1. অন্যান্য

সকলো ঠিকে থাকিলে বি ভি নাগৰত্না ভাৰতৰ প্রথম মুখ্য ন্যায়াধীশ হব পাৰে

KJ Staff
KJ Staff
Justice BV Nagarathna might become first woman Chief Justice of India
Justice BV Nagarathna might become first woman Chief Justice of India

কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত ৯ গৰাকী নতুন ন্যায়াধীশ নিযুক্তি দিয়াৰ বাবে তেওঁলােকৰ নাম ৰাষ্ট্রপতিলৈ প্ৰেৰণ কৰিছে। উল্লেখযােগ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে তেওঁলােকক সর্বোচ্চ আদালতত ন্যায়াধীশৰূপে নিযুক্তি দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰক পৰামর্শ দিছিল। কেন্দ্রীয় চৰকাৰে কলেজিয়ামৰ পৰামর্শ গ্রহণ কৰি তেওঁলােকৰ নাম ৰাষ্ট্রপতিলৈ প্রেৰণ কৰে। ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ৩৪জনলৈ বৃদ্ধি পাব পাৰে।

 কেন্দ্রীয় চৰকাৰে নিযুক্তিত অনুমােদনৰ বাবে ৰাষ্ট্রপতিলৈ প্ৰেৰণ কৰা নাম কেইটাৰ ভিতৰত তিনিগৰাকী মহিলাও আছে। ইয়াৰে চাৰিগৰাকী ক্রমে ন্যায়াধীশ বিক্রম নাথ (গুজৰাট উচ্চ ন্যায়ালয়), ন্যায়াধীশ এ এছ ওকা (কর্ণাটক উচ্চ ন্যায়ালয়), ন্যায়াধীশ হিমা কোহলী (তেলেংগানা উচ্চ ন্যায়ালয়) আৰু ন্যায়াধীশ জে কে মাহেশ্বৰী (ছিকিম উচ্চ ন্যায়ালয়) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত আছে।

   ইয়াৰ উপৰি আন চাৰিগৰাকী উচ্চ ন্যায়ালৰ ন্যায়াধীশ। তেওঁলােক হ’ল ক্রমে কর্ণাটকৰ ন্যায়াধীশ বি ভি নাগৰত্না, ন্যায়াধীশ এম এম। সুন্দৰেশ (মাদ্রাজ), ন্যায়াধীশ চি টি ৰবিকুমাৰ (কেৰালা), ন্যায়াধীশ বেলা এম ত্রিবেদী (গুজৰাট)। আনগৰাকী ন্যায়াধীশ হ’ল প্রাক্তন অতিৰিক্ত ছলিচিটৰ জেনেৰেল পি এছ নৰসিংহ।

  ইয়াৰ ভিতৰত ন্যায়াধীশ নাগৰত্না ২০২৭ বৰ্ষত ২৫ ছেপ্টেম্বৰৰ পৰা ২৯ অক্টোবৰলৈ দেশৰ মুখ্য ন্যায়াধীশৰ পদ গ্রহণ কৰাৰ সম্ভাৱনা আছে। ন্যায়াধীশ নাগৰত্না ভাৰতৰ প্রাক্তন মুখ্য ন্যায়াধীশ এছ ভেংকটৰামায়াৰ কন্যা।

English Summary: justice bv nagarathna might become first woman chief justice of india

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.