১. বানপানীঃ
ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুয়োটা উপত্যকাৰ ৰাইজৰ প্ৰাণকেন্দ্ৰ, যিহেতু ভাৰতীয় সভ্যতা নদীমাতৃক। ৫০ খনতকৈ অধিক উপনদীৰে বিস্তৃত অসমত নদীসমূহ যিদৰে অপৰ্যাপ্ত জলসম্পদৰ সমল, সেইদৰে মানৱসৃষ্ট দুষ্ট পৰিবেশৰ বাবে সাম্প্ৰতিক সময়ৰ দুৰ্গতিৰো উৎস হিচাপে দেখা দিছে। ১৯৫০ চনৰ পিছৰ বছৰবোৰৰ তথ্যৰ পৰা দেখা গৈছে যে গড় হিচাপে প্ৰতি বছৰে অসমত ৯.৫১ লাখ হেক্টৰ মাটি বানপানীৰ দ্বাৰা আক্ৰান্ত আৰু এয়া সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ বানাক্ৰান্ত মাটিকালিৰ ১০.২ শতাংশ। প্ৰতি বছৰে তিনি-চাৰিবৰকৈ অহা বানপানীয়ে গড়ে ২০০ কোটি টকাৰ ক্ষতি সাধন কৰে। এই ক্ষতিৰ সৰ্বোচ্চ পৰিমাণ ২০০৪ চনত আছিল ৭৭১ কোটি টকা।
অসমৰ বাহিৰে পুৰ্বোত্তৰৰ সকলো ৰাজ্য পাহাৰীয়া হোৱা বাবে উচ্চ হাৰৰ বৰষুণৰ পানী নিষ্কাষণৰ পথ একমাত্ৰ অসম হোৱাত প্ৰতি বছৰে অসম প্লাৱিত হয়। এই বছৰ (২০২২ চনত) মাৰ্চ মাহৰ পৰা মে মাহলৈ সাধাৰণ বৰষুণতকৈ ৬২ শতাংশ অধিক বৰষুণ হোৱাৰ ফলত মুঠ ৩৫ খন জিলাৰ ৩৩ খনেই বানৰ কবলত পৰে। ৪.২ নিযুততকৈ অধিক লোক আৰু ১,০০,৮৭০ হেক্টৰ কৃষিভূমি ২০ জুনৰ ভিতৰতে বানৰ কৱলত পৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্হাপনা প্ৰাধিকৰণৰ তথ্য মতে এই বছৰ প্ৰায় ৩৬ লাখ হেক্টৰ মাটি প্লাৱিত হোৱাৰ উপৰিও প্ৰায় ৬০,০০০ জীৱ জন্তু উটি গৈছে। সৰ্বমুঠ ৭৮.৫ লাখ হেক্টৰ ভূমি মুঠ ভূমিৰ ৩১.০৫ লাখ হেক্টৰ অৰ্থাৎ ৪০ শতাংশ ভূমিয়েই বানাক্ৰান্ত হোৱাৰ সম্ভাৱনা থকা বুলি ৰাষ্ট্ৰীয় বান আয়োগে প্ৰকাশ কৰিছে। শেহতীয়াকৈ অসম চৰকাৰে বিধান সভাত দিয়া তথ্য অনুসৰি এই বেলিৰ বানত ২.৪ লাখ হেক্টৰ মাটিৰ প্ৰায় ১০০০ কোটি টকাৰ শস্য নষ্ট হৈছে।
