1. Government Schemes

পশুপালনৰ বাবে ৫০ শতাংশ ৰাজসাহাৰ্য যুক্ত ঋণ পাবলৈ ক’ত আবেদন কৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Loan for Animal husbandry & poultry
Loan for Animal husbandry & poultry

ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগ তথা অসম চৰকাৰৰ পশুপালন আৰু পশুচিকৎসা বিভাগৰ যুটীয়া উদ্যোগত ২৯ জানুৱাৰীত উদ্যমিতা বিকাশ আঁচনি বিষয়ক এখন কর্মশালাৰ আয়োজন কৰা হয়। গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত অনুস্থিত এই কর্মশালাত ৫০ শতাংশ ৰাজসাহায্যযুক্ত আঁচনিখনৰ সঠিক ৰূপায়ণ আৰু অগ্ৰগতিৰ সন্দর্ভত বিশদভাবে আলোচনা কৰা হয়।

উল্লেখনীয় যে উদ্যমিতা বিকাশ আঁচনিৰ অধীনত ৰাজ্যৰ শিক্ষিত যুৱক-যুৱতীসকলক ৫০ শতাংশ ৰাজসাহায্যযুক্ত ঋণ প্ৰদানৰ ব্যবস্থা কৰা হৈছে। এই ঋণৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীয়ে “nlm.udyamimitra.in’’ পৰ্টেলত অনলাইনযোগে আবেদন কৰিব পাৰে। হাঁহ-কুকুৰা, ছাগলী, ভেৰা আৰু গাহৰি পালনৰ উপৰিও উন্নত জাতৰ ঘাঁহ খেতি তথা পশুজাত সামগ্রী সংসাধনৰ বাবে এই ঋণ লাভ কৰিব পাৰে।

কর্মশালাত অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালক জাৱীৰ ৰাহুল সুৰেশ, ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাষ্ট্রীয় পশুধন অভিযানৰ সঞ্চালক সর্বেশ্বৰ মাঝি, উপ আয়ুক্ত ডাঃ লিপি চাইৰিৱাল। 

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়া, ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব অনিল দেউৰীৰ লগত বেংক বিষয়া, বিভাগৰ উচ্চপদস্থ বিষয়া আৰু ভালেসংখ্যক উদ্যাোগী পশুপালক উপস্থিত থাকে।

লগতে পঢ়ক- 

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

English Summary: Loan for Animal husbandry & poultry

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.