1. স্বাস্হ্য আৰু জীৱন

পদিনাৰ স্বাস্থ্য উপকাৰিতা ( Health benefits of Padina Leafs)

KJ Staff
KJ Staff
Padina leafs health benefits
Padina leafs health benefits

    আমি সদ্যতে ব্যৱহাৰ কৰি থকা সুগন্ধি পদিনাৰ চাতনী অকনমান পালে ভাত গৰাহ জুটি লগাই খাব পাৰো। মোৰ বিশ্বাস হয়তো পদিনাৰ চাতনী বেয়া পোৱা মানুহ খুইব কম ওলাব। যদিও আমি পদিনা খাওঁ বা খাই ভাল পাওঁ; ইয়াৰ উপকাৰিতা সম্বন্ধে বহুতে নাজানো। 

   গতিকে আজি আমি জানো আহক আমাৰ দেহৰ বাবে পদিনাই কেনেদৰে উপকাৰ কৰিব পাৰে -

পদিনাৰ উপকাৰিতা আৰু ব্যৱহাৰ -

(১) ভোক নলগা, হজম নোহোৱা, পেট ফুলা, বমি আদি পেটৰ সমস্যা হ’লে পদিনা পাতৰ ৰস এক-ডেৰ চামুচ নাইবা ১০-১২ টামান পাত এগিলাচ পানীত সিজাই চেকিলৈ পানী খাব লাগে । তেতিয়া পেটৰ তেনে পেটৰ সমস্যা দূৰ হয়। পদিনাই পাকস্থলীৰ হাইড্ৰক্লৰিক এচিডৰ মাত্রা নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ উপৰিও এনজাইম সঠিক ৰূপত নিঃসৰণ কৰি হজম আৰু বিপাকত সহায় কৰে। 

(২) লিভাৰ, হাওঁফাওঁ , ছাল আৰু অন্ত্ৰৰ কেঞ্চাৰ ৰোগ হোৱাত পদিনাই বাধা প্রদান কৰে। পদিনাই কেঞ্চাৰ কোষলৈ তেজ চলাচলত বাধা দি এই কার্য্য সম্পাদন কৰে। কেমোথেৰাপী বা ৰেডিয়েচন থেৰাপী লৈ থকা কেঞ্চাৰ ৰোগীয়ে পদিনা খালে স্বাস্থ্যৰ বাবে যথেষ্ট ভাল।

(৩) যিকোনো ধৰণৰ মূৰৰ বিষ হ’লে পদিনাৰ পাত কেটামান পিহি কপালত প্রলেপ দিলে নাইবা ৰস কপালত সানি লাহে লাহে মালিছ কৰিলে কপালৰ বিষ নোহোৱা হয়। পৰাপক্ষত ফাৰ্মাছীৰ পৰা বিষৰ ঔষধ কিনি আনি খাই আন এটা ৰোগ উৎপত্তি নকৰি পদিনা ব্যৱহাৰ কৰাটোহে ভাল।

(৪) পদিনা বিষনাশক আৰু বীজাণু নাশক হিচাপে কাম কৰে। সন্তানক স্তনপান কৰোৱা মহিলাৰ কেতিয়াবা স্তন উখহি বিষাবলৈ ধৰে। পদিনা পাত পিহি প্ৰলেপ দিলে বা পাতৰ ৰস সানিলে উখহা আৰু বিষ নোহোৱা হয়। 

(৫) পদিনা খালে স্মৃতি শক্তি বাঢ়ে আৰু যিকোনো কাম কৰাৰ ক্ষেত্ৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে।

(৬) পদিনা খালে শৰীৰৰ মেদবহুলতা দূৰ হয়। এনজাইম সঠিক ৰূপত উৎপাদন, নিঃসৰণ আৰু সঞ্চালন কৰে।

(৭) পদিনাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়ত কেলচিয়াম, ফচফৰাচ আৰু ভিটামিন-B, C, D আৰু E যথেষ্ট পৰিমাণে পোৱা যায়৷ 

(৮) পদিনা সেৱন কৰিলে কাম কৰাৰ উদ্যম আৰু একাগ্ৰতা বাঢ়ে ।

(৯) পদিনা বিষনাশক আৰু বীজাণু নাশক হোৱা বাবে টুঠপেষ্ট আৰু মাউথৱাশ্ব প্ৰস্তুত কৰোঁতে পদিনা ব্যৱহাৰ কৰে। মুখৰ ঘা‌‌, দাঁতৰ বিষ, আলুৰ বিষ আৰু উখহিলে পদিনা পাত কেটামান চোবালে ভাল হয়।

(১০) পদিনাৰ এটা প্ৰধান গুণ হৈছে কফ নোহোৱা কৰে। চৰ্দি, কাহ, হাচি,নাকৰ পৰা পানী ওলোৱা , কন্ঠ আৰু শ্বাস-প্ৰশ্বাস ৰোগৰ কাৰণে পদিনা যথেষ্ট উপকাৰী।

আৰু পঢ়ক- মাত্র এসপ্তাহতে আপোনাৰ ওজন হ্ৰাস কৰাৰ লগতে উজ্জ্বল কৰি ৰাখিব পাৰে ছাল; মাত্র সেৱন কৰক এই ফলৰ ৰস

English Summary: How padina Leafs can improve our immunity system know all Health benefits

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.