1. অন্যান্য

Edible oil price will reduce: মুল্য হ্রাস পাব মিঠাতেলকে ধৰি অন্য খোৱা তেলৰ, কেন্দ্রীয় চৰকাৰে লৈছে ১১ হাজাৰ কোটি টকাৰ বৃহৎ প্রকল্প

KJ Staff
KJ Staff
Edible oil price likely reduce next month
Edible oil price likely reduce next month

কেন্দ্রীয় চৰকাৰৰ ১১ হাজাৰ ৪০ কোটি বাজেটৰ এক বৃহৎ প্রকল্পৰ কথা ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ কৰা হৈছে। যদি এই প্রকল্প সঁচাকৈ ৰূপায়ন কৰা হয়, তেন্তে হ্রাস পাব মিঠাতেলকে ধৰি অন্য তৈলজাত সামগ্রী৷ বর্তমান আকাশলংঘী হোৱা মিঠাতেলে মাধমাৰ সোধাইছে সাধাৰণ জনতাক৷

   উল্লেখযোগ্য যে এই প্রকল্পৰ অধীনত ১১ হাজাৰ ৪০ কোটি টকা বিনিয়োগ কৰি প্রকল্পৰ সঠিক ৰূপায়ন হলে খোৱা তেলৰ উৎপাদনৰ ক্ষেত্রত স্বনিৰ্ভৰ হব ভাৰত। তদুপৰি চৰকাৰে মিঠাতেলৰ দাম যথেষ্ট বৃদ্ধি হোৱা কাৰণে এক উৎপাদনমুখী বাতাবৰণ সৃষ্টি কৰি তেলৰ মূল্য হ্রাস কৰাৰ লক্ষ্য নির্ধাৰন কৰিছে।

তেনে পৰিপেক্ষিতত দেশবাসীয়ে মিঠাতেল আৰু অন্য খোৱা তেলৰ মূল্যবৃদ্ধিৰ পৰা সকাহ পাব বুলি আশা কৰা হৈছে । সমন্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে ৰন্ধন তেলৰ যোগান বৃদ্ধিৰ উপৰতো গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। ইয়াৰ ফলত খোৱা তেলৰ উৎপাদনত ভাৰত সম্পূর্ণ স্বনিৰ্ভৰ হৈ উঠিব। 

National Edible Oil Mission-Oil Palm (NMEO-OP)ৰ অধীনত ১১ হাজাৰ ৪০ কোটি টকা বিনিয়োগ কৰি ৰন্ধন তেলৰ উৎপাদন বৃদ্ধি কৰি মুল্য নিয়ন্ত্রণ কৰাৰ লক্ষ্য লৈছে ভাৰতে। চৰকাৰৰ লক্ষ্য এক উৎপাদনমুখী বাতাবৰণ সৃষ্টি কৰি তেলৰ মূল্য নিয়ন্ত্ৰণ কৰা।

    ভাৰতে ইয়াৰ তেলৰ চাহিদাৰ অধিকাংশই আমদানী কৰে বিদেশৰ পৰা যেনে - ইণ্ডোনেছিয়া, মালয়েছিয়া, ব্ৰাজিল, আৰ্জেণ্টিনা, ৰাছিয়া আৰু ইউক্ৰেইন আদি দেশৰ পৰা৷ 

এই আঁচনিৰ অধীনত যিবিলাক তৈলজাত শস্য আছে, ইয়াৰ খেতিয়কসকলক উন্নতমানৰ বীজ, পুঁজি আৰু সকলোপ্রকাৰে সহযোগিতা কৰাৰ আশ্বাস দিছে চৰকাৰে। প্ৰধানমন্ত্ৰী মোদীৰ লক্ষ্য ভাৰত যাতে ৰন্ধন তেলৰ উৎপাদনত ভাৰত এখন স্বাৱলম্বী ৰাষ্ট্র হব পাৰে। এই আঁচনিৰ অধীনত উত্তৰপূৰ্বাঞ্চলৰ লগতে আন্দামান নিকোবৰক অধিক গুৰুত্ব প্রদান কৰিব চৰকাৰে।

English Summary: Edible oil price likely reduce from next month

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.