1. অন্যান্য

আমেৰিকাক ধমক দিলে উত্তৰ কোৰিয়াৰ শাসক কীম জং উনৰ ভগ্নীয়ে - নিদ্রা হৰণ কৰিব আমেৰিকাৰ!

KJ Staff
KJ Staff

   এইবাৰ বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্র আমেৰিকাক ভাবুকি দিলে উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনৰ ভগ্নী কীম য়’ জঙে। উত্তৰ কোৰিয়াৰ ক্ষতি হব পৰা কোনাে পদক্ষেপ আমেৰিকাই গ্রহণ কৰিলে নিদ্ৰাহৰণ কৰা হ’ব বুলি ভাবুকি দিছে কীমৰ ভগ্নীয়ে।

  উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ প্ৰশাসনৰ প্রতিনিধিয়ে ইতিমধ্যে ঘটনাক্রমে টকিঅ’ আৰু ছিউল ভ্রমণত আছে। এইফালে পেন্টাগনৰ মুৰব্বী লয়েড অষ্ট্রিন আৰু গৃহ সচিব এন্টনি ব্লিনকেনে সোমাবাৰে জাপানত উপস্থিত হৈছিল।

   প্রকাশিত এক বাতৰি অনুসৰি চীন আৰু উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ৰণনীতি নির্ধাৰণৰ বাবে কিছুদিন আগতে বাইডেন প্রশাসনৰ শীর্ষ প্রতিনিধিয়ে জাপান, দক্ষিণ কোৰিয়া ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈছিল। উক্ত খবৰ প্ৰকাশৰ পাছতে প্রতিক্রিয়া ব্যক্ত কৰিছিল কীমৰ ভগ্নী জঙে।

    উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদপত্র ‘ৰডং চিনাম’ত প্রকাশিত বাতৰি অনুসৰি কীম ভগ্নীয়ে কাৰোৰে নাম উল্লেখ নকৰাকৈ বাইডেনক ভাবুকি দি কয়, ‘আগন্তুক চাৰি বছৰ যদি নিশ্চিন্ত মনৰে নিদ্রাগ্ৰহণ কৰিব বিচাৰে, তেন্তে আমালৈ দৃষ্টি নিদিব। যদি তেনে কাম কৰে, তেন্তে নিদ্ৰাহৰণ কৰিম।’ উল্লেখ্য যে বাইডেন আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচিত হােৱাৰ পাছতে কীমে আমেৰিকাক উত্তৰ কোৰিয়াৰ সবাতােকৈ ডাঙৰ শত্ৰু বুলি অভিহিত কৰিছিল।

Big Breaking: নৱ-নিযুক্ত এছ.আইলৈ ডি. জি.পিৰ সতৰ্কবাণী : প্ৰশিক্ষণকালত হেৰুৱাব পাৰে চাকৰি!

English Summary: Big news North Korea thread to USA

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.