1. সফল কাহিনী

নামনি অসমৰ আলোপতিত ‘আলু বিপ্লৱ’

KJ Staff
KJ Staff

পাঁচখন গাঁও পঞ্চায়তক সামৰি লোৱা নামনি অসমৰ বিখ্যাত আলোপতি চৰত ২০২১-২০২২ চনত ‘আলু বিপ্লৱ’ৰ সূচনা হৈছে৷ বৃহত্তৰ চৰ এলেকাটোত আলু উৎপাদনেৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে৷ চৰ এলেকাটোৰ কেইবাজনো খেতিয়ক আৰু শিক্ষাবিদে আলোপতিৰ খেতি  আমি পৰিদৰ্শন কৰাৰ সময়ত কয় যে জানুৱাৰীৰ পৰা মাৰ্চলৈকে চৰৰ পৰাই অসমৰ ৰাইজে বহু লাখ কিলোগ্ৰাম আলু পাইছে৷ চৰকাৰে পোনপটীয়াকৈ আলু ক্ৰয় কৰিলে অসমৰ ৰাইজৰ লগতে আলু উৎপাদন কৰা খেতিয়কৰ এইবাৰ আৰু অধিক লাভ হ’লহেতেন৷

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ ধূপধৰাৰে নগৰবেৰালৈ যাব পাৰি৷ ধূপধৰাৰপৰা নগৰবেৰালৈ প্ৰায় ৩৫ কিলোমিটাৰ বাট৷ নগৰবেৰাৰপৰা আকৌ আৰু প্ৰায় ২০ কিলোমিটাৰ অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰৰ বৰপেটা জিলাৰ আলোপতি চৰ পোৱা যায়৷ অৱশ্যে অসমৰ বিখ্যাত আলোপতি চৰলৈ বৰপেটা হৈওঁ যাব পৰা যায়৷ আমি আলোপতিৰ চৰলৈ আদম আলীৰ সহযোগত গুৱাহাটীৰ পৰা গৈছিলোঁ বাবেই নগৰবেৰাৰ পথৰে গৈছিলোঁ৷ আমি সেই আলোপতি চৰৰ পাঁচখন গাওঁ পন্চায়তৰ বিভিন্ন চৰত দেখিবলৈ পাইছিলো পথাৰে পথাৰে আলুৰ খেতি৷ একাংশ খেতিয়কে আলু বিক্ৰীৰে আত্মনিৰ্ভৰশীল হৈছে৷

সুখ্যাতিৰে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী  গ্ৰহণ কৰি চৰৰ লুইতপৰীয়া মহাবিদ্যালয়ত অধ্যাপনা আৰম্ভ কৰা ছামচুল আলমে এই প্ৰতিবেদকক কয় যে বছৰে চৰৰ খেতিয়কে আলু খেতি কৰে যদিও এইবাৰ আলুৰ উৎপাদনে অভিলেখ ভংগ কৰিছে৷ কাৰণ খেতিয়কে শ শ কুইন্টল আলু বিক্ৰী কৰিছে৷ আলমে কয় যে ছেপ্তেম্বৰৰপৰা মাৰ্চলৈ আলু খেতি হয়৷ যোৱা বছৰ বৰষুণে আলু খেতি নষ্ট কৰিলে৷ কিন্তু এই বছৰ বৰষুণ কম হোৱাত আলু খেতিৰ উৎপাদন ভাল হৈছে৷ তেওঁ কয় যে এইবাৰ আলোপতি চৰৰ কৰাইখাইতি, আলোপতি, বাঘমাৰা চৰ, খোলাবান্ধা আদিৰ প্ৰায় ৪০০০ বিঘা মাটিত আলু খেতি হৈছে৷ এবিঘা মাটিত গড়ে ৩০ কিলোগ্ৰামৰপৰা ৫০ কিলোগ্ৰাম আলু উৎপাদন হৈছে৷ যদি গড়ে ৪০ কিলোগ্ৰামকৈ ও হিচাপ কৰে কেইবালাখ কিলোগ্ৰাম আলু অসমৰ ৰাইজে আলোপতিৰ চৰৰ পৰাই পালে৷ এয়া পূৰ্বৰ বছৰতকৈ অভিলেখ৷

