1. Government Schemes

যোৰহাটত' প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি' আঁচনি বিষয়ক সজাগতা সভা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
wareness meeting on 'Pradhan Mantri Krishi Sanman Nidhi'
wareness meeting on 'Pradhan Mantri Krishi Sanman Nidhi'

যোৰহাট জিলা কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত 'প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি' আঁচনিৰ সন্দৰ্ভত শনিবাৰে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। যোৰহাট জিলা কৃষি বিষয়া ড° নিতুমণি গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলাখনৰ জীৱিকা সখী, কৃষি সখী, গ্ৰাম প্ৰধান আৰু কৃষকসকলক 'প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি' আঁচনিৰ বিষয়ে সজাগ কৰা হয়। 'প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি' আঁচনিৰ হিতাধিকাৰী কৃষকসকলে নিয়মীয়াকৈ অৰ্থ সাহায্য লাভৰ বাবে আধাৰ সংযুক্তকৰণ, ই কে ৱাই চি, ভূমি সম্পৰ্কীয় তথ্য সংযুক্তকৰণ আৰু আধাৰৰ লগত বেংক একাউণ্ট সংযুক্তকৰণ কৰাটো প্ৰয়োজন।

কিন্তু জিলাখনৰ বহু সংখ্যক কৃষকে 'প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি' আঁচনিৰ অৰ্থসাহায্য নিয়মীয়াকৈ লাভ কৰা নাই। তেনে হিতাধিকাৰীক চিনাক্তকৰণৰ বাবে জিলাখনৰ জীৱিকা সখী, কৃষি সখী, গ্ৰাম প্ৰধানক সভাই দায়িত্ব প্ৰদান কৰে। সভাখনত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, যোৰহাট জিলা উপায়ুক্ত পুলক মহন্ত, জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ বিভিন্ন পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই তেওঁৰ ভাষণত জিলাখনৰ জীৱিকা সখী, কৃষি সখী, গ্ৰাম প্ৰধান আৰু কৃষকসকলৰ যে সাম্প্ৰতিক সময়ত গভীৰ দায়িত্ব আছে, সেই বিষয়ে অৱগত কৰে।

লগতে পঢ়ক- 

ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৃষকসকলৰ বিকাশৰ হকে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছে। 'প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি'ৰ জৰিয়তে কৃষকৰ সৰ্বাংগীন বিকাশৰ অভিযান লোৱা হৈছে। মিলেট মিছনক ব্যৱহাৰিক ক্ষেত্ৰত গতিশীল ৰূপত প্ৰয়োগ কৰিবলৈ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে আহ্বান জনায়। যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ভাষণ প্ৰসংগত কয় যে দেশৰ কৃষকসকলৰ উন্নতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ সফল ৰূপায়নৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই সজাগ আৰু সচেষ্ট হোৱা উচিত। জীৱিকা সখী, কৃষি সখী, গ্ৰাম প্ৰধানসকলে সৰ্বস্তৰৰ কৃষকৰ ওচৰলৈ ক্ষিপ্ৰতাৰে চৰকাৰী আঁচনিসমূহ লৈ যোৱা উচিত।

যোৰহাট জিলা উপায়ুক্ত পুলক মহন্তই জীৱিকা সখী, কৃষি সখী, গ্ৰাম প্ৰধানসকলক অধিক সক্ৰিয়তাৰে কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে জিলাখনক স্বাৱলম্বী কৰাত কৃষকসকলেই মুখ্য ভূমিকা গ্ৰহণ কৰিব। কৃষকসকলক সকলো ধৰণৰ সুযোগ-সুবিধা দিবলৈ চৰকাৰে যি আঁচনি গ্ৰহণ কৰিছে সেয়া কৃষকসকলে লাভ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব। চৰকাৰী আঁচনি লাভ কৰাৰ ক্ষেত্ৰত কোনো উপযুক্ত কৃষক যাতে বঞ্চিত নহয় সেই ক্ষেত্ৰত জিলা প্ৰশাসনে চোকা দৃষ্টি দিব। মিলেট মিছনক সফল কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে অহা ৩ জুনত তিতাবৰ মহকুমাটো একে বিষয়ৰ এখন সভা অনুষ্ঠিত হ'ব।

লগতে পঢ়ক- 

এইকেইখন আঁচনিৰ অধিনত মহিলাা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ

 

English Summary: Awareness meeting on 'Pradhan Mantri Krishi Sanman Nidhi' scheme in Jorhat

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.