1. এগ্ৰিপেডিয়া

নেপিয়াৰ ঘাঁহ এবিধ উৎকৃষ্ট পশুখাদ্য, জানো আহক ইয়াৰ কৃষি পদ্ধতি

KJ Staff
KJ Staff
Grass farming
Grass farming

বছৰৰ বাৰমাহেই হোৱা এবিধ উৎকৃষ্ট পশুখাদ্য হৈছে নেপিয়াৰ ঘাঁহ। নেপিয়াৰ ঘাঁহ খেতি সকলো ধৰণৰ মাটিতেই কৰাৰ বাবে উপযুক্ত।

ইয়াৰ খেতি কৰাৰ বাবে মাৰ্চৰ পৰা জুলাই মাহেই হৈছে উৎকৃষ্ট সময়। ইয়াৰ পুৰঠ গছৰ কাটিং পুলি হিচাপে ৰোপণ কৰা হয়। কটা অংশ পুলি হিচাপে ৰোপণ কৰিলে ইয়াৰ এটা কলিৰ গাঁঠি ঠিক কুঁহিয়াৰ ৰোপণ কৰাৰ দৰে মাটিৰ তলত ৪৫ ডিগ্ৰী কোণত ৰোপণ কৰিব লাগে। এই পুলিসমূহৰ দুটিৰ মাজত নব্বৈ ছেণ্টিমিটাৰ ব্যৱধান ৰখা হয় আৰু শিপাৰ মাজত ৰখা ব্যৱধানৰ পৰিমাণ হৈছে ৯৫ ছেণ্টিমিটাৰ। এবিঘা মাটিত চাৰি হেজাৰ পুলি ৰোপণ কৰিব পাৰি।

এক বিঘা মাটিত দহ পোন্ধৰ কুইণ্টল জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ উপৰি প্ৰতি হেক্টৰ মাটিত পয়ত্ৰিশ কিলোগ্ৰাম ইউৰিয়া, ৪৪ কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু সাত কিলোগ্ৰাম পটেছিয়াম ক্ল’ৰাইড (MOP) প্ৰয়োগ কৰিব লাগে । শস্য ৰোপণৰ আগতে আটাইকেইটা উপাদানৰ লগত সমগ্ৰ ইউৰিয়াৰ ১/৪ অংশ প্ৰয়োগ কৰা হয়। বাকী থকা ৩/৪ অংশ ইউৰিয়া প্ৰথম, তৃতীয় আৰু পঞ্চম মাহৰ শেষত পশুখাদ্য কটাৰ পিছত মাটিডৰাত প্ৰয়োগ কৰা হয়।খৰাং মাহকেইটাত খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিলে উন্নতমানৰ পশুখাদ্য লাভ কৰিব পাৰি।

ৰোপণৰ ষাঠি দিনৰ পিছত ইয়াক প্ৰথমবাৰৰ বাবে কটা হয়। ইয়াৰ পিছত প্ৰতি ৪৫ দিনৰ মূৰে মূৰে পশুখাদ্য বা শস্য চপোৱা হয়।ভালদৰে প্ৰতিপালন কৰি এই ঘাঁহ কৰিলে এবিঘা মাটিৰ পৰা আমি প্ৰায় ১৭৫ কুইণ্টল পশুখাদ্য লাভ কৰিব পাৰোঁ।

English Summary: Nepia's grass is a great fodder know its agricultural methods

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.