1. News

Assam to Chingapur: সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক প্ৰশংসা কৃষিমন্ত্ৰীৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Assam fruit Export  to Chingapur in First time
Assam fruit Export to Chingapur in First time

দেওবাৰে কৃষিমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম ফেচবুকত শ্বেয়াৰ কৰিছে এখন ফটো। ফটোখনত দেখিবলৈ পোৱা গৈছে পনিয়ল, কৰ্দৈ, কঠাল আৰু নেমু থকা এখন ফটো।  আৰু তেওঁ ফটোখনৰ কেপচনত লিখিছে- সুখবৰ! প্ৰথম বাৰৰ বাবে ছিংগাপুৰলৈ অসমৰ কৃষকে উৎপাদন কৰা ফলৰ ৰপ্তানি। লগতে লিখিছে  মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarmaৰ বলিষ্ঠ নেতৃত্বৰ বাবেই সম্প্ৰতি দক্ষিণ-পূব এছিয়াৰ বজাৰত অসমৰ কৃষকে উৎপাদন কৰা সামগ্ৰীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এই পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ।

লগতে তেওঁ কৈছে- এইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰীৰ ৰপ্তানি বিকাশ প্ৰাধিকৰণ (APEDA)ৰ সংশ্লিষ্ট বিষয়াসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেওঁ ফেচবুক পোষ্টটোত লিখিছে - বিমানেৰে গুৱাহাটীৰপৰা  পোনপটীয়াকৈ ছিংগাপুৰলৈ হোৱা ফলৰ ৰপ্তানিৰ এই নতুন যাত্ৰাই অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ কৃষকসকলক অনুপ্ৰেৰণা যোগাব আৰু কৃষি অৰ্থনীতিত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আমি দৃঢ় বিশ্বাসী।

লগতে পঢ়ক- 

Tea Cultivation: চাহ খেতিত সুসংহত কীট আৰু ৰোগ নিৰাময়ৰ ব্যৱস্থা

কৃষিমন্ত্ৰীগৰাকীয়ে পোষ্টটো আপলোড কৰাৰ পাছতেই বিভিন্নজনে মন্তব্য আগবঢ়াইছে। কৃষক ধনীৰাম চেতিয়াই লিখিছে- এইয়া যথেষ্ট বা সন্তোষজনক বাৰ্তা নহয় । অসমৰ চৰকাৰ তথা কৃষি বিভাগে কৃষি ক্ষেত্ৰখনত বহু কৰিব লগীয়া আছে । আমাৰ দৃষ্টিত অসম চৰকাৰে কৃষি ক্ষেত্ৰখনত ৩০% ও ভাল দৰে আগুৱাই নিব পৰা নাই।

ধনীৰাম চেতিয়াই লগতে লিখিছে- আশা কৰোঁ ভৱিষ্যতে এই বিষয়ে আপোনালোকৰ সৈতে পোনপটীয়াকৈ মনৰ অনুভৱ প্ৰকাশ কৰিবলৈ সুযোগ পাম। লগতে নিজাম উদ্দিন ফৰাজীৰ নামৰ এগৰাকীয়ে লিখিছে অসমত প্ৰচুৰ পৰিমাণে নেমুটেঙা, কঠাল, লেচু আৰু শাক পাচলি ইত্যাদি উৎপাদন হয়! অকল চিংগাপুৰ কিয়! বেংকক, ডুবাই চৌদি আৰৱৰ দেশ সমূহত export কৰাৰ সুবিধা কৰক।।

লগতে পঢ়ক- 

প্ৰতিদিনে ১০০০/১২০০ পানীলাও, কোমোৰা, জিকা ৮/১০ কুইণ্টল উৎপাদন

English Summary: Assam fruit Export to Chingapur in First time

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.