1. উদ্য়ানশস্য়

জলকীয়া খেতিত চাহী পোকৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ উপায়

KJ Staff
KJ Staff

জলকীয়া খেতিৰে এক ভাল উপাৰ্জন কৰি আহিছে অসমৰ খেতিয়ক সকলে । বিশেষকৈ অসমৰ ভোট জলকীয়া তথা জলকীয়া দ্বাৰা প্ৰস্তুত কৰা আচাৰে বিদেশৰ বজাৰতো এক সমাদৰ লাভ কৰিছে । ভোট জলকীয়াৰ অধিক স্বাস্থ্যৰ উপকাৰিতাৰ গুণ থকাৰ বাবে বজাৰতো ইয়াৰ চাহিদা অধিক ।

ভোট জলকীয়াৰ খেতি কৰাৰ সময় ভৈয়াম অঞ্চলত আঘোণ-পুহৰ পৰা জেঠ-আহাৰ মাহলৈ আৰু পাহাৰীয়া অঞ্চলত ব’হাগ-জেঠৰ পৰা পুহ-মাঘ মাহলৈ । অৰ্থাৎ ভৈয়াম অঞ্চলত শীতকালৰ পৰা গ্ৰীষ্মকাললৈকে আৰু পাহাৰীয়া অঞ্চলত গ্ৰীষ্মকালত আৰম্ভ কৰি শীতকাললৈকে খেতি কৰা হয় ।

অসমৰ জলকীয়া খেতিয়ক সকলৰ এটা ডাঙৰ সমস্যা হৈছে জলকীয়া খেতিত চাহী পোকৰ নিয়ন্ত্ৰণ । গতিকে এই শিতানত চাহী পোক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে উল্লেখ কৰা হৈছে ।

চাহী পোকৰ শাৰীৰিক গঠনঃ

এইবিধ পোক বিধ দেখাত সৰু আৰু  হালধীয়া বৰণৰ । ইহঁতে পাতৰ ঠাৰি ,পাত আদিৰ পৰা ৰস শুহি খায় । আক্রান্ত পাতবিলাক মেটুৰা মেটুৰ হয় আৰু পাতবিলাক তলৰ ফালে কোঁচ খাই যায় । বুঢ়া পাতবিলাকৰ ঠাৰিবিলাক দীঘল হোৱা আৰু পাতবিলাক তলফালে মেটুৰা মেটুৰ হোৱাটো এই পোকৰ দ্বাৰা আক্রান্ত হোৱা গছবিলাকৰ প্রধান লক্ষণ ।

জলকীয়া গছৰ পৰা কেনেদৰে চাহী পোক নিয়ন্ত্ৰণ কৰিব?

ফুৰাডন (কাৰফুৰণ) ৩ গ্রাম প্রতি বর্গমিটাৰ মাটিত গুটি সিঁচাৰ সময়ত বীজ তলীত প্রয়োগ কৰিব লাগে । জলকীয়াৰ বীজখিনি ইমিডাক্ল'প্রিড ঔষধৰ ২.৫ গ্রাম প্রতি কিলোগ্ৰাম বীজত মিহলাই শোধন কৰিব লাগে । ভাৰটি থেক নামৰ ঔষধবিধৰ ০.৪ মিলিলিটাৰ প্রতি লিটাৰ পানী হিচাপে মিহলাই পাতবিলাক তিতি যোৱাকৈ ২০ দিনৰ ব্যৱধানত স্প্রে কৰিলে চাহি পোকৰ উপদ্রৱ কম হয় ।

লগতে পঢ়কঃ  লাভজনক উপাৰ্জনৰ বাবে এপ্ৰিলৰ শেষতে আৰম্ভ কৰক জালুকৰ খেতি, জানিবলৈ পঢ়ক...

English Summary: Control of pest in Ghost pepper cultivation

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.