আনহাতে স্নাতক পৰীক্ষাত অৱতীৰ্ণ হৈ উৰ্ওীৰ্ণ হোৱা ইনামুল হকে আলোপতিৰ কামৰাপাৰাত ৯ বিঘা মাটিত আলু খেতি কৰিছিল৷ তেওঁ এবাৰ খেতি নষ্ট হোৱাৰ পাছত বহু আশাৰেই আলু খেতিত মনোনিবেশ কৰিছিল৷ হকে কয় যে খেতি আৰম্ভ কৰাৰ ৫০ দিন হ’লেই আলু বিক্ৰী কৰিব পৰা যায়৷ কিন্তু ৬০ দিনৰ ভিতৰত আলু বিক্ৰী কৰিলে বিঘাই প্ৰতি ৩০ কুইন্টল উৎপাদন হয়৷ যদি ৯০ দিনত বিক্ৰী কৰা হয় বিঘাই প্ৰতি ৫০ কুইন্টল উৎপাদন হয়৷সেয়ে আমি ৯০ দিনত আলু বিক্ৰী কৰিছোঁ৷ আৰু মধ্যভোগীক কিলোগ্ৰামে প্ৰতি ১৫ টকাকৈ আলু দি ৫০ হেজাৰ টকা উপাৰ্জন কৰিলোঁ৷ আলুৰ পিছত আলুৰ মাজে মাজে হোৱা হোৱা ৰঙালাও বিক্ৰী কৰিও কিছু টকা উপাৰ্জন কৰিলোঁ৷ আলু চৰকাৰে কিনিলে আৰু অধিক লাভ হ’লহেঁতেন৷হকে কয় যে ধানৰ লগতে আলু চৰকাৰে কিনিব লাগে৷ ইয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ আলু আৰু অধিক উৎপাদন হ’ব৷ তেতিয়া বাহিৰৰ ৰাজ্যৰ পৰা আলু নানিলেও হ’লহেতেন৷তেওঁ কয় যে অসমে আলুৰ উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ সম্ভাৱনা আছে৷

আলোপতিতেই বছৰে আৰু অধিক উৎপাদনৰ পৰিৱেশ সৃষ্টি কৰিব পৰা যায়৷ আলোপতিৰ নিৰলা চৰত আলু খেতি কৰা শিক্ষিত যুৱক চাইফুল ইছলামে কয় যে চৰকাৰে আত্মনিৰ্ভৰশীল হ’বলৈ সকলো দিশতেই খেতিয়কক সুবিধা কৰি দিব লাগিব৷চৰত শিতল ভঁৰালৰ ব্যৱস্থা কৰিলে আমি উৎপাদন বঢ়াব পাৰিলোহেতেন৷ কিয়নো শিতলভঁৰালত  আলু ৰাখিব পাৰিলে বেয়া নহয়৷ আলু বেয়া হয় বাবেই আমি সোনকালে কম দামত বিক্ৰী কৰিবলৈ বাধ্য হওঁ৷ তেওঁ কয় যে আলোপতিৰেই এটা সৰু চৰ হৈছে নিৰলা চৰ৷ এই এলেকাতেই ১০০০ বিঘা মাটিত খেতিয়কে আলু খেতি কৰিছে৷ খেতিয়কক কিলোগ্ৰামে প্ৰতি ১৮-২০ টকা দিলে অধিক লাভ হ’লহেতেন৷ কিন্তু এইবাৰো আমাক মধ্যভোগীয়ে প্ৰতাৰণা কৰিছে৷ আজাহাৰ আলী নামৰ এজন খেতিয়কে কৰাইখাইতিত ২০ বিঘা মাটিত আলু খেতি কৰিছিল৷ তেওঁ কয় যে আলু উৎপাদনত আমাৰ বিঘাই প্ৰতি ২৫০০০ টকাকৈ খৰচ হৈছিল৷ আমি কিলোগ্ৰামে প্ৰতি ১৪ টকাকৈহে পালোঁ৷যদি কিলোগ্ৰামে প্ৰতি ১৮-২০ টকা পালোহেতেন অধিক লাভ হ’লহেতেন৷ আৰু আলুৰ মাজে মাজে ৰঙালাও হোৱাত লাভ হৈছে৷

 লেখক-জিতেন্দ্ৰ কুমাৰ চৌধুৰী

দৈনিক অসম কাকতৰ সাংবাদিক

ফোন নম্বৰ- ৯৮৬৪০৩৭৪১৬

লগতে পঢ়ক-IAS হোৱাৰ পাছতো খেতি কৰে সোহনলালে-

English Summary: Potato Revolution in Alopoti Char, Lower Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.