1. এগ্ৰিপেডিয়া

বীজ সিঁচিলেনে? মাহখেতিৰ বাবে এয়াই উপযুক্ত সময়

Mrigakshi Phukan
Mrigakshi Phukan
মাহখেতিৰ বাবে উপযুক্ত সময়
মাহখেতিৰ বাবে উপযুক্ত সময়

আহিন মাহটো কৃষকৰ বাবে গুৰুত্বপূৰ্ণ সময়। বিশেষকৈ যিসকল লোকে মাহখেতি কৰিব বিচাৰে তেওঁলোকে ভাদৰ শেষ আৰু আহিনৰ প্ৰথম দিনকেইটাৰ গুৰুত্ব অপৰিসীম। মাহ খেতিৰ বাবে এই দিনকেইটা উত্তম বুলি ধৰা হয়।

ভাদ মাহৰ শেষৰ চাৰিদিন আৰু আহিন মাহৰ প্ৰথম চাৰিদিন মণ্ড আৰু মাটিমাহৰ বীজ সিঁচাৰ উপযুক্ত সময়। অসমত মগু আৰু মাটি মাহৰ খেতি ফলপ্রসূভাৱে কৰিব পৰা যায়।

উন্নত কৃষি পদ্ধতি অৱলম্বন কৰি এই খেতি কৰিলে কেৱল ৩ মাহমানৰ ভিতৰতে বিঘাই প্রতি ডেৰ কুইণ্টলতকৈয়ো অধিক মাহ উৎপাদন কৰিব পৰা যায়। ইয়াৰ মূল্য বৰ্তমান বজাৰত ৮ হাজাৰ টকাৰো অধিক। মগুমাহৰ উন্নত জাতসমূহৰ ভিতৰত আছে টি ৪৪, কপাৰগাঁও, কে ৮৫১, এম এল ৫৬। আনহাতে আৰু মাটি মাহৰ উন্নত জাতৰ ভিতৰত টি ৯, টি ২৭, পণ্ট ইউ ১৯ আদি অসমৰ বাবে উত্তম। এই খেতিৰ বাবে বালিচহীয়া পলসুৱা মাটি উৎকৃষ্ট মানৰ। মণ্ড আৰু মাটিমাহৰ বীজ সিঁচিবৰ বাবে মাটিডৰা ২-৩ চাহ হালবাই প্রস্তুত কৰি উলিয়াব লাগে আৰু পানী ওলাই যোৱাৰ সুবিধা থাকিব লাগে। পথাৰৰ মাটি অধিক টেঙাগুণযুক্ত হ’লে মাটি পৰীক্ষা কৰি নির্ধাৰিত পৰিমাণত কৃষিচুণ প্রয়োগ কৰিলে মাটিৰ টেঙা গুণ কমে আৰু উৎপাদন বাঢ়ে। এবিঘা মাটিৰ বাবে ৬ কুইণ্টলমান পচনসাৰ, ৪.৫ কিল’গ্রাম ইউৰীয়া আৰু ৩০ কিল’গ্ৰাম ছুপাৰ ফচফেটৰ লগতে ৩ কিল’গ্রাম মিউৰিয়েট অব পটাছ সাৰ প্রয়োগ কৰিবলৈ কৃষি বিজ্ঞানীসকলে অনুমোদন জনাইছে।

ৰাসায়নিক সাৰৰ বিকল্প হিচাপে আজিকালি বিভিন্ন জৈৱিক সাৰ প্রয়োগ কৰিব পৰা গৈছে। মণ্ড আৰু মাটিমাহৰ খেতিতো জীৱাণুসাৰ প্রয়োগ কৰি ইউৰিয়া সাৰৰ মাত্রা হ্রাস কৰিব পাৰি। সিঁচাৰ আগতে বীজখিনিত এনে জীৱাণুসাৰ প্রয়োগ কৰিলে শস্যৰ গজন আৰু বাঢ়ন শক্তি অটুট থাকে আৰু তেতিয়া প্রতিবিঘা মাটিত ৩ কিল’গ্রাম পৰিমাণত ইউৰিয়া সাৰ প্রয়োগ কৰিব লাগে। জীৱাণুসাৰৰ পেকেট বজাৰত বিভিন্ন নামত কিনিবলৈ পোৱা যায়। প্রথমে বীজখিনি পৰিষ্কাৰ পানীত তিয়াই লৈ তাত জীৱাণুসাৰখিনি ভালদৰে মিহলাব লাগে যাতে প্ৰতিটো বীজতে জীৱাণুসাৰৰ প্রলেপ পৰে। তাৰ পিছত বীজখিনি কাপোৰ অথবা বস্তাত মেলি ছাঁ পৰা ঠাইত ৰাখি শুকুৱাব লাগে। তেনেদৰে প্ৰস্তুত কৰা বীজখিনি পথাৰত সিঁচাৰ ব্যৱস্থা কৰিব লাগে।

এক কিল’গ্ৰাম মাহৰ বীজ পৰিশোধন কৰিবলৈ ৪০-৫০ গ্রাম জীৱাণুসাৰৰ প্রয়োজন হয়। এবিঘা মাটিত সিঁচিবলৈ প্রয়োজন হোৱা বীজৰ পৰিমাণ বীজৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল। সকলোবোৰ বীজ চৰকাৰী অনুজ্ঞাপত্ৰ থকা বীজ বিক্ৰী কেন্দ্র অথবা অসম বীজ নিগমৰ পৰাহে সংগ্ৰহ কৰা ভাল। এবিঘা মাটিত শাৰীবদ্ধভাৱে সিচিবলৈ হ’লে দুটা শাৰীৰ মাজত ১ ফুট ব্যৱধান ৰখা উচিত। খেতিৰ পৰা আশানুৰূপ উৎপাদন লাভ কৰিবলৈ হ’লে সময়মতে শস্য পৰিচর্যাৰ কাম হাতত লোৱা ভাল। সেই বাবে বীজ সিঁচাৰ পিছত প্রয়োজনমতে, পথাৰৰ অলাগতিয়াল বন-বাতবোৰ গুচাই শস্যৰক্ষাৰ ব্যৱস্থা হাতত লোৱা উচিত। মণ্ড আৰু মাটিমাহৰ গছবোৰত শতকৰা ৭৫ ভাগ ছেই পূৰঠ হ'লে চপোৱাৰ ব্যৱস্থা কৰিব লাগে।

(সহায় লৈ)

লগতে পঢ়কঃ বাণিজ্যিকভাৱে লাউ খেতি কৰোঁতে মনত ৰাখিব এইসমূহ বিষয়

English Summary: Best season for pulse crops

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.