1. অন্যান্য

নির্বাচন আয়োগৰ নির্দেশ !!! পুনৰ অনুষ্ঠিত হব ভোটগ্রহন প্রক্রিয়া ; বিজেপি নেতাৰ গাড়ীত EVM মেচিন উদ্ধাৰ

KJ Staff
KJ Staff
EVM machine found in BJP leader car
EVM machine found in BJP leader car

ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদান প্রক্রিয়া শেষ হৈছে । কিন্তু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ শেষ হোৱাৰ দিনাই ভাৰতীয় জনতা পাৰ্টিৰ নেতাৰ বাহনত ইলেক্ট্ৰনিক ভোটিং মেচিন (EVM) ওলোৱাত কঁপাইছে ৰাজ্যৰ ৰাজনীতি ।

এতিয়া শুনক প্রকৃত ঘটনা কি হৈছিল?অসমত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 1 এপ্রিলৰ দিনা পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পালৰ গাড়ীত EVM মেচিন নিয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত স্পষ্ট ৰূপে দেখা গৈছিল যে AS 10B 0022 নম্বৰৰ পঞ্জীয়ন থকা গাড়ীত ইভিএমটো কঢ়িয়াই নিয়া হৈছিল ।

এই ঘটনাৰ পিছতেই ভাৰতৰ নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচনৰ নিৰ্দেশ দিছে আৰু চাৰিজন নিৰ্বাচনী বিষয়াক নিলম্বন কৰে। এই ঘটনা সন্দৰ্ভত কংগ্ৰেছৰ বহু নেতাই বিজেপিক তীব্ৰ সমালোচনা কৰে আৰু ভিডিঅ'টো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে । 

২০২১ অসম বিধানসভা নিৰ্বাচন বিজেপি পৰাস্ত হ'ব সেইয়া কিয় স্বীকাৰ কৰিব পৰা নাই বুলি টুইট কৰে নগাঁওৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে । সংবাদ প্রতিষ্ঠান ANI য়ে প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ নিৰ্বাচন আয়োগৰ গাড়ী বেয়া হৈছিল আৰু বিষয়া সকলে অন্য এখন গাড়ীত লিফ্ট লৈছিল যিখন বিজেপি প্ৰাৰ্থীৰ গাড়ী বুলি চিনাক্ত কৰা হয় । বর্তমান ঘটনা সন্দৰ্ভত অনুসন্ধান প্রক্রিয়া চলি আছে।

English Summary: EVM machine found in BJP leader car eci asked to repoll in the following contiuency

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.