Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 15 December, 2022 1:04 PM IST
Millet

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত, ভাৰত চৰকাৰে দিয়া প্ৰস্তাৱ গ্ৰহণ কৰি ২০২৩ বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চিৰস্থায়ী উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই মিলেট বৰ্ষ পালনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ ওলাইছে। মিলেট হ’ল ঘাঁহজাতীয় খাদ্যশস্য। ক্ষুদ্ৰ ক্ষুদ্ৰ দানাৰে ভৰ্ত্তি মিলেট হ’ল পুষ্টিৰ ভঁৰাল আৰু চাউল আৰু ঘেহুঁতকৈ বেছি পুষ্টিকাৰক।

দানাবোৰ ঘূৰণীয়া আকাৰৰ। বৰ্তমান দলবায়ু পৰিৱৰ্তন আৰু জীৱনশৈলী পৰিৱৰ্তনৰ বাবে বাঢ়ি অহা বেমাৰৰ পৰিপ্ৰেক্ষিতত মিলেট খেতিৰহ গুৰুত্ব বৃদ্ধি পাইছে। প্ৰাগঐতিহাসিক যুগৰপৰাই মিলেটৰ খেতি চলি আহিছে আৰু মহেঞ্জোদাৰো, হৰপ্পা আদিৰ খনন কাৰ্যতো মিলেট খেতিৰ প্ৰমাণ পোৱা গৈছে।

মিলেটৰ গুণাগুণ

প্ৰাচীন প্ৰথাত মিলেটৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণেও ব্যৱহাৰ হৈ আহিছে। মিলেটে হজম শক্তি বৃদ্ধি কৰে, ভোক বৃদ্ধি কৰে, তেজত হোৱা মৌলৰ অভাৱ ৰোধ কৰে আৰু প্ৰসূতিৰ গাখীৰ বৃদ্ধি কৰে।

চাউল আৰু ঘেঁহুৰ তুলনাত বেছি বেছি আঁহযুক্ত হোৱাৰ বাবে মিলেটে তেজত গ্লুক’জৰ পৰিমাণ হ্ৰাস কৰি মধুমেহ ৰোগৰ দৰৱৰ কাম কৰে আৰু লগতে হজম শক্তি নিয়ন্ত্ৰণ কৰে। ফলত মিলেট খালে বহু দেৰিলৈকে নোখোৱাকৈ থাকিব পাৰি।

এইবোৰৰ উপৰি মিলেট বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ উৎস। বিশেষকৈ মিলেটত প্ৰ’টিন, কেলছিয়াম, মেগনেছিয়াম, লৌহ পদাৰ্থ, জিংক, ভিটামিন B6, নিয়ামিন, ফলিক এচিড আদিৰ উৎকৃষ্ট উৎস।ইয়াত থকা লিগ্নানছ নামৰ পদাৰ্থই স্তনৰ কেঞ্চাৰ আৰু হৃদযন্ত্ৰৰ ৰোগো প্ৰতিৰোধ কৰে। চাউল আৰু মিলেটৰ পুষ্টিৰ তুলনা তলৰ তালিকাত অধিক স্পষ্ট হ’ব।

তালিকা ১ঃ চাউল আৰু মিলেটৰ পুষ্টিগত তুলনা

পুষ্টিকাৰক পদাৰ্থ

চাউল

মিলেট

শক্তি

১৩০ কিলো কেল’ৰি

১৯  কিলো কেল’ৰি

প্ৰ’টিন

২.৬৯ গ্ৰাম

৩.৫১ গ্ৰাম

চৰ্বি

০.২৮ গ্ৰাম

১ গ্ৰাম

শৰ্কৰা

২৮.২  গ্ৰাম

২৩.৭ গ্ৰাম

আঁহ

০.৪  গ্ৰাম

০.৩  গ্ৰাম

ভিটামিন E

০.০৪ মিলিগ্ৰাম

০.০২  মিলিগ্ৰাম

ভিটামিন B6

০.০৯  মিলিগ্ৰাম

০.১  মিলিগ্ৰাম

কেলচিয়াম

১০  মিলিগ্ৰাম

৩  মিলিগ্ৰাম

লৌহ পদাৰ্থ

১.২  মিলিগ্ৰাম

০.৬৩  মিলিগ্ৰাম

জিংক

০.৪৯  মিলিগ্ৰাম

০.৯১  মিলিগ্ৰাম

ছ’ডিয়াম

১  মিলিগ্ৰাম

২  মিলিগ্ৰাম

মেগনেছিয়াম

১২  মিলিগ্ৰাম

৪৪  মিলিগ্ৰাম

ভিটামিন B12, A আৰু K

নাই

ক্ষুদ্ৰ পৰিমাণ

মিলেটৰ প্ৰকাৰঃ

সাধাৰণতে অনেক প্ৰকাৰৰ মিলেট আছে যদিও মূলতঃ ৭ প্ৰকাৰৰ মিলেট আছে।

তালিকা ২ঃ মিলেটৰ প্ৰকাৰ

ইংৰাজী নাম

সাধাৰণ নাম

অসমীয়া/বাঙালী নাম

পাৰ্ল মিলেট

বাজ্ৰা

বাজ্ৰা

ফক্সটেইল মিলেট

কাংগনি

কাওন

কোডো মিলেট

কোডেন

কোডো

লিটল মিলেট

কুটুকি

চামা

বাৰ্নয়াৰ্ড মিলেট

ঝাংগোৰা

শ্যামা

চৰ্ঘাম

জোৱাৰ

জোৱাৰ

ফিংগাৰ মিলেট

মুণ্ডুৱা

মাৰোৱা

 

লগতে পঢ়কঃ https://asomiya.krishijagran.com/news/biosecurity-measures-in-a-farm/

লেখক- ড০ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য্য

English Summary: International Millet year 2023
Published on: 15 December 2022, 12:50 IST