1. এগ্ৰিপেডিয়া

Paddy Farming ধান খেতিৰে লাখ টকা উপাৰ্জনৰ বাবে এইদৰে খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Banana Farming with Paddy Farming
Banana Farming with Paddy Farming

আহি আছে ধান খেতিৰ বতৰ। ধান খেতি কৰা আমাৰ কৃষকসকলৰ বাবে এটা ভাল কৃষি পদ্ধতি লৈ আহিছো। যিটো কৃষি পদ্ধতি অৱলম্বণ কৰিলে আমাৰ কৃষকসকল দুই-তিনি বছৰতে লাখপতি হ’ব পাৰিব। অতি কমকৈয়ো আমাৰ কৃষকসকলে ৫-৬ বিঘা মাটি ধান খেতি কৰে। এই পাঁচ-ছয় বিঘা ধান খেতিৰ পৰাই আমাৰ কৃষকসকলে লাখটকা উপাৰ্জন কৰিব পাৰিব। মাত্ৰ এটা এটা নতুন পদ্ধতি অৱলম্বণ কৰি। পিছে এই কৃষি পদ্ধতিটো কি!

প্ৰথমে গোৱালপাৰা জিলাৰ এজন উদ্যমী কৃষক দেব্ৰৱত ৰাভাৰ ধাননি পথাৰখন চাই লওঁক। ধান খেতিৰ লগতে কৃষকগৰাকীয়ে কেনেদৰে কলৰ খেতি কৰিছে আপোনালোকে চাওঁক। কৃষকগৰাকীয়ে পথাৰখনৰ ৩০-৪০ মিটাৰ দূৰত্বত একোটাকৈ শাৰী পাতিছে। শাৰীবোৰৰ প্ৰস্থ ২-৩ ফুট কৰিছে, আৰু ওখ ১ ফুট- ডেৰফুট কৰিছে। এই শাৰীবোৰত তেওঁ কলগছ ৰোপন কৰিছে আৰু কিছু কিছু ঠাইত অমিতা পুলি ৰোপন কৰিছে। শাৰীটোত কলগছ বা অমিতাবোৰ দুই-তিনিফুট দূৰত্বত ৰোপন কৰিব লাগে। ৰোপন কৰাৰ পাছত অপতৃণ উঠিব নোৱৰাৰ ব্যৱস্থা কৰিব লাগে।

কল খেতিত বিশেষ যত্নৰো প্ৰয়োজন নহয়। সাৰ-পানী যোগান নধৰিলেও কল খেতিৰ পৰা লাভান্বিত হ’ব পাৰিব। অসমত কলৰ এখন ভাল বজাৰ আছে। কৃষকসকলে যিমান পাৰে জাহাজী আৰু কাছ কলৰ খেতি কৰক। কাৰণ এইবোৰ কম দিনতে লাগে বজাৰত দাম বেছি হয়, বিক্ৰিৰো ভাল হয়। কাচকল বা পোৰা কল অতি স্বাস্থ্য উপযোগী। বজাৰত উলিয়ালেই গ্ৰাহকৰ মাজত থপিয়া-থপি লাগে। কাচকল পকিবলৈ বা পুৰঠ হ’বলৈ ৰব নালাগে।  গছত লগাৰ পাছতে বজাৰলৈ দিব পাৰিব। আমাৰ কৃষকসকলেও ৪-৫ বিঘা মাটিত ধান খেতিৰ লগত কল খেতি কৰক বছৰি লাখ টকা উপাৰ্জন কৰিব পাৰিব।

আমাৰ কৃষকসকলে যিহেতু ধানৰ খেতি কৰিবই ধানৰ এনেকেই এইবাৰ কল বা অমিতাৰ খেতি কৰি চাওঁকছোন। ১০০ শতাংশ গেৰান্টি দি কব পাৰি যে আপোনালোকে উপকৃত হব। ধানৰ লগত এনেদৰে কলৰ খেতি কৰিলে ধানৰ উতপাদনো ভাল হব। কাৰণ কলগছে মাটিৰ সজীৱতা ধৰি ৰখাত বিশেষ ভূমিকা লয়। পথাৰখনৰ চাৰিওফালে যদি কলগছ থাকে তাৰ মাজৰ মাটিখিনিও সজীৱ হৈ থাকিব। যি সজীৱতাই আপোনাৰ পথাৰ ধানখিনিক উপকাৰ কৰিব।

লগতে পঢ়ক- 

Paddy cultivation : ধান খেতিত অধিক উপাৰ্জন কৰিবলৈ কৰক এইকেইটা কাম

English Summary: Banana Farming with Paddy Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.