1. এগ্ৰিপেডিয়া

কৃষিৰতা মহিলাসকলৰ দৈনন্দিন আহাৰৰ প্ৰয়োজনীয়তা

KJ Staff
KJ Staff
Women Farmer (Symbolic), Source: Google
Women Farmer (Symbolic), Source: Google

আহাৰ গ্ৰহণৰ প্ৰয়োজনীয়তা প্ৰধানকৈ শাৰিৰীক পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলাসকলে ঘৰুৱা কাম কাজৰ লগতে কৃষিকৰ্মতো পুৰুষসকলৰ দৰে সক্ৰিয়ভাৱে নিয়োজিত হোৱা দেখা যায় । কিন্তু বিভিন্ন ক্ষেত্ৰত মহিলাসকলে শাৰীৰিক পৰিশ্ৰম অনুপাতে গ্ৰহণ কৰিব লগীয় আহাৰৰ পৰিমানৰ বিষয়ে একেবাৰেই সচেতন নহয়। মহিলাসকলে কৰা শাৰীৰিক শ্ৰমৰ লগত আহাৰৰ ওতঃপ্ৰোত সম্বন্ধ আছে। শাৰীৰিক শ্ৰম অনুসৰি সঠিক পৰিমাণৰ আহাৰ গ্ৰহণ নকৰাৰ ফলত আমাৰ মহিলাসকল সঘনাই অপুষ্টিজনিত ৰোগত ভোগা দেখা যায়। এগৰাকী লঘু কাম কৰা গৃহিনাৰ লগত মধ্যমীয় পৰিশ্ৰম কৰা ৰোৱনী-দাৱনী বা অন্যান্য কৃষিকৰ্মত জড়িত মহিলাক খাদ্যৰ পৰিমাণ যে একে নহয় সেইতো সহজেই ধাৰণা কৰিব পাৰি। অৱশ্যে এই ক্ষেত্ৰত আমাৰ গ্ৰাম্য অঞ্চলৰ মহিলা সকলে একেবাৰেই চকু দিয়া  পৰিলক্ষিত নহয় । তেওঁলোকে ঘৰৰ সকলো কাম সামৰি লৰালৰিকৈ পথাৰলৈ যাওঁতে খোৱাৰ প্ৰতি অৱহেলা কৰা দেখা যায় আৰু সঠিক পৰিমাণত খাদ্য গ্ৰহণ নকৰাৰ ফলত শাৰীৰিক অসুস্হতাই দেখা দিয়া পৰিলক্ষিত হয় ।

কৃষি ক্ষেত্ৰত নিয়োজিত মহিলা এগৰাকীক তলত উল্লেখ কৰা পৰিমাণৰ পুষ্টিকৰ দ্ৰব্য দৈনিক প্ৰয়োজন হয়-

শক্তি 

২২৩০ কিঃ কেলৰি

প্ৰ’টিন

৫৫ গ্ৰাম

চৰ্বী বা তেল 

২৫ গ্ৰাম

কেলছিয়াম

৩০০ মিঃ গ্ৰাম

আইৰণ

২১ মিঃ গ্ৰাম

ভিটামিন এ

৬০০ মাইক্ৰ’গ্ৰাম

ভিটামিন চি

৪০ মি গ্ৰাঃ

লগতে পঢ়ক-কৃষিত কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence)- কৃষকৰ বাবে এক নতুন আশীৰ্বাদ

এই সমূহৰ লগতে অলপ পৰিমাণে বি ভিটামিন, মেগনেছিয়াম, জিংক আদি প্ৰয়োজন হয়। ওপৰত উল্লেখ কৰা পৰিমাণত পুষ্টিকৰ দ্ৰব্যসমূহ আহৰণ কৰিবলৈ কৃষিক্ষেত্ৰত জড়িত মহিলা এগৰাকীয়ে দৈনিক সুষম আহাৰ গ্ৰহণ কৰাটো অতিকৈ আৱশ্যকীয়। তেখেতে দৈনিক নিৰ্ধাৰিত পৰিমাণৰ সকলো খাদ্য গোটেৰে খাদ্য গ্ৰহণ কৰিব লাগে। সেই সমূহ তলত উল্লেখ কৰা হ’ল-

 

খাদ্য গোট

পৰিমাণ দৈনিক

চাউল বা আটাজাতীয় খাদ্য

৩৩০ গ্ৰাম

দাইল বা মাহজাতীয় খাদ্য

৭৫ গ্ৰাম

গাখীৰ বা গাখাৰেৰে তৈয়াৰী খাদ্য

৩০০ গ্ৰাম

আলুজাতীয় পাচলি

২০০ গ্ৰাম

সেউজীয়া শাক-পাচলি

১০০ গ্ৰাম

অন্যান্য পাচলি

২০০ গ্ৰাম

ফলমূল

১০০ গ্ৰাম

চেনী

৩০ গ্ৰাম

চৰ্বী

২৫ গ্ৰাম

 

