1. অন্যান্য

আহি থকা টকিঅ' অলিম্পিকত যাৱ নোৱাৰে বহি: ৰাষ্ট্ৰৰ পৰা দর্শক- এই কথা জনাইছে আয়োজক মণ্ডলীয়ে

KJ Staff
KJ Staff
Tokyo Olympic 2021
Tokyo Olympic 2021

   বিশ্বত প্রথমবাৰৰ বাবে বিদেশী দর্শক অবিহনে অনুষ্ঠিত কৰা হব বিশ্বৰ আহি থকা টকিঅ' অলিম্পিক 2021৷ উল্লেখযোগ্য যে ক'ৰনা মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ পৰা খেলুৱৈ তথা দেশবাসীক নিৰাপদে ৰখাৰ উদ্দেশ্যেৰে টকিঅ’ অলিম্পিকৰ আয়োজক কতৃপক্ষই যোৱা কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা৷ বিবৃতিত প্রকাশ কৰিছে যে জাপান চৰকাৰ, আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী, আন্তঃৰাষ্ট্রীয় পেৰা অলিম্পিক কমিটীৰ সর্বসন্মত সিদ্ধান্তক্রমে আহি থকা অলিম্পিক-21ত বহিঃৰাষ্ট্ৰৰ পৰা কোনো দর্শকক যাবলৈ অনুমতি দিয়া নহব৷

আৰু পঢ়ক- ভয়ংকৰ খৱৰ! বিশ্বৰ আটাইতকৈ অধিক প্ৰদূষিত ৩০ খন চহৰৰ ২২খনেই ভাৰতৰ ( IQair released the most polluted cities list in world)

    আমি জানো যে সম্প্রতি জাপানৰ লগতে সমগ্র বিশ্বত ক’ভিড–১৯ৰ পৰিৱেশ যথেষ্ট উদ্বেগজনক হৈ থকাৰ পৰিপেক্ষিতত উমেহতীয়াকৈ বিদেশী দর্শকৰ প্রৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হোৱা বুলি উদ্যোক্তা কমিটীয়ে ব্যক্ত কৰিছে৷ তেওঁলোকে জানিবলৈ দিয়া অনুসৰি, ঘৰুৱা দর্শকৰ ক্ষেত্রতো প্রৱেশৰ ক্ষেত্রত যথেষ্ট বাধ্য–বাধকতাৰ মাজেৰেহে অনুমতি দিয়া হ'ব৷

    উল্লেখযোগ্য যে বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিক–২০২০ টকিঅ’ত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ভয়াৱহ ক'ৰণা মহামাৰীৰ বাবে ২০২১ৰ জুলাই মাহলৈ পিছুৱাই দিয়া হৈছিল৷

English Summary: Upcoming Tokyo Olympic restricted entries for foreign audience due to vivid 19 pandemic

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.