1. অন্যান্য

ভয়ংকৰ খৱৰ! বিশ্বৰ আটাইতকৈ অধিক প্ৰদূষিত ৩০ খন চহৰৰ ২২খনেই ভাৰতৰ ( IQair released the most polluted cities list in world)

KJ Staff
KJ Staff
IQair realsed world most polluted cities list on Tuesday
IQair realsed world most polluted cities list on Tuesday

   বায়ু প্ৰদূষণ নিয়ন্ত্রণ দূৰৰে কথা, ভাৰতৰ দৰে দেশত অধিক ভয়াৱহ হৈছে প্ৰদূষণৰ মাত্রা। শেহতীয়াকৈ প্রকাশ পোৱা এক

   প্রতিবেদনত ওলাই পৰিছে এই ভয়ংকৰ তথ্য৷ প্রতিবেদন অনুসৰি বিশ্বৰ আটাইতকৈ অধিক প্ৰদূষিত ৩০ খন চহৰৰ ভাৰতৰ ২২ খন চহৰ অন্তর্ভুক্ত হৈছে।

   বিশ্ব বায়ু প্ৰদূষণৰ মাত্রা নিৰূপনৰ বাবে আই কিউ এয়াৰ (IQ Air) নামৰ ছুইজাৰলেণ্ডৰ এটি সংস্থাই বিগত বছৰৰ সমীক্ষা চলাইছিল আৰু যোৱা মঙল বাৰে ইয়াৰ প্রতিবেদন প্রকাশ কৰিছিল। তেওঁলোকৰ এই "ৱর্ল্ড এয়াৰ কোৱালিটি ৰিপ’ৰ্ট ২০২০’ শীর্ষক প্রতিবেদনত ভাৰতৰ বর্ধিত বায়ু প্ৰদূষণৰ এখন ভয়াৱহ ছবি স্পষ্ট হৈছে।

   উল্লেখযোগ্য যে বিশ্বৰ ১০৬খন দেশক সামৰি চলােৱা এই সমীক্ষাত প্রকাশ কৰা মতে বিশ্বৰ আটাইতকৈ বেছি প্ৰদূষিত ৩০ খন চহৰৰ মাজত ভাৰতৰ ২২ খন চহৰৰ নাম আছে। তালিকাখনত উল্লেখ কৰা মতে, ভাৰতৰ দিল্লী, গাজিয়াবাদ, বুলণ্ডচহৰ, বিছৰাখ, জালালপুৰ, নয়ডা, গ্রেটাৰ নয়ডা,কানপুৰ, লক্ষ্ণৌ, মেৰঠ, আগ্রা, মুজাফ্ফৰনগৰ, ভিউৱাৰি, ফৰিদাবাদ, জিণ্ড, হিচাৰ, ফটেহাবাদ, বান্ধৱাৰী, গুৰগাঁও,যমুনানগৰ, ৰােহটক, ডাৰুহেৰা আৰু মুজাফ্ফৰপুৰ হৈছে বেছি প্ৰদূষিত চহৰ।

   বিশ্বৰ আটাইতকৈ প্রদূষিত ৰাজধানী হিচাপে সমীক্ষাটোত ভাৰতৰ নতুন দিল্লী শীর্ষস্থানত আছে। অৱশ্যে দিল্লীত বিগত বছৰৰ তুলনাত বায়ু প্ৰদূষণ ১৫ শতাংশ হ্রাস পাইছে। প্রতিবেদন খনত ভাৰতত বর্ধিত বায়ু প্ৰদূষণৰ অন্যতম কাৰক হিচাপে যানবাহনৰ পৰা নিৰ্গত ধোঁৱা বুলি উল্লেখ কৰা হৈছে।

   তাৰোপৰি বিদ্যুৎ উৎপাদন, কল-কাৰখানাৰ কাম- কাজ, পেলনীয়া জাৱৰ, কৃষি কার্য আদিৰ ফলতাে ভাৰতত বায়ু প্ৰদূষণ অধিক হয় বুলি কোৱা হৈছে। বিশ্বৰ সবাতােকৈ দূষিত চহৰৰ শীর্ষস্থানত আছে চীনৰ চিনঝিয়াং। ইয়াৰ পাছত দ্বিতীয় স্থানত ভাৰতৰ গাজিয়াবাদ আছে।

   সবাতােকৈ প্ৰদূষিত চহৰৰ তালিকাত আগশাৰীত আছে ভাৰতৰ বুলণ্ডচহৰ, বিছৰাখ, জালালপুৰ, নয়ডা, গ্রেটাৰ নয়ডা, কানপুৰ, লক্ষৌ আৰু ভিউৱাৰী ।

কৃষকসকলৰ বাবে ভাল খবৰ: ৩১ মাৰ্চৰ আগতে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ বাবে পঞ্জীয়ন কৰক আৰু দুগুণ লাভালাভ লাভ কৰক

 

English Summary: most polluted city in the world 2021 by IQ air

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.