1. Government Schemes

ৰাজ্যত আৰম্ভ হ’ল ভ্ৰাম্যমাণ "Mobile Veterinary Clinic"ৰ বাহন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Start Mobile Veterinary Clinic in Assam
Start Mobile Veterinary Clinic in Assam

কৃষক আৰু পশুপালকসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ। পশুপালন আৰু পশু চিকিৎসা বিভাগত এক নতুন সংযোজন "ভ্ৰাম্যমাণ পশু চিকিৎসালয়" । পশুধনৰ জৰুৰীকালীন অৱস্থাত পশুচিকিৎসা সেৱাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। পশুপালকৰ পদূলিয়ে পদূলিয়ে পশুধনৰ জৰুৰীকালীন অৱস্থাত সেৱা আগবঢ়াবলৈ ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগে অসমৰ ৰাজ্যিক পশু চিকিৎসালয়সমূহত সংযোজন কৰিছে "ভ্ৰাম্যমাণ পশু চিকিৎসালয়"।

পশু সাৰথি আপোনাৰ কাষত
পশু সাৰথি আপোনাৰ কাষত

ইতিমধ্যে ৰাজ্যৰ প্ৰায়সমূহ জিলালৈ প্ৰেৰণ কৰা হৈছে "ভ্ৰাম্যমাণ পশু চিকিৎসালয়"ৰ "Mobile Veterinary Clinic" বাহনসমূহ। এতিয়াৰ পৰা ১৯৬২ নম্বৰত ফোন কৰিলে পশু চিকিৎসাৰ বাবে জৰুৰীকালীন সেৱা পাব কৃষক-পশুপালকসকলে । আপোনাৰ গৰু-ছাগলী বা যিকোনো পশুধন কোনো ৰোগত আক্ৰান্ত হ’লেই  আপুনি ফোন কৰিব পাৰিব ১৯৬২ নম্বৰত।

লগতে পঢ়ক- 

এই পৰ্যন্ত ওলোৱা নাই লাম্পিৰ কোনো ভেকচিন! গো-পালকসকলে গ্ৰহণ কৰক এইসমূহ প্ৰতিৰোধমূলক ব্যৱস্থা

১০৮ নাম্বাৰত ফোন কৰিলে মৃত্যঞ্জয় বাহন আহি পোৱাৰ দৰেই ১৯৬২ নাম্বাৰত ফোন কৰিলে আপোনাৰ পদূলিত উপস্থিত হ’ব  এই "Mobile Veterinary Clinic"ৰ গাড়ীসমূহ। সম্পূৰ্ণ  বিনামূলীয়াকৈ এই সেৱা লাভ কৰিব কৃষক-পশুপালকসকলে।

ৰাজ্যৰ অন্যপ্ৰান্তৰ লগতে ধেমাজি জিলালৈয়ো ১৯ জুন তাৰিখে ৯ খন "Mobile Veterinary Clinic" অসম চৰকাৰে প্ৰেৰণ কৰিছে। বানৰ সময়ত এই Mobile Veterinary Clinic"ৰ সফল ৰূপায়নে কৃষক ৰাইজক সঁচাকৈ বহু উপকাৰ সাধিব আৰু এই "ভ্ৰাম্যমাণ পশু চিকিৎসালয়" সংযোজনে ৰাজ্যৰ পশুধনৰ স্বাস্থ্যৰ দিশটোলৈ সুস্থ বাতাৱৰণ কঢ়িয়াই আনিব।

লগতে পঢ়ক- 

আপুনি পুহিব বিচৰা ছাগলীবোৰ কেনেদৰে নিৰ্বাচন কৰিব! জানিবলৈ পঢ়ক এই প্ৰবন্ধ

English Summary: Start Mobile Veterinary Clinic in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.