এইদৰে আগবাঢ়িলে ইতিমধ্যে সন্মুখীন হোৱা ক্ষতিৰ কিছু হলেও জোৰা মাৰিব পাৰিব বুলি আমাৰ বিশ্বাস।

লগতে পঢ়ক-Fish Farming: গ্ৰীষ্মকালত মীন পালন আৰু ইয়াৰ পৰিচৰ্যা!

প্ৰেৰকঃ

ড০ ধ্ৰুৱজ্যোতি শৰ্মা

মীন বিষয়া মীন সঞ্চালকালয়, অসম

English Summary: Fish Farmer Should do After Flood
Published on: 01 August 2022, 03:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now