1. পশুপালন

Fisheries: কাৰ্পৰ লগত চিতল আৰু মাগুৰ মাছ পালন!

KJ Staff
KJ Staff
Integrated Farming: Chital and Catfish Farming with Curp
Integrated Farming: Chital and Catfish Farming with Curp

কাৰ্পৰ লগত চিতল আৰু মাগুৰ মাছৰ প্ৰতিপালন-এই বিষয়টো বিগত কিছুদিন ধৰি সততে চৰ্চা হৈ আহিছে। যিহেতু চিতল, মাগুৰ আদি মাছৰ পুষ্টিগুণ চাহিদা আৰু ব্যৱসায়িক গুৰুত্ব তুলনামূলকভাৱে বেছি, সেয়েহে মীনপালকসকলে এই দুবিধ মাছো তেওঁলোকে সচৰাচৰ কৰি অহা সংমিশ্ৰিত মীন পালনৰ লগত মেলিবলৈ অৰ্থাৎ পালন কৰিবলৈ ইচ্ছা কৰে। তদুপৰি শেহতীয়াকৈ এই দুবিধ প্ৰজাতিৰ পোনাও ব্যৱসায়িকভাৱে উৎপাদন কৰাটো সম্ভৱ হৈছে।

গতিকে কিছু বছৰ আগলৈ থকা এই দুবিধ মাছৰ পোনা সংগ্ৰহৰ সমস্যাটোও এতিয়া নাইকিয়া হৈছে। এনে অনিশ্চয়তা আঁতৰি যোৱাত বৰ্তমান এই দুবিধ মাছ পালনৰ বাবেও মীনপালকৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে।

সেয়া যিয়েই নহওক, মূল বিষয়বস্তুত আলোকপাত কৰি একেষাৰতে ক’ব পাৰি যে নিৰ্দিষ্ট কিছু বিধি-বিধান, হিচাপ-নিকাচৰ আওতাৰ পৰা এই দুবিধ প্ৰজাতিও আমি সচৰাচৰ কৰা সংমিশ্ৰিত কাৰ্প পালনৰ লগত মেলিব পৰা যায়। এই ব্যৱস্থা সামগ্ৰিক উৎপাদনৰ দিশৰ পৰা অত্যন্ত ইতিবাচক। ব্যৱহাৰিক অভিজ্ঞতাৰ ভিত্তিত মীন কাৰিকৰী দিশৰ সৈতে জড়িত লোকসকলে এই দিশত সহমত পোষণ কৰিছে। ক্ষেত্ৰভিত্তিক অধ্যয়ন আৰু পৰ্য্যবেক্ষণৰ পৰা এইটো প্ৰতীয়মান হৈছে যে সংমিশ্ৰিত মীন পালনত কেইটামান চিতল মেলাটো সকলো দিশৰ পৰাই লাভজনক।

চিতল মাছৰ পোনা মেলাৰ ফলত কাৰ্প মাছখিনিৰ অসুবিধাতো নহয়েই, বৰং লাভহে হয়। চিতল মাছ মাংসহাৰী মাছ। পুখুৰীত সাধাৰণতে প্ৰাকৃতিকভাৱেই বহুতো প্ৰজাতিৰ অলাগতিয়াল মাছ (অৰ্থাৎ পালনৰ ব্যতিৰেকে পুখুৰীত থকা আন মাছ, কীট-পতংগ, ভেকুলী-লালুকী অবাঞ্ছিত মোৱা, ডঁৰিকনা আদি মাছৰ আবাদী থাকে। এইবোৰ পালনীয় কাৰ্প মাছখিনিৰ বাবে ক্ষতিকাৰক; কাৰণ এইবোৰে কাৰ্প মাছৰ খাদ্য শৃংখলৰ এক বুজন অংশ অপচয় কৰে। এই অলাগতিয়াল বা অসংগত মাছ, পোক-পতংগ আদি জীৱ সমষ্টিক নিয়ন্ত্ৰণ কৰি কাৰ্প মাছখিনিক (ৰৌ, বাহু, মিৰিকা আদি) বাঢ়িবলৈ প্ৰশস্ত কৰি দিবলৈ চিতল মেলাটো অতি দৰকাৰী। সৰু মুখৰ চিকাৰী মাছ চিতলে এইবোৰ নিৰ্মূল কৰি কাৰ্প মাছখিনিক সুবিধা কৰি দিয়ে।

গতিকে কাৰ্পৰ লগত একোটা উৎসতে কোনো বিশেষ যতন ব্যতিৰেকে চিতলৰ উৎপাদন পাব পাৰি। উল্লেখ্যযোগ্য যে এককভাৱে চিতল মাছ পালন কৰিবলৈ হ’লে ব্যৱস্থাটো বৰ ব্যয়বহুল আৰু চিতলৰ বাবে বিশেষ কেতবোৰ যতনৰ আৱশ্যক হয়, যিটো সাধাৰণ মীনপালক এজনৰ বাবে সতকাই সম্ভৱ নহ’বও পাৰে। যদিহে চিতলৰ বাবে বিশেষ যতনৰ কথা চিন্তা কৰা নহয়, তেন্তে এবিঘা জলকালিত ৮-১০টা মান চিতলৰ পোনা মেলিব পাৰি। অৱশ্যে চাব লাগিব চিতলৰ পোনাৰ জোখ যাতে কাৰ্পৰ পোনাতকৈ সৰু হয়। অন্যথা চিতলৰ মাংসাহাৰী গুণে কাৰ্পক ক্ষতি কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

