পাঁচখন গাঁও পঞ্চায়তক সামৰি লোৱা নামনি অসমৰ বিখ্যাত আলোপতি চৰত ২০২১-২০২২ চনত ‘আলু বিপ্লৱ’ৰ সৃচনা হৈছে৷ বৃহত্তৰ চৰ এলেকাটোত আলু উৎপাদনেৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ চৰ এলেকাটোৰ কেইবাজনো খেতিয়ক আৰু শিক্ষাবিদে আলোপতিৰ খেতি আমি পৰিদৰ্শন কৰাৰ সময়ত কয় যে জানুৱাৰীৰ পৰা মাৰ্চলৈকে চৰৰ পৰাই অসমৰ ৰাইজে বহু লাখ কিলোগ্ৰাম আলু পাইছে৷ চৰকাৰে পোনপটীয়াকৈ আলু ক্ৰয় কৰিলে অসমৰ ৰাইজৰ লগতে আলু উৎপাদন কৰা খেতিয়কৰ এইবাৰ আৰু অধিক লাভ হ’লহেতেন৷
উল্লেখ্য যে, গোৱালপাৰা জিলাৰ ধূপধৰাৰে নগৰবেৰালৈ যাব পাৰি৷ ধূপধৰাৰপৰা নগৰবেৰালৈ প্ৰায় ৩৫ কিলোমিটাৰ বাট৷ নগৰবেৰাৰপৰা আকৌ আৰু প্ৰায় ২০ কিলোমিটাৰ অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰৰ বৰপেটা জিলাৰ আলোপতি চৰ পোৱা যায়৷ অৱশ্যে অসমৰ বিখ্যাত আলোপতি চৰলৈ বৰপেটা হৈওঁ যাব পৰা যায়৷ আমি আলোপতিৰ চৰলৈ আদম আলীৰ সহযোগত গুৱাহাটীৰ পৰা গৈছিলোঁ বাবেই নগৰবেৰাৰ পথৰে গৈছিলোঁ৷ আমি সেই আলোপতি চৰৰ পাঁচখন গাওঁ পন্চায়তৰ বিভিন্ন চৰত দেখিবলৈ পাইছিলো পথাৰে পথাৰে আলুৰ খেতি৷ একাংশ খেতিয়কে আলু বিক্ৰীৰে আত্মনিৰ্ভৰশীল হৈছে৷
সুখ্যাতিৰে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি চৰৰ লুইতপৰীয়া মহাবিদ্যালয়ত অধ্যাপনা আৰম্ভ কৰা ছামচুল আলমে এই প্ৰতিবেদকক কয় যে বছৰে চৰৰ খেতিয়কে আলু খেতি কৰে যদিও এইবাৰ আলুৰ উৎপাদনে অভিলেখ ভংগ কৰিছে৷ কাৰণ খেতিয়কে শ শ কুইন্টল আলু বিক্ৰী কৰিছে৷ আলমে কয় যে ছেপ্তেম্বৰৰপৰা মাৰ্চলৈ আলু খেতি হয়৷ যোৱা বছৰ বৰষুণে আলু খেতি নষ্ট কৰিলে৷ কিন্তু এই বছৰ বৰষুণ কম হোৱাত আলু খেতিৰ উৎপাদন ভাল হৈছে৷ তেওঁ কয় যে এইবাৰ আলোপতি চৰৰ কৰাইখাইতি, আলোপতি, বাঘমাৰা চৰ, খোলাবান্ধা আদিৰ প্ৰায় ৪০০০ বিঘা মাটিত আলু খেতি হৈছে৷ এবিঘা মাটিত গড়ে ৩০ কিলোগ্ৰামৰপৰা ৫০ কিলোগ্ৰাম আলু উৎপাদন হৈছে৷ যদি গড়ে ৪০ কিলোগ্ৰামকৈ ও হিচাপ কৰে কেইবালাখ কিলোগ্ৰাম আলু অসমৰ ৰাইজে আলোপতিৰ চৰৰ পৰাই পালে৷ এয়া পূৰ্বৰ বছৰতকৈ অভিলেখ৷
