1. এগ্ৰিপেডিয়া

Ginger Farming : ভালদৰে কৰিলে এবিঘা মাটিতে ৮-৯ মাহতে চকুমুদি লাভ কৰিব আঢ়ৈ লাখ টকা

PANKAJ KHANIKAR
PANKAJ KHANIKAR

মচলা হিচাপে আদাৰ গুৰুত্ব অপৰিসীম আৰু বজাৰত আদাৰ চাহিদাও বহুত বেছি। বজাৰত ৫০-৭০ গ্ৰামৰ এটুকুৰা আদাৰ দাম ১০ টকা। ইফালে অসমৰ আদাৰ গুৰুত্ব বহিঃৰাজ্যতো আছে। গতিকে অসমৰ কৃষকসকলে আদা খেতি কৰি যথেষ্ট লাভান্বিত হ’ব পাৰে। অসমৰ বহু কৃষকে আদা খেতি কৰে। আৰু ভাৰতৰ পাঁচখন আদা উতপাদন কৰা ৰাজ্যৰ ভিতৰত অসমৰ স্থান ৩ নম্বৰ। কাৰণ অসমৰ জলবায়ু আদাৰ বাবে উপযোগী। অসমত মাৰ্চ-এপ্ৰিল মাহত আদা খেতি কৰা হয়। বৰ্তমান জানুৱাৰী মাহ। গতিকে যিসকল কৃষকে আদা খেতি কৰিম বুলি ভাবিছে তেওঁলোকে কৃষি পথাৰখন সাজু কৰক।

এতিয়াৰে পৰা প্ৰস্তুতি চলালে পাছত খৰধৰ নালাগে। যিসকলে প্ৰথমবাৰৰ বাবে আদা খেতি কৰিম বুলি ভাবিছে তেওঁলোকে অভিজ্ঞ আদা খেতিয়ক আৰু কৃষি বিষয়াৰ লগত যোগাযোগ কৰি কথাবোৰ জানি লওঁক। আদা খেতিৰ বিষয়ে এই আলোচনাত আমিও কৰিম। কিন্তু সেয়া এজন কৃষকৰ বাবে যথেষ্ট নহয়। অৱশ্যে আমি কৃষি বিষয়া আৰু আদা খেতিয়কসকলৰ লগত যোগাযোগ কৰিয়েই এই প্ৰবন্ধ প্ৰস্তুত কৰিছো। লগতে উল্লেখ কৰি থও যে আমাৰ কৃষকসকলে ধান নোহোৱা ঠাইতো বছৰি ধান খেতি কৰি আহিছে। যিবিলাক ঠাইত ধান ভাল নোহোৱা ওখ পানী জমা নোহোৱা ঠাইবোৰত আদা খেতি কৰিলে ধানতকৈ ১০ গুণ বেছি লাভ হ’ব। পানী জমা নোহোৱা ওখ পলসুৱা মাটি আদা খেতিৰ বাবে উপযুক্ত। অসম কৃষি বিশ্ববিদ্যালয়ৰ মতে ৰিঅ’-ডি-জেনিৰ’, নাদিয়া, কাৰকায়, মৰাণ, যোৰহাট আৰু চীনা আদি আদাৰ জাতবোৰ অসমত ভাল হয়। আদাৰ গুটি নাথাকে। পুলিৰ বাবে ৰখা আদাৰ পৰা মেলা পোখাবোৰকে বীজ হিচাপে ৰোপন কৰা হয়। বীজৰ বাবে ৰখা পোখাবোৰত ২-৩ টামান কোঁহ থাকিব লাগে আৰু প্ৰতিটুকুৰাৰ ওজন প্ৰায় ৫ গ্ৰাম মান হোৱা দৰকাৰ ৷ মাটিডৰা আলু তলীৰ দৰে চহাব লাগে। চহোৱা মাটিখিনিত এটা শাৰীৰ পৰা আন এটা শাৰীলৈ আঢ়ৈ ফুট মান ৰাখি নাঙলেৰে ৩ ইঞ্চিমান দ কৰি শাৰী বনাব লাগে। নাঙলৰ সিৰলুবোৰ চাফা কৰি আদাবোৰ ৬ ইঞ্চি দূৰত্বত পোখাবোৰ ৰোপন কৰিব লাগে।