জলবায়ু পৰিবৰ্তনৰ লগে লগে অসমৰ বান সমস্য ক্ৰমাৎ আৰু বেছি বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। বেছিভাগ নদীয়েই হিমালয়ৰ বৰফৰ পানী পুষ্ট। জলবায়ু পৰিবৰ্তনৰ ফলত তাপমাত্ৰা বৃদ্ধি পাবলৈ লোৱাত হিমপ্ৰবাহ বাঢ়ি গৈ নদীবিলাক বাৰিষা পৰিপূৰ্ণ হৈ থাকে। তাৰ ওপৰত অতিৰিক্ত বৰষুণৰ ফলত নদীৰ বহন ক্ষমতা অতিক্ৰমী মথাীউৰি ভাঙি সঘনাই বানপানী হোৱাৰ সম্ভাৱনা বাঢ়ি আহিছে। বৰ্ধিত জনসংখ্যাৰ লগে লগে বাসস্হান আৰু কৃষি উৎপাদন বৃদ্ধি হোৱা স্বাভাৱিক। অসমক আগুৰি থকা ৰাজ্যসমূহৰ পাহাৰবোৰ কটাৰ ফলত ভূমিৰ ক্ষয়ীকৰণ বাঢ়ি আহিছে। পাহাৰৰ পৰা বাগৰি অহা পানীৰ লগত অহা বালি আৰু পলসে অসমৰ ভৈয়ামৰ নদীপৃষ্ঠ ক্ৰমাৎ উচ্চ কৰি তুলিছে আৰু নদীসমূহৰ বহন ক্ষমতা কমি যোৱাৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি বানপানীৰ সৃষ্টি কৰে। বৰ্ধিত ৰাস্তা ঘাটৰ বাবে পাহাৰ কটা, খনন কাৰ্য, হাবি বননি ধ্বংস কৰা আদি কাৰ্যই বানপানীৰ তাণ্ডৱ বৃদ্ধি হোৱাত অৰিহণা যোগাইছে। পাহাৰত চলা জুম খেতিৰ ক্ৰম জনসংখ্যা বৃদ্ধিৰ বাবে ৩ বছৰলৈকে কমি আহিও ভূমি ক্ষয়ীকৰণত আৰু নদীৰ পৃষ্ঠভূমি বাম হোৱাত সহায় কৰিছে। অসমৰ ভৈয়াম এলেকাতো অবাধে অবৈজ্ঞানিক ভিত্তিত গৃহ আৰু পথ নিৰ্মানেও প্ৰাকৃতিক জলাশয়সমূহ সংকুচিত কৰি বৰষুণৰ পানী ধাৰণৰ ঠাই কমাই আনি বানপানীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিত সহায় কৰিছে। মুঠৰ ওপৰত বানপানীৰ ভয়ৱহতাক সভ্যতাৰ সংকট আখ্যা দিব পাৰি।
২.দুৰ্যোগঃ
এনে পৰিস্হিতি নিসন্দেহে বানপীড়িত অঞ্চলৰ কৃষকসকলৰ আয় খাদ্য আৰু পৰিপুষ্টিৰ বাবে ভয়ংকৰ দুৰ্য়োগ। অসমত ৮৬ শতাংশ কৃষক ক্ষুদ্ৰ আৰু উপান্ত পৰ্যায়ৰ। কৃষিত পুঁজি বিনিয়োগৰ নুন্যতম সামৰ্থৰে কৃষকে নষ্ট হোৱা কৃষিতে গাঠিৰ ধন শেষ কৰিলে। নতুনকৈ কৃষি আৰম্ভ কৰাৰ সামৰ্থ প্ৰায় ৬৩ শতাংশ উপান্ত কৃষকৰে নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে মূল শালি খেতিৰ কঠিয়া আৰু ৰোৱা নিৰ্মূল হোৱাত এই সকল কৃষক তীব্ৰ সংকটত পৰিছে। হাতত থকা ধন আৰু বীজখিনিও শেষ হ’ল।
লগতে পঢ়ক-ষ্ট্ৰ'ব্ৰেৰী খেতিৰে স্বাৱলম্বী ছয়গাঁৱৰ অনুপমা বড়ো, দৈনিক ২০০০ টকা উপাৰ্জন!
