1. এগ্ৰিপেডিয়া

খালি মাটি আছে যদি মাৰ্চ-এপ্ৰিলত এইবাৰ এবিঘা মাটিত অম্ৰপালি আমৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Amrapali Mango Farming Tips & its Benefit
Amrapali Mango Farming Tips & its Benefit

যোৱা দুই তিনিটা বছৰত অসমৰ বহু কৃষকে পূৰ্বে আমাৰ কৃষকসকলে নকৰা কিছুমান খেতি কৰিবলৈ আৰম্ভ কৰিছে। সেয়া শাক-পাচলি, উদ্যানশস্য বা পথাৰৰ শস্য আদি সকলো দিশতে। ই নিশ্চিতভাৱে আমাৰ ৰাজ্যখনৰ কৃষিক্ষেত্ৰখনৰ বাবে ভাল খবৰ। শেহতীয়াকৈ মাল্টা টেঙা, ড্ৰেগন ফল, আপেল বগৰী আদি খেতি কৰিবলৈ লৈছে আমাৰ কৃষকসকলে। এইবোৰৰ উপৰি আজি দুই-তিনি বছৰৰ পৰা এবিধ চাপৰতে আৰু কম দিনতে লগা এবিধ আমৰ খেতি কৰি আহিছে তিনিচুকীয়াৰ পেঙেৰীৰ কৃষক ধনীৰাম চেতিয়াই। তেওঁ জানিবলৈ দিয়া মতে, অম্ৰপালি নামৰ এই আমৰ জাতটোৰ খেতি কৰি তেওঁ যথেষ্ট লাভান্বিত হৈছে ।

নতুন আমৰ খেতি
নতুন আমৰ খেতি

আপোনালোকে প্ৰথম ফটোবোৰলৈ মন কৰক। হাতেৰে ঢুকি পোৱাৰ অৱস্থাতে লমা-লমে আমবোৰ লাগিছে। ভালকে সাৰপানী যোগান ধৰিলে এজোপা ২০-৩০ কেজি আম লাগিব মাত্ৰ এজোপা গছত। তেওঁ জানিবলৈ দিয়া মতে, পুলি ৰোপন কৰাৰ ১ বছৰৰ পৰা ডেৰবছৰৰ ভিতৰত অম্ৰপালি গছত ফল লাগিবলৈ ধৰে। প্ৰথম অৱস্থাত অলপ কমকৈ লাগে। এজোপা গছ ৫-৬ বছৰ হোৱাৰ পাছত অধিক পৰিমানে লাগিবলৈ ধৰে। প্ৰায় ২০-২৫ বছৰলৈ এজোপা অম্ৰপালি আমে ফল দি থাকে। পুলি ৰোপন কৰাৰ মাজে মাজে অলপ সাৰ-পানী যোগান ধৰিব লাগিব। তাৰপাছতে এনেদৰে এবাৰ ৰুই ২০-২৫ বছৰলৈ ইয়াৰ ফল লাভ কৰি থাকিব আমাৰ কৃষকসকলে।

লগতে পঢ়ক- 

Rural Business Idea : কৃষিভূমি থকা আৰু নথকাসকলেও কৰিব পাৰিব এই তিনিটা কাম

কৃষক ধনীৰাম চেতিয়াই প্ৰথম অৱস্থাত কেইটামান পুলি আনি নিজৰ বাৰীত পৰীক্ষামূলকভাৱে লগাইছিল। তেওঁ প্ৰথমে ভাৱিছিল অসমৰ মাটিত এই জাতটোৰ আমৰ খেতি বৰ ভাল নহ’ব।  আমবোৰ টেঙা হ’ব, গছত নালাগিব কিন্তু তেওঁৰ সেই ধাৰণাবোৰ ভুল বুলি প্ৰমাণিত কৰি গছৰ পুলিবোৰত ফল লাগিল, খাবলৈয়ো ভাল হ’ল। পৰৱৰ্তী সময়ত তেওঁ অধিক পৰিমাণে অম্ৰপালি আমৰ খেতি কৰিবলৈ ল’লে। তেওঁ কয়- এজোপা চাৰিবছৰীয়া আম গছত ২০-২৫ কেজি আম লাগে। কম মাটিতে এই খেতি কৰিব পাৰে। লগতে মাৰ্চ মাহেই অম্ৰপালি আম খেতিৰ উপযুক্ত সময়। গতিকে বাম মাটি থাকিলে এনেদৰে এবিঘা মাটিত আমৰ খেতি কৰিব। এবিঘা মাটিত ১৬০ জোপা মান আমৰ পুলি ৰোপন কৰিব পাৰে।

আজিকালি আমাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে নাৰ্চাৰী আছে। এই নাৰ্চাৰীসমূহত আমৰ খেতিৰ প্ৰতি আগ্ৰহীসকলে যোগাযোগ কৰিব। যিমান পাৰে নিৰ্ভৰযোগ্য নাৰ্চাৰীৰ ওপৰত গুৰুত্ব দিব। আমৰ খেতিৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহীসকলে কৃষক ধনীৰাম চেতিয়াৰ লগত যোগাযোগ কৰিব পাৰে। কৃষক ধনীৰাম চেতিয়াৰ এটা ফেচবুক পেজ (Dhoniram Chetia) আৰু ইউটিউব চেনেল (Dhoniram Chetia) আছে তাত তেওঁ অম্ৰপালি আম সন্দৰ্ভত বিভিন্ন তথ্য দি থৈ দিছে। লগতে কৃষি সম্বন্ধীয় অন্যান্য বহু কথা । পেজটোতে তেওঁৰ ফোন নম্বৰ আছে। তাত গৈ নম্বৰ লৈ যোগাযোগ কৰিবও পাৰিব।

লগতে পঢ়ক- 

Paddy Farming ধান খেতিৰে লাখ টকা উপাৰ্জনৰ বাবে এইদৰে খেতি কৰক

English Summary: Amrapali Mango Farming Tips & its Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.