1. এগ্ৰিপেডিয়া

ব্যৱসায়িক মুনাফাৰ বাবে ৰঙালাউৰ খেতিঃ জানুৱাৰীতে সিঁচক বীজ

KJ Staff
KJ Staff
Pumpkin cultivation
Pumpkin cultivation

ৰঙালাউ এনে এবিধ উদ্ভিদ, যাৰ প্ৰতিটো অংশই খাব পাৰি। ৰঙালাউৰ ফল পাচলি হিচাপে ৰান্ধি খোৱাৰ লগতে ইয়াৰ সুস্বাদু মিঠা ব্যঞ্জনো প্ৰস্তুত কৰা হয়। ৰঙালাউৰ বীজ বিভিন্ন স্বাস্থ্যকৰ উপাদানৰ সমাহাৰ। ইয়াক ভাজি বা গুড়ি কৰি খোৱা হয়। ৰঙালাউৰ আগ আৰু ইয়াৰ ফুলেৰে বিভিন্ন সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি। ৰঙালাউৰ বুঢ়া পাতত মেৰিয়াই ভাপত দিয়া মাছৰ সোৱাদেই সুকীয়া।

ইয়াৰ ঠাৰিৰে সৰিয়হৰ সৈতে প্ৰস্তুত কৰা ব্যঞ্জন বেয়া পোৱা লোক হয়তো নোলাব। ৰঙালাউৰ বাকলিও বুটমাহৰ সৈতে শুকানকৈ ভাজি খাব পাৰি। এনে এবিধ উপযোগী পাচলিৰ খেতি কৰিলে লোকচান হোৱাৰ প্ৰশ্নই আহিব নোৱাৰে। শীত আৰু গ্ৰীষ্ম দুয়োটা ঋতুতে ৰঙালাউৰ খেতি কৰিব পাৰি। গ্ৰীষ্ম কালত চপাবলৈ হ’লে জানুৱাৰী মাহতে ৰঙালাউৰ বীজ সিঁচিব লাগিব।

ৰঙালাৰ খেতিৰ সবিশেষ

ৰঙালাওৰ খেতি কৰিবৰ বাবে মুকলি, ৰ'দ পৰা মাটি হ’লে ভাল। ৰঙালাউৰ খেতি কোনো কোনো ঠাইত চাং পাতি কৰা দেখা যায় যদিও বিস্তৃতভাৱে কৰিবলৈ হ’লে ইয়াক মাটিতে উৎপাদন কৰা হয়। প্ৰথমে মাটিদৰা ভালদৰে চহাই লৈ তাত প্ৰয়োজনীয় জৈৱিক তথা ৰাসায়নিক সাৰ মিহলাই লোৱা হয়। তাৰ পাছত ২-৩ ফুট আঁতৰে আঁতৰে মাটিখিনি ওখ কৰি তাত উন্নত মানৰ ৰঙালাউৰ বীজ সিঁচা হয়। বীজ সমূহ দীঘল লানিৰ দৰে সিঁচা হয় আৰু তাৰ কাষতে পানী যোগানৰ বাবে দীঘলীয়া নলা প্ৰস্তুত কৰা হয়। এনেকৈয়ে প্ৰায় 2 মাহ মানৰ পাছত তাত ফুলৰ কলি অংকুৰিত হোৱা দেখা যায় আৰু ভালদৰে লালন পালন কৰাৰ পাছত প্ৰায় ৩ মাহ মানৰ পাছত ফচল লগা দেখিবলৈ পোৱা যায়। এই লাউৰ খেতিত প্ৰচুৰ পৰিমাণে ফল পাবলৈ গা-গছ জোপাত প্ৰথম ১০ৰ পৰা ১২ টা মান পাত ওলওঁতেই কাটিং কৰা হয়, তেতিয়া সেই কটা অংশৰ পৰা অন্য ঠাল ওলাব ধৰে আৰু তাত ভালে পৰিমাণে ফচল ধৰে। এনেকৈয়ে ৰঙালাওৰ খেতি কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰি।

ৰঙালাউৰ সঁচৰ বর্ণনা

১) আর্কা সূর্য্যমুখী :

প্রত্যেক জোপা গছত ৮-১০ টাকৈ ফলধৰে, ফলবোৰ ঘূৰণীয়া সৰু সৰু ১০ কি:গ্রাম ওজনৰ, গাৰ বৰণ গাঢ় কমলাৰঙৰ, মঙহাল, ১০০ দিন মানৰ ভিতৰত পুৰঠ হয় । হেক্টৰে প্রতি ৩৩৫ কুইন্টলমান উত্পাদন হয় । মাখি পোকৰ আক্রমণ প্রতিহত কৰিব পৰা ক্ষমতা থকা ।

২) আর্কা চন্দন:

২ টাৰ পৰা ৩ টা মান প্রতিজোপা গছত ফলধৰা, প্রত্যেকটো ৰঙা লাওৰ ওজন প্রায় ২-৩ কি: গ্রাম, ৰঙালাওটোৰ দুয়োটা মূৰ ভিতৰলৈ সোমোৱা, গাৰ বৰণ সামান্যভাবে হালধীয়া আৰু গাত দাগ থকা, মঙহাল আৰু মিঠা স্বাদৰ, ১২০ দিনৰ ভিতৰত পুৰঠ হোৱা।

মাটি

সাধাৰণতে বালিচঁহীয়া , ওখ পানী নোহোৱা মাটিয়েই ৰঙালাও খেতিৰ বাবে উপযোগী । যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা আলতীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি ।

বীজৰ পৰিমাণ

৬-৮ কি: গ্রাম / হেক্টৰত

সিঁচাৰ সময়

গ্রীষ্ম কালি চপাবৰ বাবে = জানুৱাৰী - এপ্রিল 
বসন্তকালি চপাবৰ বাবে = চেপ্তেম্বৰ - অক্তোবৰ

ব্যৱধান

১) গ্রীষ্ম কালিৰ বাবে = ২.৫ -৩.০ মিটাৰ * ০.৯ -১.০ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ )

২) বসন্ত কালিৰ বাবে = ২.৫ - ৩.০ মিটাৰ * ১.০ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ)

সাৰ প্রয়োগ

হেক্টৰে প্রতি ২০ - ২৫ টন পচন সাৰ, ৭৫ কি: গ্রাম নাইট্রজেন, ৮০ কি: গ্রাম ফছফৰাচ, ৮০ কি:গ্রাম পটাছ সাৰ, ৩০ কি: গ্রাম কেলচিয়াম অক্সাইদ বীজ দিয়াৰ প্রায় ৮-১০ দিনমানৰ আগেয়ে মাটিত প্রয়োগ কৰি লব ।

জলসিঞ্চন

শুকান বতৰত ৮-১০ দিনৰ ব্যৱধানত গছ বোৰত পানী দিয়াৰ ব্যৱস্থা কৰিব ।

শস্যচপোৱা

গছত ৰঙালাওবোৰে হালধীয়াৰ পৰা কমলাৰঙৰ হলেই ছিঙি পেলাব লাগে ।

উৎপাদন

৬৫ - ৭৫ কুইন্টল (সৰু জাত) প্ৰতি হেক্টৰত

১২০-২০০ কুইন্টল (ডাঙৰ জাত) প্ৰতি হেক্টৰত

লগতে পঢ়কঃ অসমীয়া মহিলাই উৎপাদন কৰা ধূপকাঠি আৰু চাবোন উদ্যোগ পৰিদৰ্শন আমেৰিকান সংস্থাৰ

English Summary: It is the right time to start pumpkin cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.