1. এগ্ৰিপেডিয়া

লাভজনক উৎপাদনৰ বাবে বিন খেতি কেনেকৈ কৰিব ?

KJ Staff
KJ Staff
Google Image
Google Image

দেশৰ সকলো কৃষক সকলে কৰা পাচলি খেতিৰ ভিতৰত আছে বিন খেতিও । বৰ্তমান উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ দৰে বহুতো ৰাজ্যত বৃহৎ পৰিমাণে কৰা হয় বিন খেতি । গতিকে বিন খেতি কেনেকৈ কৰা হয় ? কেনেদৰে এই খেতি কৰিলে লাভজনক উৎপাদন হয় ?  আদি সম্পৰ্ক প্ৰৱন্ধটিত আলোচনা কৰা হৈছে ।

ি খেতিৰ বাবে কিমান সময় লাগে? (How long does it take to grow beans?)

যদি আপুনি বিন খেতি কৰে, তেন্তে আপোনাক এই খেতি কৰিবলৈ ৩ পৰা ৫ মাহ সময়ৰ প্ৰয়োজন হ'ব । কিন্তু এবাৰ এই খেতি সম্পূৰ্ণ হোৱাৰ পিছত, আপুনি এই খেতিৰ পৰা ৩ ৰ পৰা ৪ মাহলৈকে উৎপাদিত ফচল বিক্ৰী কৰিব পাৰিব ।

িন খেতিৰ বাবে কিমান খৰচ হ'ব ?( How much does it cost to cultivate it?)

আপোনাৰ নিজা কৃষিভূমি থাকিলে এই খেতি কম খৰচতে কৰিব পাৰে । প্ৰকৃততে এই খেতিত অন্য খেতিতকৈ কম খৰচতে কৰিব পাৰি । নিজা কৃষিভূমিত বিন খেতি কৰিবলৈ আপোনাৰ খৰচ হ'ব প্ৰতি একৰত ২০ ৰ পৰা ২৫ হাজাৰ ।

িন খেতি কৰিবলৈ জলবায়ু কেনেকুৱা হ'ব লাগে?( What should the climate be like?)

ঠাণ্ডা বতৰত বিন খেতিত লাভজনক উৎপাদন কৰিব পাৰি । এই শস্যৰ খেতিৰ বাবে ১৫ ৰ পৰা ২২ ডিগ্ৰী তাপমাত্ৰা থকাটো প্ৰয়োজনীয় । বিশেষকৈ ঠাণ্ডা জলবায়ুত বিন খেতিৰ কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰে বিজ্ঞানীসকলে ।

িন খেতিৰ বাবে কৃষিভূমি কেনেকুৱা হ'ব লাগে?( What should the land be like?)

ল'মি, মসৃণ আৰু বালিময় মাটি বিন খেতিৰ বাবে ভাল বুলি গণ্য কৰা হয় । কিন্তু মনত ৰাখিব যে, ইয়াৰ পিএইচ(HP)ৰ পৰিমাণ 5.3 ৰ পৰা 6.0 লৈকে থাকিব লাগে ।

িন খেতি কৰাৰ সময়(bean harvest time)

সাধাৰণতে বিন খেতিৰ বীজ আগষ্ট পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কৰা দেখা যায় । উত্তৰ ভাৰতত এই খেতি  ডিচেম্বৰ পৰা ফেব্ৰুৱাৰী মাহত কৰে কৃষক সকলে ।

িবীজৰ পৰিমাণ কিমান হ'ব লাগে?( What should be the quantity of bean seeds?)

বিন খেতিত বীজৰ পৰিমাণৰ বিষয়ে ক'লে, কৃষক সকলকে প্ৰতি হেক্টৰত প্ৰায় 5-7 কিলোগ্ৰাম বীজৰ ৰোপন কৰিব পাৰে ।

িন ৰোপণ কৰাৰ সহজ উপায়(easy way to sow beans)

বিন খেতি কৰিবলৈ লোৱা কৃষি ভূমিত প্ৰথমে বীজ ৰোণৰ বাবে শাৰী বনাওক । ইয়াৰ পাছতে সেই শাৰীবোৰত 2 ৰ পৰা 3 চেণ্টিমিটাৰ গভীৰতাত বীজ ৰোপণ কৰক । বীজবোৰক ৰোগমুক্ত কৰিবলৈ ভেঁকুৰনাশকৰ কৰাতো আপুনি নিশ্চিত কৰিব লাগিব ।

আপোনাৰ বিনৰ বীজটো এসপ্তাহৰ ভিতৰত গজাবলৈ আৰম্ভ কৰিব । যেতিয়া উদ্ভিদ জোপা প্ৰায় 15-20 চেণ্টিমিটাৰলৈ বৃদ্ধি পায় তেতিয়া গছজোপা পৰি নাযাবলৈ বাঁহৰ মাৰিৰে সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰক ।

লগতে পঢ়কঃ ভাৰতৰ কৃষিভূমিত এক শতাংশলৈ হ্ৰাস পাইছে কাৰ্বনৰ পৰিমাণ

English Summary: farmers will earn lakhs if they cultivate beans like this learn the easy way

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.