1. News

বাক্সাৰ টুপুলীয়াত লেব্ৰা দুগ্ধ সমবায় সমিতি উদ্বোধন প্ৰমোদ বড়োৰ

KJ Staff
KJ Staff
Pramod Boro
Pramod Boro

বিটিআৰত নিবনুৱা যুৱক-যুৱতীসকলক সংস্থাপন দিয়াৰ উদ্যেশ্যে বিটিচি প্ৰশাসনে গ্ৰহণ কৰিছে বডোলেণ্ড দুগ্ধ উৎপাদন আঁচনি৷ সেই উদ্যেশ্যে আজি বাক্সা জিলাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত টুপুলীয়াত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে লেব্ৰা দুগ্ধ সমবায় সমিতিৰ আধাৰশিলা স্থাপন কৰে৷

বিটিচি পৰিষদৰ উন্নয়ন মূলক আঁচনিৰ পৰা ১ কোটি টকা আৱন্টনেৰে গ্ৰহণ কৰিছে এইখন বৃহৎ আঁচনি৷ প্ৰায় দুশ গাই পালনেৰে এক দুগ্ধ বিপ্লৱৰ সূচনা কৰিবলৈ লোৱা এই বৃহৎ আঁচনিখনৰ আধাৰশিলা স্থাপন কৰি প্ৰমোদ বড়োৱে দুগ্ধ উৎপাদনৰ লগতে গাহৰি, ছাগলী ফাৰ্ম স্থাপন কৰি নিবনুৱা সকলৰ সমস্যা সমাধান কৰিব বুলি জানিবলৈ দিয়ে৷

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে দুগ্ধ উৎপাদনৰ লগত সংগতি ৰাখি ঘাঁহৰ বীজো ৰোপন কৰে৷ লগতে লেব্ৰা দুগ্ধ সমবায় সমিতিৰ কাৰ্যালয় উদ্বোধন কৰি এখন ৰাজহুৱা সভাতো অংশ লয়৷

অনুষ্ঠানটোত বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, এম চি এল এ মন্টু বড়োৰ লগতে বিভিন্ন বিভাগৰ বিষষাসকল উপস্থিত আছিল৷ 

লগতে পঢ়কঃ বজাৰ বেয়া- মূৰে কপালে হাত দিবলগীয়া হৈছে গাহৰি পালকে

English Summary: Pramod Boro inaugurates dairy cooperative society in Baksa

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.