আনহাতে স্নাতক পৰীক্ষাত অৱতীৰ্ণ হৈ উৰ্ওীৰ্ণ হোৱা ইনামুল হকে আলোপতিৰ কামৰাপাৰাত ৯ বিঘা মাটিত আলু খেতি কৰিছিল৷ তেওঁ এবাৰ খেতি নষ্ট হোৱাৰ পাছত বহু আশাৰেই আলু খেতিত মনোনিবেশ কৰিছিল৷ হকে কয় যে খেতি আৰম্ভ কৰাৰ ৫০ দিন হ’লেই আলু বিক্ৰী কৰিব পৰা যায়৷ কিন্তু ৬০ দিনৰ ভিতৰত আলু বিক্ৰী কৰিলে বিঘাই প্ৰতি ৩০ কুইন্টল উৎপাদন হয়৷ যদি ৯০ দিনত বিক্ৰী কৰা হয় বিঘাই প্ৰতি ৫০ কুইন্টল উৎপাদন হয়৷সেয়ে আমি ৯০ দিনত আলু বিক্ৰী কৰিছোঁ৷ আৰু মধ্যভোগীক কিলোগ্ৰামে প্ৰতি ১৫ টকাকৈ আলু দি ৫০ হেজাৰ টকা উপাৰ্জন কৰিলোঁ৷ আলুৰ পিছত আলুৰ মাজে মাজে হোৱা হোৱা ৰঙালাও বিক্ৰী কৰিও কিছু টকা উপাৰ্জন কৰিলোঁ৷ আলু চৰকাৰে কিনিলে আৰু অধিক লাভ হ’লহেঁতেন৷হকে কয় যে ধানৰ লগতে আলু চৰকাৰে কিনিব লাগে৷ ইয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ আলু আৰু অধিক উৎপাদন হ’ব৷ তেতিয়া বাহিৰৰ ৰাজ্যৰ পৰা আলু নানিলেও হ’লহেতেন৷তেওঁ কয় যে অসমে আলুৰ উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ সম্ভাৱনা আছে৷ আলোপতিতেই বছৰে আৰু অধিক উৎপাদনৰ পৰিৱেশ সৃষ্টি কৰিব পৰা যায়৷ আলোপতিৰ নিৰলা চৰত আলু খেতি কৰা শিক্ষিত যুৱক চাইফুল ইছলামে কয় যে চৰকাৰে আত্মনিৰ্ভৰশীল হ’বলৈ সকলো দিশতেই খেতিয়কক সুবিধা কৰি দিব লাগিব৷চৰত শিতল ভঁৰালৰ ব্যৱস্থা কৰিলে আমি উৎপাদন বঢ়াব পাৰিলোহেতেন৷ কিয়নো শিতলভঁৰালত আলু ৰাখিব পাৰিলে বেয়া নহয়৷ আলু বেয়া হয় বাবেই আমি সোনকালে কম দামত বিক্ৰী কৰিবলৈ বাধ্য হওঁ৷ তেওঁ কয় যে আলোপতিৰেই এটা সৰু চৰ হৈছে নিৰলা চৰ৷ এই এলেকাতেই ১০০০ বিঘা মাটিত খেতিয়কে আলু খেতি কৰিছে৷ খেতিয়কক কিলোগ্ৰামে প্ৰতি ১৮-২০ টকা দিলে অধিক লাভ হ’লহেতেন৷ কিন্তু এইবাৰো আমাক মধ্যভোগীয়ে প্ৰতাৰণা কৰিছে৷ আজাহাৰ আলী নামৰ এজন খেতিয়কে কৰাইখাইতিত ২০ বিঘা মাটিত আলু খেতি কৰিছিল৷ তেওঁ কয় যে আলু উৎপাদনত আমাৰ বিঘাই প্ৰতি ২৫০০০ টকাকৈ খৰচ হৈছিল৷ আমি কিলোগ্ৰামে প্ৰতি ১৪ টকাকৈহে পালোঁ৷যদি কিলোগ্ৰামে প্ৰতি ১৮-২০ টকা পালোহেতেন অধিক লাভ হ’লহেতেন৷ আৰু আলুৰ মাজে মাজে ৰঙালাও হোৱাত লাভ হৈছে৷
লগতে পঢ়ক-লকডাউনে কেনেকৈ সলনি কৰিলে তিনি চাকৰি প্ৰত্যাশী বন্ধুৰ জীৱন...
