1. উদ্য়ানশস্য়

Plum farming : বগৰী খেতিৰ বিষয়ে সবিশেষ জানিবলৈ এই প্ৰবন্ধ পঢ়ক !

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বগৰীৰ খেতি
বগৰীৰ খেতি

সম্প্ৰতি অসমৰ বহু কৃষকে বগৰী খেতি কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। যিসকল কৃষকে এই বগৰী খেতি কৰিছে তেওঁলোকে লাভান্বিতও হৈছে বুলি জানিব পৰা গৈছে। সাধাৰণতে আমি বগৰী বুলিলে আমাৰ গ্ৰামাঞ্চল বা হাবি-বননীয়ে কৰা বগৰী কথাই ভাৱো। কিন্তু আমাৰ এই বগৰীবোৰৰ সম্প্ৰতি অসমৰ কৃষকসকলে খেতি কৰিবলৈ লোৱা এই বগৰীবোৰ পৃথক। ই খাবলৈ আপেলৰ দৰে মঙহাল আৰু সোৱাদযুক্ত বাবে কৃষক বা গ্ৰাহকসকলে এই বগৰীক আপেল বগৰী বুলি কয়।

আপেল বগৰীৰ বিভিন্ন জাত আছে- থাইলেণ্ড আপেল বগৰী, কাশ্মীৰি আপেল বগৰী আদি। এই বগৰী গছবোৰত ৫-৬ ফুট উচ্চতাত ফল লাগিবলৈ ধৰে। কৃষকসকলে অনুৰ্ব্বৰ মাটিত এই বগৰী খেতি কৰিব পাৰে। বাৰিষাৰ পাছতে সাধাৰণতে বগৰী পুলি ৰোপন কৰা হয়। গতিকে যিসকল কৃষকে বগৰী খেতি কৰিম বুলি ভাৱিছে তেওঁলোকে সাজু কৰিব পাৰে। কৃষকসকলে জানিবলৈ দিয়া মতে, ৫-৬ ফুট ওখ এজোপা বগৰী গছত ৩০-৪০ কেজিলৈকে বগৰী লাগে। আৰু ১ কেজি বগৰীৰ দাম ৬০ ৰ পৰা ৮০ টকাৰ ভিতৰত। কৃষকসকলেং জানিবলৈ দিয়া মতে, এই খেতি অন্য খেতিতকৈ সহজ। গতিকে কষ্ট আৰু খৰচ দুয়োটাই কম।

লগতে পঢ়ক- 

Orange Farming System : কমলাৰ উন্নত কৃষি প্রণালী আৰু ইয়াৰ লাভালাভ

আকবৰ আলীৰ বগৰী বাগান
আকবৰ আলীৰ বগৰী বাগান

এটা কথা মনত ৰাখিব যে গছৰ পুলিসমূহ ক্ৰয় কৰোঁতে কৃষকজনে ভাল সঁচ, বিশ্বাসযোগ্য নাৰ্চাৰীৰ পৰা ক্ৰয় কৰিব লাগে। পুলিসমূহ পথাৰত ৰোপন কৰোঁতে, এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব ১০ ফুট হ’ব। কৃষকসকলে জানিবলৈ দিয়া মতে, এবিঘা মাটিত ২০০ পুলি ৰোপন কৰিব পাৰে। কৃষকসকলে পুলিৰ দাম হলেও ভাল উন্নতজাতৰ সঁচৰ পুলি ক্ৰয় কৰাত কৃপনালী নকৰিব। জানিব পৰা মতে, এটা ভাল সঁচৰ আপেল বগৰীৰ পুলিৰ দাম ১৫০ টকাৰ পৰা ১৭০ টকাৰ ভিতৰত। এবিঘা মাটিত এই খেতি কৰিবলৈ জেওৰা মৰা, পুলি লগোৱা পৰা গছত বগৰী লগালৈ ২০ হাজাৰমান টকা খৰচ হয়। আৰু সেই পইচা একেবাৰে খৰচ নহয়। গতিকে আমাৰ কৃষকসকলে অলপ সদায় ধান খেতিৰ লগত লাগি থকাৰ সলনি অকণমান ব্যতিক্ৰম চিন্তাৰে এবিঘা বাম মাটিত বগৰীৰ খেতি কৰি চাওঁক।

উল্লেখ্য যে আপেল বগৰীৰ লগত সমন্বিত কৃষি পদ্ধতিৰে-ফেচবীন,কবি, বিলাহী ইত্যাদি খেতি কৰিও প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰি। নৈ পৰীয়া বিলি চহীয়া পতিত মাটি এই বগৰী খেতিৰ বাবে বেছি উপযোগী বুলি জনাইছে বিশেষজ্ঞসকলে। ইফালে, নৈপৰীয়া মাটিত অন্য খেতি বৰ বেছি ভাল নহয়। গতিকে অসমৰ কৃষকসকলে এই খেতি কৰি যথেষ্ট লাভান্বিত হ”ব।

লগতে পঢ়ক- 

মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই

English Summary: Plum farming methods & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.