1. অন্যান্য

CBSEৰ পৰীক্ষা বাতিল হলেও অনুষ্ঠিত হব মেট্রিক পৰীক্ষা; কি কি নির্দেশনা জাৰি কৰিলে পৰীক্ষার্থীৰ বাবে

KJ Staff
KJ Staff

   সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া দ্ৰুত হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।তাৰ মাজতে মেট্ৰিক পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। তেনেস্থলত এইবাৰ পৰীক্ষা কিদৰে অনুষ্ঠিত কৰিব তাৰ এক পৰিকল্পনা যুগুত কৰিছে SEBA কৰ্তৃপক্ষই। COVID- 19ৰ বাবে এইবাৰ ছিটপ্লেনৰ ক্ষেত্ৰত ছেবাই জাৰি কৰিছে এক নতুন নিৰ্দেশনা। ইংৰাজী বর্ণ মালাৰ 'X' আকৃতি পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থী সকলে এইবাৰ বহিব লাগিব পৰীক্ষা কেন্দ্ৰত। সেই অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰথম বেঞ্চত দুজন পৰীক্ষাৰ্থী, দ্বিতীয় বেঞ্চত এজন পৰীক্ষাৰ্থী আৰু তাৰ পিছৰ বেঞ্চত অকৌ দুগৰাকী এইধৰণে বহিব লাগিব পৰীক্ষাৰ্থীসকল।

  তদুপৰি পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা প্রতিজন শিক্ষক তথা নিৰীক্ষক বা আন কর্মনাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক। অৱশ্যে এইক্ষেত্রত ছেবাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ মাস্ক, ছেনিটাইজাৰৰ বাবে প্ৰেৰণ কৰিব ধন। প্ৰতিটো কেন্দ্ৰৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ বাবে এইবাৰ ২৫ টকাকৈ দিব ছেবাই। মুঠতে কোভিডৰ সকলো বিধি পালন কৰি পৰীক্ষা অনুস্থিত কৰিবলৈ সাজু হৈছে ছেবা কৰ্তৃপক্ষই।

   উল্লেখযোগ্য যে, অহা ১১ মে’ৰ পৰা ৩ জুনলৈ অনুস্থিত হ’ব হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা। ইফালে, ২০২১-২০২২ বৰ্ষৰ বাবে যোৱা দুদিন আগত ছেবাই মুকলি কৰিলে শৈক্ষিক কেলেণ্ডাৰ। ডিজিটেল পদ্ধতিৰ জৰিয়তে প্ৰকাশ কৰা এই কেলেণ্ডাৰ মুকলি কৰে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন আৰু সচিব সুৰঞ্জনা সেনাপতিয়ে। এই শৈক্ষিক কেলেণ্ডাৰ অনুসৰি ছেবাৰ অধীনস্থ বিদ্যালয়সমূহৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে যুগুতাব লাগিব পাঠ। তদুপৰি শৈক্ষিক কেলেণ্ডাৰ অনুসৰি অনুস্থিত কৰিব লাগিব ছয়মাহিলী, বছৰেকীয়া আৰু গোট পৰীক্ষা। আনহাতে, এইবাৰ শৈক্ষিক কেলেণ্ডাৰত 'অসমীয়া বিষয়' সকলোৱে বাধ্যতামূলকভাবে অধ্যয়ন কৰিব লাগিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে ছেবা কৰ্তৃপক্ষই।

আৰু পঢ়ক- পদিনাৰ স্বাস্থ্য উপকাৰিতা ( Health benefits of Padina Leafs)

English Summary: Seba going to held hslc examination during COVID-19 with guidelines

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.