লগতে পঢ়ক- 

Ash gourd farming : এবিঘা মাটিত আৰম্ভ কৰক ফেব্ৰুৱাৰী-এপ্ৰিলৰ ভিতৰত

Zinger Farming  ( আদা খেতি)
Zinger Farming ( আদা খেতি)

সাৰ প্ৰয়োগ :

এবিঘা মাটিত এক টন পছনসাৰ, ৫ কেজি নাইট্ৰজেন, ফচফৰাচ ১০ কেজি, পটাছ ৪ কেজি আদাতলী প্ৰস্তুত কৰোঁতে প্ৰয়োগ কৰিব লাগিব। মন কৰিব যে নাইট্ৰজেন মাটি প্ৰস্তুত কৰিব নালাগে। আদা ৰোৱাৰ ৬০ দিনৰ পাছত প্ৰয়োগ কৰিব। ৪০ দিনৰ মূৰত আদা গুৰিবোৰত মাটি চপাই দিব লাগে। বতৰৰ প্ৰতি লক্ষ্য ৰাখি পোন্ধৰ দিনৰ মূৰে-মূৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

শস্য ৰক্ষা :

মজাখোৱা আৰু পাত মেৰুৱা পোকৰ বাবে ৰ'গৰ ০.০৫ শতাংশ ঔষধ স্প্ৰে কৰিব ৷ লগতে আদা পঁচা বেমাৰ বাবে কৃষকজনে আদা ডৰাত পানী জমা হবলৈ দিব নালাগে। যদি এই বেমাৰ আদা জোপাত লাগে তিষেধক ব্যৱস্হা হিচাপে বীজবোৰ মেনক’জেব ৭৫ ডব্লিও পি (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) নাইবা মেটালেকজিল আৰু মেনক’জেব ৭৫ ডব্লিও পি মিশ্ৰণ ০.৩ শতাংশ ৰোৱাৰ বা সংৰক্ষণ কৰাৰ আগেয়ে ব্যৱহাৰ কৰিব লাগে ৷ আৰু আদাৰ পাতত দাগ লগা (Leaf Spot) : এই বেমাৰ নিয়ন্ত্ৰ্ৰণৰ বাবে বৰদ’  মিশ্ৰণ ১ শতাংশ বা ০.২ শতাংশ থিৰাম ব্যৱহাৰ কৰিব ৷

আদা  খেতিৰ সময়
আদা খেতিৰ সময়

মন কৰিব লগীয়া যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক ৰাইজে বিস্তৃত হাৰত আদাৰ খেতি কৰে যদিও আদা চপোৱা আৰু শুকুৱাৰ ক্ষেত্ৰত বিশেষ মনোযোগ নিদিয়া বাবে আদাৰ গুণাগুণ যথেষ্ট হ্ৰাস পায়। ফলত কম দামতে বিক্ৰী কৰিবলগীয়া হয়। আদা বিক্ৰী কৰি অধিক লাভ আহৰণ কৰিবলৈ হ’লে খেতি চপোৱা আৰু আদা শুকুৱাৰ ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব। গছবোৰ/পাতবোৰ যেতিয়া লাহে লাহে হালধীয়া ৰঙৰ হৈ শুকাবলৈ আৰম্ভ কৰে তেতিয়াই শস্য চপোৱাৰ ব্যৱস্হা কৰিব লাগে  চপোৱাৰ পাচত আদাবোৰ ভালদৰে ২-৩বাৰ ধুই তাৰ পৰা মাটি আৰু বোকাবোৰ আঁতৰাই ৰ’দত দি শুকুৱাব লাগে ৷ এনেদৰে কৰিলে এবিঘাত ২১ পৰা ২৫ কুইন্টল আদা উত্পাদন পাব পাৰি।

লগতে পঢ়ক- 

পৰম্পৰাগত গো-পালনে অসমৰ কৃষিখণ্ডক ৫০ বছৰ পিছুৱাই ৰাখিছে

English Summary: Ginger Farming & its farming Time

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.