1. সফল কাহিনী

তামুলপুৰ জিলাৰ লক্ষ্মী সমবায় সমিতিৰ কৃষি বিপ্লৱ, ৫০০ বিঘা মাটিত মচুৰ খেতি

KJ Staff
KJ Staff
Success Stories
Success Stories

তামুলপুৰ জিলাৰ উলুবাৰী আৰু বানগুৰিত স্বকীয় কর্মসংস্কৃতিৰে উজলিছে লক্ষ্মী সমবায় সমিতি। সমবায় সমিতিখনৰ পঁচিশজন কৃষকৰ পৰিয়ালে আজি পঁচিশ বছৰ ধৰি মটঙা নদীৰ বালিচাপৰিত সৰিয়হ, আলু আৰু মাহজাতীয় শস্যৰ খেতি কৰি আহিছে।

এনেদৰে পঁচিশটা পৰিয়ালৰ সদস্যসকলে বছৰ বছৰ ধৰি মাহজাতীয় শস্যৰ লগতে আলু আৰু সৰিয়হৰ খেতি কৰি অৱশেষত তেওঁলােকে এখন সমবায় সমিতিও গঠন কৰি লৈছে। কোনাে চৰকাৰী সা-সুবিধা নােহােৱাকৈয়ে এই কৃষক পৰিয়াল কেইটাই কৃষিকে সাৰথি কৰি আন কৃষকসকলৰ বাবে আদর্শ স্বৰূপ হৈ পৰিছে। এইবেলিও উলুবাৰী আৰু বানগুৰিৰ কৃষক ৰাইজ মিলি প্রায় ৪৮০ বিঘা মাটিত মচুৰ দাইল আৰু ৪৫ বিঘা মাটিত সৰিয়হ খেতি কৰিছে। 

সমবায় সমিতিখনৰ সভাপতি শৰৎ কলিতাই কয়— ‘আমি কৃষিৰে আজি পঁচিশ বছৰ ধৰি স্বাৱলম্বী হৈ আহিছোঁ। মিঠাতেল, দাইল আৰু আলু আজিকোপতি কিনি খাব লগা হােৱা নাই। সকলােৰে ঘৰত কৃষি উৎপাদিত সৰিয়হৰ তেল, আলু আৰু মচুৰ বা মাহৰ দাইল পাব"।

গাঁওখনৰ যুৱ সমাজকর্মী মুকুট মহন্ত আৰু সমবায়খনৰ সম্পাদক উৎপল মহন্তই খেতিপথাৰৰ সকলাে দিশ পৰিচালনা কৰি প্ৰয়ােজনীয় বীজ সংগ্রহ, বীজ সিঁচা কামৰ লগতে ট্রেক্টৰেৰে হাল বােৱা, জলসিঞ্চনৰ দিহা কৰা আদি কামত সহায় কৰি আহিছে। এনেদৰে সময়ত পৰিয়ালৰ পুৰুষ-মহিলাসকল ওলাই আহি মচুৰ-সৰিয়হ তােলাত ব্যস্ত হৈ পৰে। ভৱিষ্যতেও এনেদৰে সমবায় ভিত্তিত খেতি কৰি প্রয়ােজনীয় সৰিয়হ, আলু, মাহজাতীয় শস্যৰ খেতি কৰিবলৈ প্রস্তুত বুলি তেওঁলােকে জানিবলৈ দিয়ে। এনেদৰেই এই সমিতিৰ সদস্যসকলে নদীৰ পাৰৰ পতিত ভূমি পুনৰ ব্যৱহাৰ কৰি এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে।

উৎস - উৎপল ডেকা

English Summary: Agriculture Revolution of Laxmi Cooperative Society in Tamulpur district cultivation of dal on 500 bighas land

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.