এয়া হ’ল আগতীয়া বানত উদ্ভৱ হোৱা পৰিস্হিতি। কিন্তু বানপানী যে আগতীয়া হৈ থাকিব তাৰ কোনো নিশ্চয়তা নাই । আগৰ বছৰবোৰৰ তথ্যই প্ৰমাণ কৰে যে সচৰাচৰ অসমত ১৫ মেৰ পৰা ১৫ চেপ্তেম্বৰৰ ভিতৰত যিকোনো সময়তে বানপানী হ’ব পাৰে। আগতীয়া বানৰ ক্ষেত্ৰত নতুনকৈ শালিধান ৰোৱাৰ ব্যৱস্হা সম্ভৱ, কিন্তু শেহতীয়া বানপানীৰ ক্ষেত্ৰত শালিধান ৰোৱাৰ সময় নাথাকে। পৰিয়ালৰ খাদ্য নিৰাপত্তাৰ বাবে বানপীড়িত কৃষকসকলে বিকল্প শস্য প্ৰণালীৰ বাবেও প্ৰস্তুত থাকিব লাগিব। চৰকাৰী সাহাৰ্য সদায় ক্ষন্তেকীয়া হয়। গতিকে কৃষকে অন্তত বানৰ আশংকা থকা অঞ্চলৰ বাবে বিকল্প শস্য প্ৰণালী থিক কৰি তাৰ বাবে বীজ আদিৰ ব্যৱস্হা কৰি ৰাখিব লাগিব। বানপানীৰ লগত তাল মিলাই কৃষি আৰু শস্য প্ৰণালীৰ ব্যৱস্হা থাকিলে বানপানীয়ে কৰা লোকচানৰ ক্ষতিপূৰণ কৰিব পাৰি।
৩. সময় সাপেক্ষ শস্য প্ৰণালীঃ
বানপানীৰ কবলত পৰিব পৰা অঞ্চলসমূহত সম্ভাব্য কৃষিৰ ক্ষতি হ্ৰাস কৰিব পৰাকৈ শস্যপ্ৰণালীৰ পৰিবৰ্তন আৰু ভিন্নতা অতীব প্ৰয়োজনীয়। ভূৱেনশ্বৰত থকা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ জল ব্যৱস্হাপনা অনুষ্ঠানে বিহাৰৰ বান পীড়িত অঞ্চলত ধানখেতিৰ বিকল্প হিচাপে বাৰিষাৰ পিছত শস্য প্ৰধানকৈ গোমধান, মছুৰ, সৰিয়হ, বেঙেনা, বিলাহী, তিয়হ, বন্ধাকবি আৰু ফুলকবি শস্য পৰিকল্পনাত অন্তৰ্ভূক্ত কৰাৰ ফলত অকল গোমধানৰ পৰা প্ৰতি হেক্টৰ মাটিত ১৬,৭০০ টকাকৈ লাভ হোৱা বুলি প্ৰকাশ কৰিছে। বিভিন্ন পাচলি যেনে বেঙেনা, বিলাহী, তিয়হ, বন্ধাকবি আৰু ফুলকবি বানপানীৰ পিছত ৰৰোপণ কৰি ৩৩,২০০ ৰ পৰা ৩৭,৭০০ টকালৈকে লাভ কৰাৰ তথ্য প্ৰকাশ কৰিছে।
সময়োচিত শস্য প্ৰণালী আৰু ৰোৱাৰ সময়, বানপানীৰ দ্বাৰা হব পৰা ক্ষতিৰ পৰিমাণ কমোৱাৰ এক উত্তম কৌশল। বানপানীৰ সময়ত আৰু অনিশ্চয়তাৰ বিপৰীতে কৌশলগতভাৱে শস্য প্ৰণালীৰ ভিন্নতা পৰিকল্পনাত অন্তৰ্ভূক্ত কৰা উচিত। বানপীড়িত কৃষকে বহু পৰিমাণে শস্য প্ৰমালীৰ ভিন্নতা গ্ৰহণ কৰি লোৱাও প্ৰমাণিত হৈছে। অসম বিশ্ববিদ্যালয়ে চলোৱা এক জৰীপৰ(২০১৪)ফলত দেখা গৈছে যে বাৰিষা কালত বানপানীৰ প্ৰকোপ অনুপাতে খাদ্য শস্যৰ মাটিকালি কমি গৈছে আৰু খৰালি কালৰ শাদ্য শস্য আৰু পাচলি খেতি বাঢ়ি গৈছে (তালিকা)। এনেকুৱা শস্য প্ৰমালীৰ বিৱৰ্তন ১৯৯৫-৯৬ চনৰ পৰা স্পষ্টভাৱে দেখা গৈছে। ইয়াৰ মূল কাৰণ হ’ল বহুল পৰিমাণে অগভীৰ নলীনাদৰ দ্বাৰা জলসিঞ্চনৰ ব্যৱস্হা।
