1. এগ্ৰিপেডিয়া

লাভজনক উপাৰ্জনৰ বাবে এপ্ৰিল মাহত কি কি শস্যৰ বীজ ৰোপণ কৰিব?

KJ Staff
KJ Staff
Most Profitable Crops
Most Profitable Crops

সময় আৰু বতৰ অনুসৰি খেতি কৰিলে সেই শস্যৰ পৰা লাভজনক উৎপাদন আশা কৰিব পাৰি ।  ঋতু অনুসৰি শস্য ৰোপণ কৰিলে সেই শস্যৰ মানদণ্ড আৰু উৎপাদন দুয়োটা বৃদ্ধি পায় । যিহেতু এপ্ৰিল মাহ আৰম্ভ হৈছে । আপুনি এপ্ৰিল মাহত কি শস্যৰ খেতি কৰিব সেই বিষয়ত এই প্ৰৱন্ধটিত আলোচনা কৰা হৈছে ।

হালধি খেতিঃ

হালধি সমগ্ৰ বিশ্বতে উৎপাদন হয় । হালধি হৈছে সকলো মচলাৰ ভিতৰত আটাইতকৈ সচৰাচৰ ব্যৱহৃত মচলা শস্য। ইয়াক সাধাৰণতে ভাৰতৰ-গুজৰাট, মেঘালয়, মহাৰাষ্ট্ৰ, কেৰালা, তামিলনাডু, কৰ্ণাটক, পশ্চিম বংগ, অসম আদিত খেতি কৰা হয় ।

ইয়াৰ মূল্যৰ বিষয়ে ক'লে, বজাৰত ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় 60-100 টকা । উন্নত প্ৰকাৰৰ হালধি হৈছে- ছোনিয়া, গৌতম, ৰশ্মি, সুৰোমা, ৰোমা, কৃষ্ণা, গুন্টুৰ, মেঘা, সুকৰ্ণ, কস্তুৰী, সুৱৰ্ণ, সুৰোমা আৰু সুগনা আদি । এই প্ৰকাৰৰ হালধি খেতি আপুনি এপ্ৰিল মাহত আৰম্ভ কৰিব পাৰে ।

ভেণ্ডি খেতিঃ

এপ্ৰিল মাহত ভেণ্ডি খেতিও আপুনি আৰম্ভ কৰিব পাৰে । যিকোনো প্ৰকাৰৰ মাটি ভেণ্ডি খেতিৰ বাবে উপযুক্ত । বজাৰত প্ৰতিকিলো ভেণ্ডি মূল্য হৈছে প্ৰায় 40-50 টকা। লাভজনম উপাৰ্জনৰ বাবে আপুনি ভেণ্ডি খেতি এপ্ৰিল মাহত আৰম্ভ কৰিব পাৰে ।

মৰিচা শাকৰ খেতিঃ

এপ্ৰিল মাহত আপুনি মৰিচা শাকৰ কেতি আৰম্ভ কৰিব পাৰে । এই খেতিৰ বাবে উৰ্বৰ মাটিৰ প্ৰয়োজন । মৰিচা শাকত প্ৰ'টিন, ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, লো আৰু কেলচিয়াম থাকে । যাৰ ফলত ইয়াক আয়ুৰ্বেদত ঔষধ নিৰ্মাণৰ বাবেও ব্যৱহাৰ কৰা হয়। ই বহুতো ৰোগৰ বাবে নিৰাময় কৰাত সহায় কৰে ।

লাও খেতিঃ

লাও খেতি সাধাৰণতে গ্ৰামাঞ্চলৰ প্ৰত্যেক ঘৰতে কৰা দেখা যায় । লাও পৰা প্ৰ'টিন, কাৰ্বোহাইড্ৰেট, ভিটামিন আদি লাভ কৰিবৱ পাৰি । লাওৱে শৰীৰৰ বিভিন্ন প্ৰকাৰৰ ৰোগ নিৰাময় কৰাত সহায় কৰে । গ্ৰীষ্মকালত লাও মূল্য বজাৰত বহুত বেছি । কিয়নো লাও খালে গ্ৰীষ্মকালত তাপৰ ৰক্ষা পাব পাৰি ।

লাও খেতি সাধাৰণতে এক উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুৰ প্ৰয়োজন হয়। গতিকে আপুনি এপ্ৰিল মাহত লাও বীজ ৰোপণ কৰিব পাৰে ।

লগতে পঢ়কঃ পশুধন বীমা আঁচনিৰ অধীনত ৭০ শতাংশ ৰাজসাহায্য চৰকাৰৰ

English Summary: most profitable crops sown in april

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.