1. সফল কাহিনী

কৃষি কাৰ্যৰে আদৰ্শ ধেমাজিৰ ভৱেন শালৈ, ভোট জলকীয়া বিক্ৰী কৰি ১৮ লাখ টকা উপাৰ্জন-

KJ Staff
KJ Staff
কৃষি কাৰ্যৰে আদৰ্শ ধেমাজিৰ ভৱেন শালৈ
কৃষি কাৰ্যৰে আদৰ্শ ধেমাজিৰ ভৱেন শালৈ

আৰ্থিক অৱস্থা  বেয়া হোৱাৰ বাবেই উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰা অসমৰ ধেমাজি জিলাৰ নিলখ তৰাণি পথাৰৰ নিলখ চাৰিআলিৰ ভবেন শালৈ নামৰ ৩২ বছৰ বয়সৰ যুৱকজনে অলপতে ভোট জলকীয়া বিক্ৰী কৰি ১৮ লাখ টকা উপাৰ্জন কৰিছে৷ ভোট জলকীয়া খেতি কৰি সমগ্ৰ ধেমাজি জিলাত আলোড়ন সৃষ্টি কৰা শালৈয়ে উৎপাদিত ভোট জলকীয়া ভূটানলৈ ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ তেওঁ ভূটানৰ এটা ব্যক্তিগত কোম্পানীৰ লগত বুজাবুজি চুক্তি সম্পন্ন কৰিছে৷ কোম্পানীটোৱে ভবেন শালৈ আৰু তেওঁৰ ৩৬ জন সতীৰ্থ খেতিয়কৰপৰা এক কোটি টকাৰ ভোট জলকীয়া ক্ৰয় কৰিব৷

উল্লেখ্য যে ধেমাজিৰ ভবেন শালৈয়ে উচ্চতৰ মাধ্যমিকত উৰ্ত্তীৰ্ণ হৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ মন কৰিছিল৷ কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবেই ইলেকট্ৰিকেলত আই টি আই কৰে৷ বহুদিন একো বিশেষ কৰিব নোৱাৰি গাই নদীৰ পাৰত পৰিয়ালৰ ১০ বিঘা মাটিত তেওঁ খেতিত ধৰিলে৷ ডিমাপুৰৰ পৰা ভোট জলকীয়াৰ পুলি,গুটি আনি ৰোপণ কৰিলে৷

এবিঘা মাটিত ভোট জলকীয়াৰ পুলি ৰোপণ কৰিলে তেওঁৰ গড়ে ২১ হাজাৰ টকাকৈ খৰচ হয়৷ প্ৰথমে অলপ অলপকৈ উৎপাদিত সামগ্ৰী ডিমাপুৰত বিক্ৰী কৰিছিল৷ ক্ৰমে লাভ হোৱাত দহ বিঘা মাটিতেই জলকীয়াৰ পুলি ৰোপণ কৰিলে৷ ক্ৰমে অধিক লাভ হ’বলৈ ধৰিলে৷ শালৈয়ে ২০২০ চনত সাত লাখ টকা আৰু ২০২১ চনত চাৰি লাখ টকাৰ ভোট জলকীয়া ডিমাপুৰত বিক্ৰী কৰিছিল৷ চলিত ২০২২ চনৰ প্ৰথম ভাগতেই প্ৰায় ১৮ লাখ টকাৰ ভোট জলকীয়া বিক্ৰী কৰি নিজৰ পূৰ্বৰ সকলো অভিলেখ তেওঁ ভংগ কৰিছে৷

