1. Government Schemes

অভিলাষী আঁচনি ‘স্বনিৰ্ভৰ নাৰী’ত নাম পঞ্জীয়নৰ দিন ৩১ জুলাইলৈ বৃদ্ধি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
স্বনিৰ্ভৰ নাৰীৰ শেহতীয়া আপডেট
স্বনিৰ্ভৰ নাৰীৰ শেহতীয়া আপডেট

ৰাজ্যৰ শিপিনীসকললৈ ভাল খবৰ। স্বনিৰ্ভৰ নাৰীৰ আঁচনিত নাম পঞ্জীয়নৰ দিন বৃদ্ধি কৰিছে। ৩১ জুলাই ২০২৩ লৈ সময়সীমা বৃদ্ধি কৰিছে হস্ততাঁত বস্ত্ৰশিল্প সঞ্চালকালয়ে। গতিকে যিসকল শিপিনীয়ে এতিয়াও এই আঁচনিত অধীনত নাম পঞ্জীয়ন কৰা নাই তেওঁলোকক Swanirbharnaari.assam.gov.in ৱেৱচাইটত গৈ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে।

শিল্পৰে অসমৰ শিপিনীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ক্ষেত্ৰত অসম চৰকাৰে ২০২২ বৰ্ষত মুকলি কৰিছিল স্বনিৰ্ভৰ নাৰী নামৰ এই অভিলাষী আঁচনিখনৰ। এই আঁচনিৰ অধিনত অসমৰ শিপিনীয়ে পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হস্ততাঁত বস্ত্ৰ যেনে- গামোচা , আনাই , ডুমেৰ লগতে ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ পৰম্পৰাগত হস্ত্ৰতাঁত বস্ত্ৰ মধ্যভোগীৰ সহায় নোহোৱাকৈ পোনপটীয়াকৈ শিপিনীসকলৰ পৰা চৰকাৰে ক্ৰয় কৰিব। ক্ৰয় কৰা উক্ত সামগ্রীসমূহ আর্টফেড আৰু অসম চৰকাৰৰ বেচা-কিনা নিগমৰ বিভিন্ন শাখা তথা ই- বিপণনৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰিব।

লগতে পঢ়ক- 

ৰাজ্যত আৰম্ভ হ’ল ভ্ৰাম্যমাণ "Mobile Veterinary Clinic"ৰ বাহন

আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ শিপিনীসকলে ‘স্বনিৰ্ভৰ নাৰী ’ প'ৰ্টেলযোগে পঞ্জীয়নভুক্ত হ’ব লাগিব। পঞ্জীয়নকৃত শিপিনীগৰাকীক আধাৰ নম্বৰৰ লগত সংযোজিত কৰা হ’ব। চৰকাৰৰ দ্বাৰা গঠিত এখন বিশেষজ্ঞ কমিটীয়ে পৰম্পৰাগত হস্ততাঁত বস্ত্ৰৰ জোখ , গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা মূল্যত শিপিনীসকলৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰিব । সামগ্ৰীসমূহ ক্রয় কৰাৰ চাৰি দিনৰ ভিতৰত সমুদায় মূল্য শিপিনীসকলক আদায় দিয়া হ’ব।

উল্লেখ্য যে অসমৰ শিপিনীসকল অতি দক্ষ আৰু সুনিপুণ । কিন্তু এইসকল শিপিনীয়ে উপযুক্ত বজাৰ লাভ নকৰা বাবে উৎপাদিত সামগ্রী বিক্ৰীৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । এই দিশৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ চনৰ ৭ জুলাইৰ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ আলোচনা আৰু পৰৱৰ্তী বাজেট ঘোষণা অনুসৰি হস্ততাঁত বস্ত্ৰশিল্প সঞ্চালকালয়ে আটফেড আৰু অসম চৰকাৰৰ বেচা -কিনা নিগমৰ জৰিয়তে স্বনিৰ্ভৰ নাৰী " নামেৰে এই ধ্বজাবাহী আঁচনিখন ৰূপায়ণৰ পদক্ষেপ লয় আৰু ২০২২ বৰ্ষৰ পৰা কাৰ্যকৰী কৰি আছে ।

লগতে পঢ়ক- 

‘স্বনিৰ্ভৰ নাৰী’ আঁচনিৰ জৰিয়তে শিপিনীৰ পৰা চৰকাৰে ক্ৰয় কৰিব তাঁতশালত বোৱা কাপোৰ

English Summary: Swa nirbhar naari latest Update

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.