1. এগ্ৰিপেডিয়া

Moran Ginger : মাৰ্চ-এপ্ৰিল মাহতে এইবাৰ দুই এবিঘা মাটিত কৰক মৰাণ আদাৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Moran Ginger Farming tips & its Benefit
Moran Ginger Farming tips & its Benefit

আদা এক মচলা জাতীয় খাদ্য যদিও ইয়াৰ ওখধি গুণ অনন্য। সম্প্ৰতি অসমৰ আদাই বিদেশতো যথেষ্ট আদৰ পাইছে। যাৰ ফলস্বৰূপে চলিত সপ্তাহটোতে ১০ মেট্ৰিক টন আদা অসমৰ কৃষকে ডুবাইলৈ ৰপ্তানি কৰে।ই নিসন্দেহে ৰাজ্যখনৰ কৃষকসকলৰ বাবে ভাল খবৰ। কাৰণ আদাৰ জনপ্ৰিয়তাই খেতিয়কসকলক আদা খেতি কৰিবলৈ উতসাহিত কৰিব। আৰু কৃষকসকলে এখন ভাল বজাৰ পাব। বৰ্তমান আদা খেতিৰ বতৰ। গতিকে আদাৰ বিষয়ে আজি আমি কৃষকসকলক দুটামান কথা কম। ওপৰত আমি আদা খেতিৰ বিষয়ে কম বুলি ক’লো যদিও আজি এই এই আলোচনাত মৰাণ আদা নামৰ আদাৰ জাতটোৰ কথাহে কম।

মৰাণ আদাৰ দাম বজাৰত অন্য সাধাৰণ আদাতকৈ বহুত বেছি। ই স্বাস্থ্য কাৰণে অতি উপযোগী। এই মৰাণ আদাৰ পৰা বিভিন্ন ঔষধ প্ৰস্তুত কৰা হয়। গতিকে ইয়াৰ চাহিদা আছে বিভিন্ন স্তৰত। অসমৰ গাঁৱে-ভূঞে দুই এজন কৃষকে এই মৰাণ আদাৰ খেতি কৰে। কমকৈ কৰে। ঘৰত খাই বচাৰ পৰা দুই একেজি বিক্ৰি কৰে। কিন্তু এই আদাৰ খেতি কৰিলে লাভান্বিত হ’ব আমাৰ কৃষকসকল। কাৰণ মৰাণ আদাৰ ওষধি গুণবোৰৰ বাবে এই আদাৰ এখন ভাল এখন বজাৰৰ সম্ভাৱনা আছে। এই সম্ভাৱনাক বাস্তৱ দিব লাগিব আমাৰ কৃষকসকলে। পৰিকল্পিতভাৱে এই আদা খেতি কৰিলে অসমৰ কৃষকৰ এই মৰাণ আদাই আন্তঃৰাষ্ট্ৰীয় বজাৰখন দখল কৰিব পাৰিব।

লগতে পঢ়ক- 

এইবাৰ ধান নোহোৱা এবিঘা মাটিত ১৫০ জোপা কাচকলৰ খেতি কৰক

মৰাণ আদাৰ খেতিৰ উপযুক্ত সময় মাৰ্চ-এপ্ৰিল। গতিকে মাৰ্চ এপ্ৰিলৰ ভিতৰত এই খেতি কৰিবলৈ আমাৰ কৃষকসকলে আজিৰ পৰাই প্ৰস্তুতি চলাব লাগিব। মৰাণ আদাৰ খেতি সাধাৰণ আদাৰ খেতিৰ দৰেই কৰা হয়। বালিঅহীয়া, পলসুৱা মাটি আদা খেতিৰ বাবে ভাল। খৰাং দিনবোৰত আমাৰ কৃষকসকলে আদা খেতিবোৰত পানী যোগান ধৰিব পাৰিলে ভাল হ’ব। বৰ্তমান সাধাৰণ আদাৰ দাম গুৱাহাটীৰ বজাৰত ২৪০ টকা। মৰাণ আদাৰ দাম প্ৰায় ৩০০ টকা মানৰ ভিতৰত হ’ব। ভালকে কৰিলে এবিঘা মাটিত কমকেও ২-পৰা ৩ কুইন্টল উতপাদন হ’ব। তেতিয়া হলে অনুমান কৰক- এবিঘা মাটিৰ আদা খেতিৰ পৰা ৮ ৰ পৰা ৯ মাহৰ ভিতৰত কিমান উপাৰ্জন কৰিব পাৰিব।

গতিকে আমাৰ কৃষকসকলক কওঁ আদা খেতিও এক লাভজনক খেতি। অন্য খেতিৰ সমান্তৰালভাৱে আমাৰ কৃষকসকলেও আদা খেতি বা মৰাণ আদাৰ খেতি কৰক। এইবাৰ পাৰে যদি আপোনালোকে ধান খেতি ভাল বাম পথাৰত পানীৰ ব্যৱস্থা কৰি দুই-এবিঘা মাটিত আদা খেতি কৰক। ভালদৰে কৰিলে ধানতকৈ আপোনালোক ১০ গুণ বেছি উতপাদন কৰিব। লগতে আপোনালোকক জনাওঁ যে খেতিত আপোনালোকে যিমান কষ্ট কৰে একেই সমানেই কষ্ট কৰক বজাৰখনৰ বাবে। কিয়নো বজাৰখনৰ ওপৰতেই বেছি নিৰ্ভৰ কৰে কৃষক এজনৰ সফলতাখিনি। আদা খেতিৰ বিষয়ে আপোনালোকে অধিক জানিবলৈ জিলা কৃষি বিষয়া বা মহকুমা কৃষি বিষয়াসকলৰ পৰামৰ্শ লওঁক। আৰু তেওঁলোকৰ নিৰ্দেশনা মতে, আগবাঢ়ক লগতে কৃষি বিষয়াসকলৰ লগত এটা ভাল সম্পৰ্ক বজাই ৰখাই ৰাখক। এই সম্পৰ্কটোৱে আপোনাক বিভিন্নধৰণে সহায় কৰিব।

লগতে পঢ়ক-

Ginger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

English Summary: Moran Ginger Farming tips & its Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.