একানপটীয়াকৈ কেইবা বছৰ ভোট জলকীয়াৰ খেতি কৰি আত্মনিৰ্ভৰশীল হোৱা ভবেন শালৈয়ে এই প্ৰতিবেদকক আছুতীয়া সাক্ষাৎকাৰত কয়- ‘মোৰ লাভ হোৱাত বহু বন্ধু আৰু কনিষ্ঠক একে খেতি কৰাৰ প্ৰেৰণা দিছিলোঁ৷ এনেদৰে নিজাকৈ বহু বিঘা মাটিৰ লগতে ৩৬ জন স্হানীয় যুবকৰ জৰিয়তে আন ৮৮ বিঘা মাটিত ভোট জলকীয়া ৰোপণ কৰা হৈছে৷ সকলো মিলি আমি প্ৰতিষ্ঠান এটাও স্হাপন কৰিছোঁ৷ 

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ এটা ব্যক্তিগত কোম্পানী এটাই আমাৰ খেতিৰ কথা জানিব পাৰি অলপতে আমাৰ লগত বুজাবুজি চুক্তি কৰিছে৷’ শালৈয়ে আৰু কয় ‘ নিজৰ ১০ বিঘা মাটিৰ জলকীয়া আমি ডিমাপুৰত বছৰি বিক্ৰী কৰি থাকিম৷ কিন্তু ভূটানৰ কোম্পানীটোৱে আমাৰ পৰা ১০ টন ভোট জলকীয়া বিচাৰিছে৷ বুজাবুজি চুক্তি মতে আমি ৩৬ জনে ভূটানক ১০ টন ভোট জলকীয়া যোগান ধৰি এক কোটি টকা উপাৰ্জন কৰিম৷ তেওঁলোকে আমাৰ পৰা ২০২৩ চনটো ১০-১২ টন জলকীয়া কিনিব’ ৷

শালৈয়ে লগতে কয়- আমাৰ ১০ বিঘাৰ খিতি চাবলৈ কৃষি বিশ্ববিদ্যালয়, ওচৰৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ সঘনাই আহে৷ আমাৰ পৰা বহু শিক্ষাৰ্থীয়ে প্ৰেৰণা পাইছে৷ আগন্তুক সময়ত আমি কাঠফুলাৰ খেতিৰ লগতে গাহৰিৰ ফাৰ্মো খোলাৰ মনোনিবেশ কৰিছোঁ৷ নিজেই  এইবাৰ ১৮ লাখ টকা উপাৰ্জন কৰি আন যুৱককো আদৰ্শ দেখুৱাবলৈ সক্ষম হোৱাত আমি আনন্দিত হৈছোঁ৷ কাৰন সকলোৱে মিলিহে আমি সমৃদ্ধিশালী ভাৰত আৰু অসম গঢ়িবলৈ সক্ষম হ’ম৷

অসমৰ ধেমাজি-লক্ষিমপুৰ জিলাৰ যুৱকৰ আদৰ্শ হৈ পৰা ভবেন শালৈয়ে আৰু এই প্ৰতিবেদকক কয়- ‘ কৃষিক এক লাভজনক আৰু আকৰ্ষণীয় বৃত্তিলৈ ৰুপান্তৰিতকৰণ কৰিব পাৰিব লাগিব৷ মদ  ভাং আৰু নিচাযুক্ত দ্ৰব্য, মটৰ চাইকেল, ম’বাইল আদিৰ সলনি যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিলে চৰকাৰে লাখ লাখ নিবনুৱাক সংস্হাপন দিব পাৰিব৷ আমাৰ যুৱ প্ৰজন্মক এনে সুযোগ দিব লাগে যাতে তেওঁলোকে কৃষিক মূল বৃত্তি হিচাপে লৈ আৰ্থিক সচ্ছলতাৰ লগতে অসমৰ বিকাশৰ হাৰ বৃদ্ধি কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে৷

লেখক জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন নম্বৰঃ ৯৮৬৪০-৩৭৪১৬

 লগতে পঢ়ক-সৰুপথাৰৰ ৰণজিৎ চেতিয়াই উদ্ভাৱন কৰিলে ভােট জলকীয়া শুকুওৱা যন্ত্র

English Summary: Dhemaji's Successful Farmer Bhaben Saloi Story

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.