যদিহে চিতলৰ বাবে কম দামতে উপলব্ধ ভ্ৰূণপোনা যোগান ধৰাৰ সুযোগ থাকে (ওচৰত বা নিজৰ যদি পোনা উৎপাদন কেন্দ্ৰ থাকে) বা উৎসৰ পৰা মোৱা, ডৰিকনা, পুঠি আদি মাছ যোগান ধৰাৰ সুযোগ থাকে, তেন্তে চিতলৰ সংখ্যা বিঘাই প্ৰতি ২০-২৫ টালৈ বৃদ্ধি কৰাত কোনো অসুবিধা নাই। কাৰ্প পালনৰ লগত চিতল মাছ মেলিলে কাৰ্পক সচৰাচৰ প্ৰদান কৰা চাউলৰ মল আৰু সৰিয়হৰ খলিহৈৰ লগত কিছু পৰিমাণে শুকান মাছৰ গুড়ি, কুকুৰা আদিৰ নাড়ী-ভুৰু, মাকৈ-বাদামৰ খলিহৈ আদি দিব পাৰিলে ভাল। পৰাপক্ষত কাৰ্প পোনা মেলাৰ দুমাহমান পিছত ৫-১০ ছেন্টিমিটাৰ জোখৰ চিতলৰ পোনা মেলাটো উত্তম।

Sital Fish
Sital Fish

সেয়েহে সংমিশ্ৰিত মীন পালনৰ তলৰ স্তৰত থকা কমন কাৰ্প আৰু মিৰিকাৰ সংখ্যা কমাই দিব লাগিব। এইদৰে কমাই দিয়া মাছৰ তিনিগুণ মাগুৰ পোনা মেলিব পাৰি। অৰ্থাৎ ১০ টা মিৰিকা বা কমন কাৰ্প কমাই দিলে ৩০ টা মাগুৰ পোনা অনায়াসে মেলিব পাৰি। মাগুৰ মাছ বৰষুণৰ বতৰত পুখুৰীৰ পৰা ওলাই যোৱাৰ এটা প্ৰৱণতা থাকে বাবে প্ৰতিবন্ধক হিচাপে পুখুৰীৰ পাৰ দুখলপীয়াকৈ ওখ অথবা পাৰত পোত যোৱাকৈ ৪৫ ছেন্টিমিটাৰ মান ওখ বাহৰ বেৰ দিয়া উচিত।

মাগুৰৰ ক্ষেত্ৰতো একক পালনত বহুতো কাৰিকৰী কথা আৰু মূলধনী বিনিয়োগৰ প্ৰশ্নটো জড়িত থাকে। এইখিনি হীন-ডেঢ়ি হ’লে আশানুৰূপ ফল পোৱাটো সম্ভৱ নহয়। মাগুৰ মাছ সৰ্বভক্ষী যদিও পানীত থকা পোক-পৰুৱা, পলু-লেটা, কেঁচু, জন্তুৰ গেলা-পচা অংশ আদি প্ৰিয় খাদ্য। গতিকে এৰী-পাট-মুগা পলুৰ লেটা, উঁই-হাফলু, পোক-পৰুৱা, শুকান মাছৰ গুড়ি, কচাইখানাৰ পেলনীয়া নাড়ী-ভুৰুৰ গুড়ি, ব্ৰয়লাৰ কুকুৰাৰ পেলনীয়া অংশ গুড়ি কৰি দিব পাৰিলে ভাল ফল আশা কৰিব পাৰি। অৱশ্যে কোনো কাৰণতে থাইলেণ্ড মাগুৰৰ পোনা দিব নালাগে। থাই মাগুৰৰ পোনা উৎপাদন আৰু পালন আমাৰ দেশত নিষিদ্ধ কৰা হৈছে। এইবিধ প্ৰজাতি আমাৰ জলাশয়ত মিহলি হোৱাটো মীনখণ্ডৰ বাবেই বিপদজনক।

আমাৰ মীনপালকসকলে তেওঁলোকে সচৰাচৰ কৰি থকা সংমিশ্ৰিত কাৰ্প পালনৰ লগত চিতল আৰু মাগুৰ পোনাও কিছু মেলা উচিত। পুখুৰীৰ ব্যৱস্থাপনা একেই থাকিব যদিও খাদ্যৰ লগত কিছু শুকান মাছৰ গুড়ি আদি মিহলাই দিব পাৰিলে ভাল। স্থানীয় মীন বিষয়াৰ লগত পৰামৰ্শ কৰি কামত আগবাঢ়িলে ভাল ফল পোৱাটো নিশ্চিত।

লগতে পঢ়ক-মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়!

খক: ড° ধ্ৰুৱজ্যোতি শৰ্মা, মীন বিষয়া, মীন সঞ্চালকালয়

English Summary: Integrated Farming: Chital and Catfish Farming with Curp

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.