1. উদ্য়ানশস্য়

ভোট জলকীয়া খেতি কৰাৰ পূৰ্বে জানি লওঁক এইকেইটা কথা-

RAHUL ALI
RAHUL ALI
ভোট জলকীয়া
ভোট জলকীয়া

বৰ্তমান সময়ত বজাৰত অধিক চাহিদা লাভ কৰি আহিছে ভোট জলকীয়াই। বজাৰৰ চাহিদা অনুসৰি ভোট জলকীয়া খেতিয়ক সকলেও অধিক লাভজনক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে লাভ উপাৰ্জনৰ বাবে আপুনি যদি ভোট জলকীয়াৰ খেতি কৰিব বিচাৰে তেন্তে আপুনি কেইটামান তথ্য জানি লোৱাতো অতি প্ৰয়োজন।

ভোট জলকীয়া খেতিয়ক সকলে কি কি কথা গুৰুত্ব দিবঃ

  • ভোট জলকীয়া বীজৰ বাবে প্ৰথমে আপুনি সম্পূৰ্ণ পূৰঠ আৰু পকা নিৰোগী ফলহে সংগ্ৰহ কৰিব লাগে। ইয়াৰ লগতে বীজৰ বাবে ফল সংগ্ৰহণ কৰে শস্য ডৰাৰ মাটি অধিক উৎপাদনক্ষম হোৱাৰ প্ৰয়োজন আছে।

  • বীজৰ বাবে লোৱা ভোট জলকীয়াটো ৰোগীয়া হ’ব নালাগে। আকাৰত সমান পকা জলকীয়াহে বীজৰ বাবে আপুনি সংগ্ৰহ কৰক।

  • সিঁচাৰ পূৰ্বে বীজখিনি শতকৰা ০.৩ মাত্ৰাৰ ট্ৰাইচ’ডিয়াম ফছফেট (Trisodium phosphate)দ্বাৰা শোধন কৰক। বীজসমূহ ঔষধৰ মিশ্ৰণত ৫-১০ মিনিট পৰ্যন্ত ডুবাই ৰাখি সম্পুৰ্ণ ছাঁ পৰা ঠাইত শুকুৱাই বীজতলীত সিঁচিব।

  • বীজতলীৰ পুলিবিলাক নাইলন সুতাৰে তৈয়াৰী (৩০ ছিদ্ৰযুক্ত) আঁঠুৱাৰে মূল পথাৰলৈ নিয়ালৈকে ঢাকি ৰাখিব লাগে। পুলি ৰোপণ কৰাৰ পাছত কাষৰ মাটি অংশ হেঁচি টান কৰি দিব লাগে।

  • ভালদৰে পূৰঠ হৈ ৰং ধৰা উজ্জ্বল ফলবোৰেহে গছৰ পৰা চপাব লাগে । লগতে ভালদৰে প্ৰতিপালন কৰি ভোট জলকীয়াৰ খেতি কৰিলে এজোপা গছৰ পৰা ২০০ টাকৈ জলকীয়া পাব পাৰি।

  • অপতৃণসমূহ জলকীয়াৰ পথাৰৰ ভিতৰত আৰু ওচৰে-পাঁজৰে গজিবলৈ নিদিব। এইসমূহ ভাইৰাছজনিত বেমাৰৰ বাহক হ’ব পাৰে। বেমাৰী জলকীয়া গছবোৰ দেখা পোৱাৰ লগে লগেই উঘালি জ্বলাই পেলাব লাগে।

  • গছৰ গুৰি আৰু কাণ্ড পচা বেমাৰ নিয়ন্ত্ৰণৰ বাবে বেভিষ্টিন আৰু কেপটান নামৰ ঔষধ শতকৰা ০.১ আৰু ০.২৫ মাত্ৰাত মিহলাই গুৰিত ৬ চে.মি. পৰ্যন্ত তিতি যোৱাকৈ বেমাৰ দেখা দিয়াৰ সময়তে প্ৰয়োগ কৰিলে নিয়ন্ত্ৰণ হ’ব।

  • ভোট জলকীয়াৰ খেতি ওখ, পানী জমা নোহোৱা, শুকান, ফচফচীয়া , আধা ৰ’দ পৰা ঠাইত কৰিলে গছৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে গছজোপাৰ বহুতো বেমাৰ-আজাৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায়। অনিয়ন্ত্ৰিত সাৰ, পানী যোগান আদিয়ে খেতিৰ সুফল অনাতকৈ অনিষ্টহে কৰে। গতিকে মনত ৰাখিব সাৰ-পানীৰ যোগান কৰোতে প্ৰয়োজন অনুসৰি হে কৰিব।

  • মন কৰিলগীয়া অন্যন এটা কথা হ'ল, এবাৰ বেমাৰে আক্ৰমণ কৰা মাটিত দ্বিতীয়বাৰ ভোট জলকীয়াৰ খেতি নকৰি, কবি-বিলাহী আদিৰ খেতি কৰিব লাগে। ইয়াৰ দ্বাৰা মাটি ডৰা সুস্থ কৰিব পাৰি।

লগতে পঢ়ক-পাণখেতি ৰোপণৰ বিভিন্ন পদ্ধতি সম্পৰ্কে-

English Summary: Know about Boot Jolokia Farming

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.