1. অন্যান্য

বলীউডৰ প্রখ্যাত অভিনেতা ছনু সুডক দেশৰ ব্যক্তিগত বিমান স্পাইচ জেটে জনালে বিশেষ সন্মান

KJ Staff
KJ Staff
Sonu Sood honoured with a plane by Spice Jet
Sonu Sood honoured with a plane by Spice Jet

   ক’ৰনা মহামাৰী কালত আবদ্ধ হৈ থকা প্রব্রজিত শ্রমিকক নিজ গৃহলৈ ওভতাই অনাৰ পৰা বিদেশত আবদ্ধ ভাৰতীয় শিক্ষার্থী তথা ভাৰতীয় লোকক স্বদেশলৈ নিজ খৰচত প্রত্যার্পণ কৰাই মহানুভৱতাৰ পৰিচয় দিয়া বলীউডৰ অভিনেতা ছনু সুডক বিশেষ সন্মান জনাইছে দেশৰ আগশাৰীৰ ব্যক্তিগত বিমান সংস্থা স্পাইচ জেটে৷

    বলিউডৰ প্রখ্যাত অভিনেতা ছনোক সন্মান জনাই স্পাইচ জেটে এখন বিশেষ বিমান ‘A salute to the saviour Sonu Sood’ শীর্ষক বাক্যৰে বিমান সংস্থাটোৱে বাস্তৱ জীৱনত প্রকৃত হিৰো সুডক স্বীকৃতি দিয়ে৷ স্পাইচ জেটে অভিনেতাগৰাকীৰ নামত বিশেষ বিমান উৎসর্গা কৰাৰ পাছতেই আৱেগিক হৈ পৰে অভিনেতা সুড৷

আৰু পঢ়ক- বড়োলেণ্ড বিশ্ববিদ্যালয়ে নতুন এবিধ উদ্ভিদ প্ৰজাতিয়ে উদঘাটন কৰিছে যি কৰ্কট ৰোগৰ চিকিৎসাত সহায় কৰিব পাৰে বুলি দাবী কৰিছে

   অভিনেতাগৰাকীয়ে টুইটাৰত আৱেগিক হৈ কয়– "মোৰ এই মুহুৰ্তত মগাৰ পৰা মুম্বাইলৈ বিমানত অসংৰক্ষিত টিকটত অহাটো মনলৈ আহিছে৷ মোৰ প্রতি ভাল পোৱাৰ বাবে সকলোকে ধন্যবাদ৷ এই সময়ত মোৰ পিতৃ–মাতৃলৈ মনত পৰিছে৷ "

   উল্লেখ্য যে পঞ্জাবৰ পৰা মুম্বাইলৈ আহি ছনু সুডে এগৰাকী অভিনেতা হিচাপে প্রতিষ্ঠিত হয়৷ অৱশ্যে বলিউডৰ চিনেমা জগতত নায়কৰ পৰিবর্তে তেওঁ এগৰাকী খলনায়ক হিচাপেহে অধিক জনপ্রিয়তা অর্জন কৰিছে৷ ৰীলত খলনায়কৰ ভূমিকাত অভিনয় কৰিলেও সুড বাস্তৱ জীৱনত যে এগৰাকী মহান নায়ক তাৰে প্রমাণ দেশত চলা কভিড -19 কালতে দাঙি ধৰিছে।

আৰু পঢ়ক- ষ্টেভিয়াৰ গছৰ উপকাৰিতা আৰু কৃষিৰ বিষয়ে জানিবলগীয়া কথা

English Summary: Sonu Sood honoured with a plane by Spice Jet

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.