1. কৃষি সঁজুলি

৮৫ হাজাৰ ৰাজসাহাৰ্যৰে ৩ হাজাৰখন পাৱাৰ টিলা অসমৰ কৃষকলৈ। যোগযোগ কৰক আজিয়েই!

KJ Staff
KJ Staff
3,000 power tillerss with 85,000 subsidy
3,000 power tillerss with 85,000 subsidy

ইক’ মটৰ্ছৰ পৰিচালন সঞ্চালক কুমাৰ গৌৰৱৰ অধ্যক্ষতাত সমাজৰ দুখীয়া শ্ৰেণীৰ কৃষকৰ সাহায্যার্থে যোৱা ২১ নৱেম্বৰত আছাম ফাৰ্মাৰ প্ৰাউউচাৰ ক'-অপাৰেটিভ ছ'চাইটি লিমিডেড গঠন কৰা হয়। সমবায় সমিতিখন গঠন হোৱাৰ লগে লগে কৃষকৰ হিতৰ হকে ইয়াৰ প্ৰথমটো পদক্ষেপ গ্রহণ কৰে।

সমিতিখনৰ অধ্যক্ষ কুমাৰ গৌরবে ঘোষণা কৰে যে অসমৰ দৰিদ্ৰ কৃষকক ৩০০০খন পাৱাৰ টিলাৰ প্ৰদান কৰা হ'ব আৰু ৮৫,০০০ টকাৰ ৰাজসাহায্য মূল্য দিয়া হ'ব। কৃষকে মাত্র ১,৩০,০০০ টকা দিব লাগিব। হিতাধিকাৰী আৰু আছাম ফাৰ্মাৰ প্ৰাউউচাৰ অপারেটিভ ছ'চাইটি লিমিটেডৰ ক’-অপাৰেটিভ ছ'চাইটি লিমিটেডৰ ব্যক্তিৰ মা্জত যাতে  কোনোধৰণৰ নগদ ধনৰ লেনদেন নহয় তাৰ প্ৰতি সমিতিখনে লক্ষ্য ৰাখিব।

লগতে পঢ়ক- 

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চৰকাৰক আহ্বান কৃষক গোটৰ!

 

কেৱল যোগানকাৰী ডিলাৰকহে পাৱাৰ টিলা আৰু আনুষাংগিক বিত্তীয় লেনদেনৰ ডেলিভাৰী সম্পন্ন কৰিবলৈ অনুমতি দিয়া হৈছে। তদুপৰি, অধ্যক্ষ কুমাৰ গৌৰৱে কয় যে তেওঁলোকে কৃষি যন্ত্ৰ, যেনে—ৰিপাৰ, কৰ্ন হার্ভেষ্টাৰ, পটেটো ছিডাৰ, ছিডাৰ, ৰ'টাভেটৰ আদিৰ ওপৰতো একেধৰণৰ সুবিধা প্রণয়ন কৰিছে যাতে দৰিদ্ৰ কৃষকে তেওঁলোকৰ কৃষি উৎপাদনৰ ক্ষেত্ৰখনত কৃষকে তেওঁলোকৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিব পাৰে।

লগতে কৃষকৰ  উন্নয়ন সমিতিখনে সু- নিশ্চিত কৰিবলৈ সম্পূর্ণ প্রয়াস অব্যাহত ৰাখিছে। অধ্যক্ষগৰাকীয়ে সদৰী কৰি কয় যে যিদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন উন্নয়নৰ দিশত আগবাঢ়ি গৈছে, এই উন্নয়নৰ দিশত আছাম ফাৰ্মাৰ প্রডিউচাৰ ক’- অপাৰেটিভ ছ'চাইটি লিমিটেডে কিছু পৰিমাণে হ'লেও অৰিহণা যোগাব বুলি তেওঁলোক আশাবাদী।

লগতে পঢ়ক- 

ৰাষ্ট্ৰসংঘৰ বহনক্ষম জীৱিকা উন্নয়নৰ লক্ষ্যত মুগা আৰু এৰী ৰেচম শিল্পৰ ভূমিকা

English Summary: 3,000 power tillerss with 85,000 subsidy for farmers

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.