1. এগ্ৰিপেডিয়া

সোণৰ সমতূল্য হ’ব গোবৰৰ মূল্য! কৃষকসকলৰ পৰা গোবৰ ক্ৰয় কৰিব চৰকাৰে

KJ Staff
KJ Staff
কৃষকসকলৰ পৰা গোবৰ ক্ৰয় কৰিব চৰকাৰে
কৃষকসকলৰ পৰা গোবৰ ক্ৰয় কৰিব চৰকাৰে

কৃষকসকলৰ বাবে আছে এক ভাল খবৰ । এটা বিশেষ পৰিকল্পনা যিয়ে কৃষকসকলক আৰ্থিকভাৱে লাভান্বিত কৰিব । ইয়াৰ জৰিয়তে কৃষকসকল উপকৃত হ'ব কিয়নো তেওঁলোকে গোবৰৰ পৰা মিথেন গেছ তৈয়াৰ কৰিব। এই গেছ গাওঁ সমূহ পোহৰাই তুলিবলৈ ব্যৱহাৰ কৰা হ'ব। বিহাৰ চৰকাৰে এটা গুৰুত্বপূৰ্ণ পৰিকল্পনা লৈ আহিছে। উল্লেখ্য যে, চৰকাৰে গো-পালক সকলৰ পৰা গোবৰ ক্ৰয় কৰি মিথেন গেছ তৈয়াৰ কৰিবলৈ গৈ আছে।

ইয়াক গেছ চিলিণ্ডাৰ হিচাপে ভৰ্তি কৰা হ'ব। ইয়াৰ ফলত, কৃষকসকল উপকৃত হ'ব। বিহাৰৰ প্ৰতিখন জিলাতে মিথেন গেছ প্ৰকল্প স্থাপন কৰা হ'ব। ৰাজ্য চৰকাৰে কৈছিল যে ই শীঘ্ৰেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব। বিহাৰত অধিক সংখ্যক গৰু আছে, সেয়েহে ইয়াত কৃষকসকলে যথেষ্ট লাভান্বিত হ'ব।

মিথেন গেছ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ প্ৰতিখন জিলাতে প্লাণ্ট স্থাপন কৰা হ'ব ।  সেয়েহে সেই জিলাবোৰত গৰু পালকৰ পৰা গোবৰ সংগ্ৰহ কৰাৰ পৰিকল্পনা চলি আছে। ইয়াৰ পৰা কৃষকসকলে কিমান লাভান্বিত হ'ব সেয়া সোনকালেই জনা যাব। ৰাজ্যখনৰ প্ৰতিখন জিলাতে মিথেন গেছ প্ৰকল্প স্থাপন কৰা হ'ব। ৰাজ্য চৰকাৰে কৈছিল যে ই শীঘ্ৰেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব।

ছত্তীশগড় চৰকাৰেও গোবৰ আৰু কৃষিজাত আৱৰ্জনা ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদনৰ পৰিকল্পনা হাতত লৈছে। ইয়াৰ বাবে ছত্তীশগড় চৰকাৰে গোধান ন্যায় আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে কৃষকসকলৰ পৰা গো-মুত্ৰ আৰু গৰু গোৱৰ ক্ৰয় কৰা হ’ব। এই ক্ষেত্ৰত ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (Bhabha Atomic Research Centre)  ছত্তীশগড় চৰকাৰক বিদ্যুৎ উৎপাদন গোট স্হাপনত সহায় কৰিব।

উল্লেখ্য ষে, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কৃষি বিজ্ঞানী, কৃষক, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰস্ৰাৱ প্ৰতিষ্ঠান আৰু কামধেনু বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ সৈতে পৰামৰ্শ গ্ৰহণ কৰি কৃষি খণ্ডত গৰুৰ প্ৰস্ৰাৱৰ বৈজ্ঞানিক আৰু প্ৰণালীবদ্ধতাৰ বাবে এক কাৰ্য পৰিকল্পনা দাখিল কৰিবলৈ  ৰাজ্যৰ মুখ্য সচিব অমিতাভ জৈনক নিৰ্দেশ দিয়ে ।

লগতে পঢ়কঃ দৈনিক ৫০-৫৫ লিটাৰকৈ গাখীৰ দিয়া হাৰধেনু প্ৰজাতিৰ গাই, ক্ৰয় কৰিবলৈ কৰক যোগাযোগ

English Summary: Government buy Cow Dung from Farmers

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.