মে মাহৰ মাজভাগৰ পৰা ছেপ্তেম্বৰ মাহৰ মাজ ভাগলৈকে মুঠ চাৰি মাহ সময় বানৰ সময় বুলি ধৰি ললে কৃষকৰ হাতত খেতিৰ বাবে ৮ মাহ সময় থাকে। জলসিঞ্চনৰ ব্যৱস্হা থকা অঞ্চলত এই সময়ছোৱাত শালিধানৰ বিকল্প খেতিৰ সমস্যা নাই যদিও বেছিভাগ ঠাইতে জলসিঞ্চনৰ ব্যৱস্হা নথকাৰ বাবে মাটিত থকা জীপ আৰু প্ৰাক মৌচুমী বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিও দুটা খেতি কৰি শালি খেতিতকৈ বেছি লাভ পাব পাৰি। শিলচৰৰ অসম বিশ্ববিদ্যলয়ৰ জৰীপত এই কথা স্পষ্টভাৱে দৃশ্যমান।
লগতে পঢ়ক-তামুলপুৰৰ মৌচুমী ফলৰ খেতিয়ক লক্ষেশ্বৰৰ কথাৰে
শস্য প্ৰণালীৰ ওপৰত চলোৱা গৱেষণাৰ ভিত্তিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা অনুমোদন কৰা শস্য প্ৰণালীসমূহ ২ নং তালিকাত দেখুওৱা হৈছে। এয়া অৱশ্যে কেৱল আৰ্হিহে। পৰিস্হিতি অনুযায়ী ইয়াৰ যিকোনো শস্য প্ৰণালী গ্ৰহণ কৰিব লাগিব।
বানপানীৰ প্ৰকাৰ আৰু প্ৰকোপ অনুযায়ী কৰিব পৰা শস্য প্ৰমালী সমূহ এনেধৰণৰ-
বৰষুণ নিৰ্ভৰ অঞ্চলঃ
আগতীয়া বানঃ
ক্ষতিপূৰণৰ সম্ভাৱনীয়তা থাকে। শেহতীয়া শালি (বুঢ়া কঠিয়া ৰুৱ পৰা জাত)-মটৰ/সৰিয়হ-পাচলি
শেহতীয়া শালি (হ্ৰশ্বম্যাদী জাত যেনে-দিচাং)-সৰিয়হ/মছুৰ/পাচলি
শেহতীয়া বানঃ
খাদ্য শস্য বিনষ্ট হয় আৰু অকল ৰবি শস্য সম্ভৱ।
ৰবিশস্য (আলু, সৰিয়হ, মছুৰ, মটৰ, পাচলি, তিচি)-মৰাপাট/আগতীয়া সিঁচা আহু
খৰালি পাচলি-গ্ৰীষ্মকালীন পাচলি
ৰবি শস্য-গ্ৰীষ্মকালীন পাচলি
সাধাৰণ সময়ৰ বানঃ
বাৰিষাৰ নিয়মীয়া বানৰ আগে পিছে দুই তিনিটা শস্য ল’ব পাৰি।
খাৰিফ-মাটি/মগুমাহ-ৰবিশস্য (আগতে উল্লেখ কৰা)
খাৰিফ মাহ-ৰবিশস্য- হ্ৰস্বম্যাদী আগতীয়া আহু (সিঁচা)
খাৰিফ মাহ-ৰবি শস্য- গ্ৰীষ্মকালীন মগু/মাটিমাহ-ৰবিশস্য-গ্ৰাষ্মকালীন পাচলি
খৰালি পাচলি-আগতীয়া আহু (সিচাঁ)
খৰালি পাচলি-গ্ৰীষ্মকালীন পাচলি
জলসিঞ্চন থকা অঞ্চলঃ
জলসিঞ্চনৰ ব্যৱস্হা থকা অঞ্চলত বানপানীৰ সময়ছোৱা খেতি নকৰাই যুগুত। অৱশ্যে কাচিৎ বান হোৱা অঞ্চলত শালি খেতি বিপদৰ আশংকা থাকিলেও কৰিব পাৰে। জলসিঞ্চন থকা ঠাইত যিকোনো জাভজনক খেতি কৰিব পাৰে। বিশেষকৈ আগতীয়া আৰু শেহতীয়া পাচলি, গোমধান, আলু, সৰিয়হ, আগতীয়া আলু আদি ক্ৰম অনুসাৰে কৰিব পাৰি। উচ্চ দাম পাবলৈ কেপচিকাম, ভেন্দি, বিলাহী, বীন আদি আগতীয়াকৈ লগালে লাভ পাব। খাদ্য নিৰাপত্তাৰ বাবে বৰো ধান বা আগতীয়া আহুধান কৰিব। তাৰ আগত আগতীয়াকৈ পাচলি খেতি কৰিলে শালি খেতি নকৰাৰ ক্ষতি পূৰণ হৈ যাব।
এই শস্য প্ৰণালীবোৰৰ বাবে বানপীড়িত কৃষক আগতীয়াকৈ সাৱধান হৈ থাকিব লাগিব। বিশেষকৈ সময়ৰ আগতে উপযুক্ত বীজ সংগ্ৰহ কৰি ৰাখিব লাগিব।
বানপীড়িত অঞ্চলৰ বাবে উপযোগী শস্য প্ৰণালীঃ