1. পশুপালন

কুচিয়া পালনৰ বাবে মীন পালকসকলৰ আদৰ্শ বাক্সাৰ পুৱাৰাম বড়ো!

KJ Staff
KJ Staff
Kuchia Farming
Kuchia Farming

চৰকাৰী চাকৰি এৰি মীন পালন আৰম্ভ কৰি ১৯৮৭ চনৰ পৰা আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰা। বাক্সা জিলাৰ পুৱাৰাম বড়ো আজি ৰাজ্যৰ অগ্ৰণী মীনপালকসকলৰ অন্যতম এটা প্ৰতিষ্ঠিত নাম। পুৱাৰামে কুচিয়া পালনৰ চিন্তা কৰিলে। এইক্ষেত্ৰত দিহা-পৰামৰ্শদাতা তথা মীন সম্প্ৰসাৰণ বিষয়া বিপুল খাটনিয়াৰ আৰু তদানীন্তন জিলা মীন বিষয়া দীনেশ বণিক্যৰ কাষ চাপিল। যদিও কুচিয়া পালনৰ কোনো অনুমোদিত পালন প্ৰক্ৰিয়া নাই,  তথাপি পুৱাৰামক সহায় কৰিবলৈ দুয়ো হাত উজান দিলে।

তেওঁলোকৰ সহযোগত পুৱাৰামৰ সুদীৰ্ঘ কুৰি বছৰৰ মীন পালনৰ অভিজ্ঞতা মিলি আৰম্ভ হ’ল পৰীক্ষামূলক কুচিয়া পালনৰ প্ৰাৰম্ভিক প্ৰস্তুতি। প্ৰস্তুত কৰে ২.৭ মিটাৰ বহল আৰু ৯ মিটাৰ দীঘল তিনি কোঠালিবিশিষ্ট পকী টেংক। প্ৰতিটো কোঠালিৰ গভীৰতা আৰু জল গভীৰতা সুকীয়া সুকীয়া। মাজৰ বেৰকেইখন নিমজ্জিত অৱস্থাত থাকে আৰু বেৰখন কুচিয়া চলাচল কৰিব পৰা পকী ফুটাবিশিষ্ট। টেংকটোত পানী (মাটিৰ তলৰ টেংক) সোমাব আৰু ওলাবলৈ আগম নলী আৰু নিৰ্গম নলীৰো ব্যৱস্থা আছে। টেংক প্ৰস্তুত কৰাৰ পিছত প্ৰতিটো কোঠালিতে উচ্চ হিউমাছবিশিষ্ট মাটি, পচা মেটেকা আৰু বিভিন্ন তদনুৰূপ সামগ্ৰীৰে বেদিকাখন সাজু কৰা হয়। তাৰ পিছত লাহে লাহে পানী ভৰাই কুচিয়া পালনৰ বাবে আগবঢ়া হয়।

যিহেতু কুচিয়াৰ পোনা আৱিষ্ট প্ৰজননৰ দ্বাৰা সহজলভ্য হোৱা নাই সেয়ে প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰাৰ বাহিৰে আন গত্যন্তৰ নাই। এনে গাঁতসমূহৰ পৰা দিয়াচলাই কাঠি জোখৰ কুচিয়া পোনাসমূহ সংগ্ৰহ কৰা হয়। পুৱাৰামৰ পৰ্যবেক্ষণমতে একোটা গাঁতৰ পৰা তিনিশটামান পোনা পাব পাৰি। কুচিয়া পালনত টেংকটোত মাহেকত কিছু চূণ প্ৰয়োগ কৰা হয় যদিও আন বিশেষ পৰিচালনাৰ সমস্যা নাই।

খাদ্য হিচাপে শুকান মাছৰ গুড়ি, চয়াবিনৰ গুড়ি, কেঁচু, ভেকুলী আদিৰ কটা টুকুৰা ঘৰৰ এৰেহা আদি দিয়া হয় যদিও তেওঁৰ পৰ্য্যবেক্ষণত ভাত হেনো কুচিয়াৰ প্ৰিয় খাদ্য। বিশেষকৈ মানুহে খোৱাৰ পিছত এৰা অৱশিষ্টখিনি। দিয়াচলাই কাঠি জোখৰ কুচিয়া পোনা পালনৰ অন্তত প্ৰায় ৩০০-৩৫০ গ্ৰামলৈ ডাঙৰ হৈছে। এইদৰে আঠ-দহ মাহ পালনৰ অন্তত মাৰ্চ মাহত ফচল চপাই পুৱাৰামে মুঠ কুচিয়া পায় ৯২ কেজি। অনায়াসে থাওকতে উপাৰ্জন কৰে প্ৰায় ২১,২০০ টকা। সকলো খৰচ বাদ দি হাতত থাকিল ১৫,৮০০ টকা।

ইমান কম অঞ্চলৰ পৰা (কেৱল ২.৭ মিটাৰ বহল আৰু ৯ মিটাৰ দীঘল) এই উপাৰ্জন নি:সন্দেহে আশাৰ ৰেঙণি। তদুপৰি ইয়াত কষ্ট কম, মূলধনী ব্যয় সীমিত আৰু বিশেষ পৰিচালনাৰ প্ৰয়োজন নহয়। প্ৰতি দিনৰ কাম অতি সতৰ্কতাৰে পৰ্য্যবেক্ষণ কৰি লিপিবদ্ধ কৰা পুৱাৰাম, বিপুল আৰু বণিক্যৰ এই প্ৰচেষ্টাই পাৰ্শ্বৱৰ্তী জনসাধাৰণৰ মাজতো যথেষ্ট উৎসাহৰ খোৰাক যোগাইছে। এই সফলতাৰ আধাৰত পৰৱৰ্তী বছৰত কিছু সাল-সলনিৰে এক বুজন অংকৰে বৃহৎ পৰিসৰত তেওঁলোকে কুচিয়া পালনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে।

প্ৰাকৃতিক স্থলৰ পৰা পোনা সংগ্ৰহৰ সুচল ব্যৱস্থা থাকিলে অতি কম ভূমিৰ পৰা তুলনামূলকভাৱে কম মূলধন আৰু কম কষ্টেৰে কুচিয়া পালন কৰি যথেষ্ট লাভৱান হ’ব পাৰি। পুৱাৰামৰ মাত্ৰ ২.৭ মিটাৰ বহল আৰু ৯ মিটাৰ দীঘল টেংকটোত পালন কৰা হৈছে ৩০০ টা কুচিয়া।

উৎস- সংগৃহীত

লগতে পঢ়ক-অসমৰ থলুৱা প্ৰজাতিৰ মাছ আৰু ইয়াৰ সংৰক্ষণ

English Summary: Baksa Ideal Kuchia Fish Farmer Poaram Bodo Story

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.