উৎসঃ Dietary Guidelines for Indians, NIH Hyderabad

অমিষসকলে এসাজত দাইলৰ পৰিৱৰ্তে ৫০ গ্ৰাম কণী, মাছ মাংস অন্তৰ্ভূক্ত কৰিব পাৰে ।

ওপৰত উল্লেখিত খাদ্য তালিকাৰ পৰা দেখা গৈছে যে চাউল বা আটাজাতীয়, দাইল বা মাহজাতীয় খাদ্যৰ লগতে মহিলাসকলক দৈনিক যথেষ্ট পৰিমাণৰ শাক-পাচলিৰ প্ৰয়োজন হয় । কিয়নো চাউল বা আটাজাতীয় খাদ্যৰ পৰা প্ৰয়োজনীয় শক্তি, দাইল বা মাহজাতীয় খাদ্যৰ পৰা প্ৰয়োজনীয় প্ৰ’টিন আহৰথণ কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তুলিবৰ বাবে দৈনিক যথেষ্ট পৰিমাণে শাক পাচলি আহাৰত অন্তৰ্ভুক্ত কৰাটো অতিকৈ প্ৰয়োজনীয়। আমি সকলোৱেই জানো যে আহাৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন আৰু খনিজ লৱণ নাথাকিলে  বিভিন্ন অভাৱজনিত ৰোগে দেখা দিয়ে। ফল মূল আৰু শাক-পাচলি ভিটামিন আৰু খনিজ লৱণৰ প্ৰধান উৎস। ইয়াৰ উপৰিওঁ শাক-পাচলি আৰু ফল মূলত থকা এণ্টি অক্সিডেণ্ট আৰু আঁহজাতীয় উপাদানে বহুতো দুৰাৰোগ্য প্ৰতিৰোধ কৰাটো সহায় কৰে। ফলমূলৰ ক্ষেত্ৰত আমি বজাৰমূখী নহৈ আমাৰ গ্ৰাম্য অঞ্চলত বতৰত উভৈনদীকৈ উৎপাদিত- মধুৰী, আম, কঠাল, আমলখি, অমৰা, কৰদৈ, ৰবাব টেঙা, অমিতা আদিৰ পৰাই দৈনন্দিন প্ৰয়োজন পূৰাব পাৰে ।

ইয়াৰ উপৰিও অঞ্চলভেদে আৰু কৰ্মভেদে মহিলাসকলক ৰক্তহীনতাত ভোগা দেখা যায়। মহিলাসকলৰ ৰক্তহীনতাত ভোগাৰ ফলত বহুতো শাৰীৰিক বিসংগতিত ভোগা দেখা যায় যেনে- দুৰ্বলতা, ভোক নলগা, শৰীৰৰ ৰং শেতা পৰা, বুকৰ ধপধপনি বাঢ়ি যোৱা, মূৰৰ বিষ, সোনকালে ভাগৰ লগা, নিদ্ৰাহীনতা আদি। এই লক্ষণসমূহে শৰীৰত দেখা দিয়াৰ ফলত মহিলাসকলৰ কাম কৰাৰ ক্ষমতা হ্ৰাস পায়। মহিলাসকলে সঘনাই ভোগা এই ৰক্তহীনতা প্ৰতিৰোধ কৰাৰ বাবে আহাৰ আইৰণ সমৃদ্ধ হোৱাটো অতি প্ৰয়োজনীয়। দৈনিক আহাৰত সেউজীয়া শাক-পাচলি, শুকান ফল মূল, মাছ-মাংস আদি সন্নিবিষ্ট কৰি ৰক্তহীনতা দূৰ কৰিব পাৰি। আইৰণৰ দৰেই মহিলাসকলৰ বাবে কেলছিয়ামো অত্যন্ত প্ৰয়োজনীয়। দেহত কেলছিয়ামৰ অভাৱে মহিলাসকলৰ হাড় ঠুনুকা হোৱা পৰিলক্ষিত হয়। এই সমস্যাৰ পৰা হাত সৰিবলৈ দৈনন্দিন থআহাৰত কেলছিয়ামযুক্ত আহাৰ অন্তৰ্ভূক্ত কৰিব লাগে যেনে গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্য- দৈ, পনীৰ, মিঠাই আদিৰ লগতে যথেষ্ট পৰিমাণে সেউজীয়া শাক-পাচলি ।

ঘৰ এখন নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত মহিলাগৰাকীৰ ভূমিকা অভূতপূৰ্ব। অতীজৰে পৰা আমাৰ গাৱলীয়া মহিলা সকলে পুৰুষৰ সমানে কৃষিক্ষেত্ৰত নিয়জিত হৈ আহিছে। তেওঁলোকে ঘৰৰ কাম কাজ সমূহ সুকলমে সমাধা কৰাৰ উপৰিও গৰু, ছাগলী, হাঁহ, কুকুৰা আদি পোহ-পাল দি ঘৰখনৰ অৰ্থনৈতিক দিশটো টনকিয়াল কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গতিকে মহিলাগৰাকী সু স্বাস্হ্যৰ অধিকাৰী হব পাৰিলেহে কৃষি-কাৰ্যৰ লগতে আন আন ঘৰুৱা কামত নিজকে সফলভাৱে নিয়োজিত কৰিব পৰিব। আমি সকলোৱেই জানো যে সুষম আহাৰেই হৈছে সু স্বাস্হ্যৰ আধাৰ । গতিকে কৃষি কৰ্মত জড়িত এই যথেষ্ট পৰিশ্ৰমী মহিলাসকলে দৈনিক প্ৰয়োজনীয় সুষমত্ব আহাৰ গ্ৰহণ কৰি নিজৰ লগতে গোটেই ঘৰখনৰ কাৰ্যক্ষমতা অটূত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

লগতে পঢ়কঃ মুহুৰ্তৰ ভিতৰতে গছ বগাব পৰা এখন বিশেষ স্কুটাৰ, জানক এইখন আবিস্কাৰৰ আঁৰৰ কাহিনী

লেখিকাঃ মৃদুস্মিতা বৰঠাকুৰ,

বিষয় বস্তু বিশেষজ্ঞ,

কৃষি বিজ্ঞান কেন্দ্ৰ, গোলাঘাট

ফোন নম্বৰঃ ৯৪০১২৫৫৮৪৫

English Summary: Agronomy Women's Daily Diet Needs

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.