1. News

প্ৰতিবাদৰ মাজতে বাঘবৰ সমষ্টিৰ ৪০০ বিঘা কৃষিভূমি বেদখলমুক্ত কৰিলে চৰকাৰে

Mrigakshi Phukan
Mrigakshi Phukan
Sherman Ali Ahmed protests against eviction in Batadrava
Sherman Ali Ahmed protests against eviction in Batadrava

সোমবাৰে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ ৪০০ বিঘা কৃষিভূমিৰপৰা উচ্ছেদ কৰা হয় বেদখলকাৰীক। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সেই অঞ্চলত বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰে প্ৰশাসনে। উক্ত ভূমি ১৯৯২ চনতে বড়ো কৃষক সমবায় সমিতিৰ নামত আবণ্টন কৰা হৈছিল যদিও অঞ্চলটোত প্ৰায় ৪৫ ঘৰ লোকে দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল।

এই উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে। বিধায়কগৰাকীৰ দাবী অনুসৰি ১৯৯২ চনতে এই ভূমি বড়ো কৃষক সমবায় সমিতিক আৱণ্টন দিয়া হৈছিল যদিও বিগত তিনিটা দশক ধৰি সংগঠনটোৱে মাটিখিনি ব্যৱহাৰ নকৰাত ইয়াত আন লোকে বসতি স্থাপন কৰিছিল। নিয়ম অনুসৰি কোনো দল-সংগঠনক ভূমি আবণ্টন দিয়াৰ পাছত ৩ বছৰলৈকে সেই ভূমি ব্যৱহাৰ নকৰিলে মাটিখিনিৰ ওপৰত সংগঠনটোৰ কোনো অধিকাৰ নাথাকে বুলি দাবী কৰে বিধায়কগৰাকীয়ে। বড়ো কৃষক সমিতিৰ অস্তিত্বক লৈয়ো প্ৰশ্ন উত্থাপন কৰে শ্বেৰমান আলীয়ে।

১৯৯২ত সেই সময়ৰ কংগ্ৰেছ বিধায়ক দিলদাৰ ৰোজ্জাই খহনীয়াগ্ৰস্ত ভূমিহীন লোকক সংস্থাপন দিয়াৰ বিপৰীতে অস্তিত্বহীন বড়ো কৃষক সমিতিক ভুমি আৱণ্টন দিয়া বুলি বিধায়কগৰাকীয়ে দাবী কৰে। তদুপৰি উক্ত ভূমিত বাঘবৰৰ প্ৰায় ২০ হাজাৰ লোকক সংস্থাপন দিবলৈ শ্বেৰমান আলীয়ে বিগত মাৰ্চ মাহতে দাবী জনাইছিল যদিও সেই ভূমিত পুনৰ চৰকাৰে উচ্ছেদ চলোৱাৰ চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰে বিধায়কগৰাকীয়ে।

ইফালে প্ৰতিবাদৰত অৱস্থাৰৰপৰাই বিধায়কগৰাকীক আটক কৰে আৰক্ষীয়ে। তেওঁক কিছু সময়ৰ বাবে বাঘবৰ আৰক্ষী থানাত আটক কৰি ৰখাৰ পাছত যাবলৈ দিয়া হয়। অৱশ্যে থানাৰপৰা ওলাই অহাৰ পাছতে পুনৰ বিযয়টোক লৈ সৰৱ হৈ পৰে বিধায়কগৰাকী। উচ্ছেদ সন্দৰ্ভত তেওঁ শাসনাধিস্থিত বিজেপি চৰকাৰক সমালোচনা কৰাৰ লগতে নিমাত স্থিতি গ্ৰহণ কৰাৰ বাবে কংগ্ৰেছ দলকো সমালোচনা কৰে।

আনহাতে এই সন্দৰ্ভত বাঘবৰ প্ৰশাসনে দিয়া ভাষ্য অনুসৰি সেই ভূমি কৃষক সমিতিয়ে কিয় ব্যৱহাৰ নকৰিলে বা কেতিয়াৰপৰা তাত বেদখলকাৰীয়ে বসতি স্থাপন কৰিলে সেয়া স্পষ্ট নহয়। অৱশ্যে ইয়াত বাস কৰা কিছু পৰিয়াল বিগত প্ৰায় ৩ বছৰ ধৰি থকাৰ বিপৰীতে কেইটামান পৰিয়ালে কেৱল ৬ মাহ পূৰ্বেহে ইয়াত থিতাপি লৈছিলহি বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

উচ্ছেদ কাৰ্যক সমালোচনা কৰি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা আব্দুল খালেকে কয়, ‘সংস্থাপনৰ বিকল্প অবিহনে কৰা উচ্ছেদ কাৰ্যক আমি সদায়ে গৰিহণা দি আহিছোঁ।‘

উল্লেখ্য যে, বিগত ১৯ ডিচেম্বৰত নগাঁৱৰ বটদ্ৰৱাৰ ১০০০ বিঘা চৰকাৰী ভূমিৰপৰা ৫০০ বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰিছিল চৰকাৰে। বিধানসভাৰ শীতকালীন অধিৱেশনত উচ্ছেদ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, উচ্ছেদ প্ৰক্ৰিয়া অবিৰতভাৱে চলি থাকিব আৰু অবৈধভাৱে বসবাস কৰি থকা হিন্দু-মুছলমান বা যিকোনো সম্প্ৰদায়ৰ লোকে চৰকাৰী ভূমি বা বনাঞ্চল এৰি যাব লাগিব।

লগতে পঢ়কঃ Agriculture Tourism: টীয়কৰ বনভোজস্থলীৰ কাষৰ কৃষিপামে আকৰ্ষণ কৰিছে পিকনিক দলক

English Summary: Encroachers evicted from farm land in Assam's Batarava

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.