1. এগ্ৰিপেডিয়া

এইবাৰ ধান নোহোৱা এবিঘা মাটিত ১৫০ জোপা কাচকলৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Raw Banana Farming tips & its benefit
Raw Banana Farming tips & its benefit

সম্প্ৰতি বজাৰত অতি চাহিদা থকা এবিধ কল হ’ল কাচকল। অসমৰ বহু কৃষকৰ বাৰীত কাচ কল আমি দেখিবলৈ পাঁও। কিন্তু আমাৰ কৃষকসকলে কাছকলৰ খেতি ব্যৱসায়িকভাৱে নকৰে। ব্যৱসায়িকভাৱে কলৰ খেতি কৰিলে আমাৰ কৃষকসকলে লাভান্বিত হোৱাৰ স্থল আছে। কাৰণ কাছকলৰ চাহিদা আৰু দাম দুয়োটাই আছে। বজাৰত এটা দুটা কাছকলৰ দাম ১০-১৫ টকা। গতিকে এথোকা কলত ৫০-৬০ টা কল লাগিলে অনুমান কৰক এথোকা কলত আপুনি কিমান টকা উপাৰ্জন কৰিব। আৰু এবিঘা মাটিত যদি আপুনি ২০০ জোপা কাছকল ৰোপন কৰে তেতিয়া ১০ বছৰলৈ প্ৰতিবছৰে ১ লাখ টকাকৈ উপাৰ্জন কৰিব পাৰিব। কিন্তু আমাৰ কৃষকসকলে নকৰে।

মাৰ্চ-এপ্ৰিল মাহত আমাৰ কৃষকসকলে কাছকলৰ পুলি ৰোপন কৰিব পাৰে। বছৰৰ সকলো সময়তে কাচকলৰ খেতি কৰিব পাৰে আমাৰ কৃষকসকলে। আমাৰ বহু কৃষকে কলৰ খেতি কৰে। কিন্তু কাচকলৰ খেতি নকৰে। পাৰিলে এইবাৰ আমাৰ কৃষকসকলে কাছকলৰ খেতি এবিঘামান মাটিত কৰি চাওঁক। ধান ভাল নোহোৱা বাম মাটিত আমাৰ কৃষকসকলে এই খেতি কৰিব পাৰে। নাইবা নদীপৰীয়া হাবিতলীয়া মাটিতো আমাৰ কৃষকসকলে কাচকলৰ খেতি কৰিব পাৰে। বহুতে হয়তো এই লেখাটো পঢ়ি ক’ব – খেতি কৰিলে কি হ’ব বিক্ৰিয়েই নহয়! তেওঁলোকক কওঁ- অসমৰ বজাৰত কাচকলৰ চাহিদা যিমান আছে সিমান উতপাদন নহয়। কাছকলৰ খেতি কৰি গপগপীয়াকৈ বহি থাকিলে নহ’ব। খেতিত যিমান গুৰুত্ব দিছে তাৰ সমান গুৰুত্ব দিব লাগিব বজাৰখনতো। ফেচবুক, ৱাটচএপ, ইউটিউবত আপুনি কৰি থকা খেতিৰ প্ৰচাৰ কৰক। দেখিব বজাৰখন আপোনা-আপুনি আহি গৈছে। এই কথাখিনি কেৱল কাচকলৰ ক্ষেত্ৰতে নহয়। অন্য খেতিৰ ব্যৱসায়ৰ ক্ষেত্ৰতো খাটিব।

লগতে পঢ়ক- 

ভাতকেৰেলা আলু আৰু কুন্দুলিৰ লতাৰ বাবে উল্লেখিত নাম্বাৰত যোগাযোগ কৰক

ইয়াৰ পুলি ক’ত  পাব! আপোনাৰ ওচৰে-পাজৰে কোনো কলৰ খেতিয়ক আছে নেকি চাওঁক। আছে যদি তেওঁলোকৰ লগত কথা-পাতি কাছকলৰ পুলি বিষয়ে তেওঁলোকক সোধক। নাইবা আপুনি ওচৰ-পাজৰ নাৰ্চাৰীলৈ গৈ এই কলবিধৰ পুলিৰ বিষয়ে কথা পাতক। নাৰ্চাৰীত কাম কৰা মানুহে ক’ত, কি পুলি পোৱা যায়। তেওঁলোকে সাধাৰণ মানুহতকৈ বেছি জানে। গতিকে তেওঁলোকৰ লগত পুলি সন্দৰ্ভত কথা পাতক। লগতে আপোনালোকক জনাও যে আমাৰ গ্ৰামাঞ্চলসমূহতো দুই-এজন কৃষকৰ বাৰীত দুই-এজোপা কাচকল থাকে। তেওঁলোকৰ পৰাও দুই-এটাকৈ পুলি সংগ্ৰহ কৰি প্ৰথমবাৰ অলপ খেতি কৰিব পাৰে। পৰৱৰ্তী সময়ত আপোনাৰ কলৰ পৰাই পুলি উতপাদন হ’ব আৰু বেছিকৈ কৰিব পাৰিব।

paddy farming with Banana Farming
paddy farming with Banana Farming

আমাৰ যিসকল কৃষকৰ কৃষিভূমি কম। তেওঁলোকে ওপৰৰ ফটোখনত দেখা দৰেই ধানৰ লগত এনেদৰে কলৰ খেতি কৰিব পাৰে। কলৰ খেতি কৰোঁতে বৰ খৰচো নহয়। পুলিখিনি কিনাৰ পাছতে বাকী কামখিনি আমাৰ কৃষকসকলে নিজৰ শ্ৰমেৰে কৰিব পাৰিব। উল্লেখ্য যে এই কলৰ খেতি কৰাৰ পূৰ্বে দুই এজন কলৰ খেতিয়কৰ পৰামৰ্শ লওঁক। নাইবা কৃষি বিষয়াৰ লগতো আপুনি কথা-বতৰা পাতক। জলসিঞ্চনৰ ব্যৱস্থা পাৰিলে কৰক। এনেদৰে কৰিলে আপুনি নিশ্চিতভাৱে ভাল ফলাফল লাভ কৰিব।

লগতে পঢ়ক- 

Amaranth farming : ৩ মাহত ৩০ হাজাৰ মানে এমাহত এবিঘা মাটিত ১০ হাজাৰ টকা

English Summary: Raw Banana Farming tips & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.