গুৰুত্বপূৰ্ণ কথা যে আলোপতি চৰত গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা আদম আলী নামৰ এজন যুৱকৰ নেতৃত্বত ছ’চিঅ’ ইক’নমিক এণ্ড ৰুৰেল ডেভলপমেণ্ট এছ’চিয়েছন নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে কৃষক আৰু ছত্ৰক সচেতন কৰাৰ বাবে আপ্ৰাণ চেষ্টা কৰি আহিছে৷ আদম আলীয়ে কয় যে কৃষি বিষয়াই আৰু অলপ মনোনিৱেশ কৰিলে অধিক উৎপাদনৰ থল আছে৷ খেতিয়কে নাজানেই ক’ত কিমান সাৰ দিব লাগে৷ এইবোৰ বিষয় খেতিয়কক বুজালে আমি সকলোৱে নিশ্চিতভাবে উপকৃত হ’ম৷ লক্ষনীয় যে ব্ৰহ্মপুত্ৰৰ আলোপতি চৰত প্ৰবেশ কৰাৰ পূৰ্বেই জলজলি নামৰ এখন উপনৈ পোৱা যায়৷ এই উপনৈত কেইবাখনো বাঁহৰ সাঁকো নিৰ্মান কৰাত ঘোঁৰা আৰু ম’হৰ গাড়ীৰে উৎপাদিত সামগ্ৰী পাৰ কৰি নগৰবেৰালৈকে অনাত সুবিধা হৈছিল৷ জলজলি নদীৰ সাঁকোৰে আমি খোজকাঢ়ি পাৰ হৈ আলোপতি চৰলৈকে গৈছিলো৷ সাঁকোৰে গাড়ীৰেওঁ পাৰ হ’ব পৰা ব্যৱস্থা কৰা হৈছে৷ আমি খোজকাঢ়ি পাৰ হৈ আলুৰ খেতিপথাৰ প্ৰত্যক্ষ কৰিছিলোঁ৷ দুৰ্ভাগ্যৰ কথা যে জুন- জুলাই মাহত সঁকোৰে পাৰ হ’ব নোৱাৰি৷ বানপানী হলে সাঁকোখন ভাঙি যাব৷পুনৰ বানপানীৰ পৰিৱেশ শেষ হ’লে ছেপ্তেম্বৰৰত জলজলি নদী পাৰ হ’বলৈ সাঁকো নিৰ্মান কৰা হ’ব৷সাঁকো নিৰ্মানৰ লগে লগে খেতিয়কে পুনৰ ছেপ্তেম্বৰৰ পৰা আলু বিক্ৰী আৰম্ভ কৰিব৷ বছৰে এনে ব্যৱস্থাৰেই খেতিয়কে জীৱীকাৰ সংগ্ৰাম কৰি আহিছে৷ সেই সকল খেতিয়কক কিছু চৰকাৰী সুবিধা আৰু উপযুক্ত বজাৰ দিলে আলু খেতিৰ উৎপাদন আৰু বৃদ্ধি কৰাৰ সুযোগ পালেহেতেন৷ লক্ষনীয় যে আলোপতি চৰত শিক্ষিতৰ হাৰ বাঢ়িছে ভাৰতৰ স্বাধীনতাৰ পূৰ্বেই চৰত বসতি আৰম্ভ হৈছিল৷ এই চৰত ১৯০১ চনতেই বিদ্যালয় স্হাপন হৈছিল৷ এতিয়া কেইবাখনো অসমীয়া বিদ্যালয় আছে৷ চৰৰ বাসিন্দাই শিক্ষাত গুৰুত্ব দিয়াত খেতিৰ লগে লগে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা লোকৰ সংখ্যাওঁ বৃদ্ধি হৈছে৷ প্ৰথমবাৰৰ বাবে আমি আলোপতি চৰৰ ভিতৰত প্ৰৱেশ কৰি অভিভূত হৈছিলোঁ৷ খেতি কৰা মানুহবোৰৰ মন বৰ ভাল৷ তেওঁলোকে অধিক আলু উৎপাদন কৰি অসমক আলুৰ ক্ষেত্ৰত এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰিছে৷
লেখক-জিতেন্দ্ৰ কুমাৰ চৌধুৰী
দৈনিক অসম কাকতৰ সাংবাদিক
ফোন নম্বৰ- ৯৮৬৪০৩৭৪১৬
লগতে পঢ়ক-তামুলপুৰ জিলাৰ লক্ষ্মী সমবায় সমিতিৰ কৃষি বিপ্লৱ, ৫০০ বিঘা মাটিত মচুৰ খেতি