1. এগ্ৰিপেডিয়া

লাভজনক উপাৰ্জনৰ বাবে নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰত আলুৰ জাত নিৰ্ধাৰণ

KJ Staff
KJ Staff
Potato Workshop
Workshop in Krishi Vigyan Kendra, Nagaon

অসমৰ মাটিতো আলু খেতি কৰি লাভজনক উপাৰ্জন কৰিব পাৰে খেতিয়ক সকলে । কিন্তু অসমৰ আলু খেতিয়ক সকলৰ প্ৰধান সমস্যা হৈছে, উৎপাদন বৃদ্ধিৰ বাবে উন্নত জাতৰ বীজৰ চিনাক্তকৰণ । যি সকল খেতিয়কে আলু খেতিৰ বাবে অধিক আগ্ৰহী তেওঁলোকে উন্নত জাতৰ বীজৰ সন্ধানত হাবাথুৰী খাবলগীয়া হয় ।

আলু খেতিয়ক সকলৰ সমস্যাবোৰ দূৰ কৰা উদ্দেশ্যে নগাঁও জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আলু খেতিৰ ওপৰত এক কৰ্মশালাৰ আয়োজন কৰা হয় । উল্লেখ্য যে, নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ  অধীনৰ "অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প"(এপাৰ্ট)ৰ সদস্য সকলে দীৰ্ঘদিনৰ পৰা আলু বীজ উৎপাদন আৰু প্ৰসাৰণৰ বাবে কাম কৰি আহিছে । সেই অনুসৰিয়ে জিলাখনৰ আলু খেতিয়ক সকলৰ সুবিধাৰ্থে এপাৰ্টৰ অধীনত উক্ত কৰ্মশালাখনি আয়োজন কৰা হয় ।

আলু জাত নিৰ্বাচনৰ কৰ্মশালাখনিৰ আঁত ধৰি নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী তথা মুৰব্বী ড°নিৰঞ্জন ডেকাই কয়, ৰাজ্যখনৰ আলু খেতিয়ক সকলে খেতি কৰা সময়ত উন্নত মানৰ বীজৰ সন্ধানত হাবাথুৰী খাবলগীয়া হয় । ইয়াৰ মাজতে নগাঁও জিলাৰ খেতিয়ক সকলে বৰ্তমানে কীট পতংগ প্ৰতিৰোধী নেট হাউচত ৫ পাঁচটা উন্নত জাত আলু খেতি কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগতে ৪০ টাতকৈ অধিক আলু ক্ল'নৰ খেতি কৰিছে ।

ড°ডেকাই আলু বীজৰ সন্দৰ্ভত বাখ্যা কৰি লগতে কয়, কুফ্ৰি সুৰিয়া, কুফ্ৰি পোখৰাজ, লেডি ৰ'চেটা, চিপচ'না-১,  চিপচ'না-৩, য়ুচি মাপ, কুফ্ৰি জ্যোতি আদি আলু জাত নগাঁও জিলাখনত বৰ্তমানে উপলব্ধ । ইয়াৰ লগতে কৃষি বিজ্ঞানী  ড°জে.এচ মিনহাচে কৃষক সকলক আলু খেতিৰ বাবে উদগনি জনাই কয়, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, হিমাচল প্ৰদেশৰ কৃষক সকলে যদি বিঘাত ৬০ কুইণ্টল আলু উৎপাদন কৰিব পাৰে, তেন্তে অসমৰ কৃষক সকলৰ বাবে অসমৰ উৰ্বৰ ভূমিত ই অসম্ভৱ নহয় । মাত্ৰ প্ৰয়োজন উন্নত জাতৰ আলু বীজ আৰু পৰ্যাপ্ত পৰিমাণে পানী যোগান ।

কৰ্মশালাখনিত উপস্থিত থাকে প্ৰকল্পৰ সমন্বয়ক ভাস্কৰ মহন্ত, ড°নিৰ্মল কান্ত শৰ্মা, গৱেষক প্ৰিয়ংকা জেকা,  সহকাৰী প্ৰকল্প বিজ্ঞানী বিষ্ণুজ্যোতি শইকীয়া, গৱেষক দুৰ্ল্লভ শইকীয়া আদি । অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলাখনৰ খেতিয়ক সকলে  আকাৰ, আকৃতি, ৰং, আলুৰ চালৰ গঠন আৰু উৎপাদন ক্ষমতাৰ ভিত্তিত আলু জাত নিৰ্বাচনত ভোট প্ৰদান কৰে ।

লগতে পঢ়কঃ ক'ত কিমান টকা বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য ?

English Summary: Participatory Varietal Selection of Potato Workshop in Nagaon

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.