Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 April, 2023 2:34 PM IST
Zero Budget Farming & its benefit

জিৰ’ বাজেট ফাৰ্মিং এটা খৰচ শূণ্য (জিৰ’) কৃষি পদ্ধতি। কাৰণ ই এটা প্ৰাকৃতিক প্ৰণালী। এই কৃষি পদ্ধতিত কেৱল কেঁচু, গোৱৰ, গোমূত্ৰ, অণুজীৱ, জাৱৰ-জোথৰ আদিৰ ব্যৱহাৰৰ কৰা হয়। আৰু এই সামগ্ৰীবোৰ কৃষকৰ ঘৰত সহজে উপলব্ধ । এই পদ্ধতিত ৰাসায়নিক সাৰ অথবা কীটনাশকৰ ব্যৱহাৰ একেবাৰে নিষিদ্ধ। প্ৰণালীব্ধভাৱে কৰা এই পদ্ধতিয়ে আন পদ্ধতিৰে কৰা কৃষিতকৈ ফচলৰ উৎপাদন গুনগতভাবে দুগুণ কৰে। জিৰ’ বাজেট খেতিয়ে কৃষকৰ আয় বৃদ্ধি আৰু খৰছ হ্ৰাস কৰা লগতে এখন বহনক্ষম পৃথিবীৰ সৃষ্টিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। বিত্ত মন্ত্ৰী নিৰ্মলা চিতাৰামনেও বিগত আভ্যন্তৰীন বাজেটত (২০১৯) কৃষকৰ আয় দুগুণ কৰা প্ৰয়াসেৰে “জিৰ’ বাজেট” খেতিৰ প্ৰসাৰ আৰু বিস্তাৰত গুৰুত্ব প্ৰদান কৰিছে।

মহাৰাষ্ট্ৰৰ বিদৰ্ভৰ এজন কৃষক সুভাষ পালেকৰে প্ৰথমবাৰৰ বাবে বৈজ্ঞানিকভিত্তিত “জিৰ’ বাজেট নেচাৰেল ফাৰ্মিং” পদ্ধতিৰে এই খেতি কৰে। তেখেতে কেইবাবছৰ অৰণ্য অধ্যয়ন কৰি সন্ধান পাইছিল যে অৰণ্য বা জংঘলবোৰত কোনোধৰণৰ সাৰপানী দিয়া নহয়, অথচ্ অৰণ্যবোৰ ফলমূলেৰে নদন-বদন। ফচলেৰে ভৰা, ৰোগ-ব্যাধি নাই আৰু উদ্ধিদৰ বৃদ্ধিও যথেষ্ট উন্নত। পৰৱৰ্তী সময়তে তেওঁ ছয় বছৰ নিজৰ ফাৰ্মত এই বিষয়ে অধ্যয়ন কৰি “জিৰ’ বাজেট নেচাৰেল ফাৰ্মিং” পদ্ধতিৰ উদ্ভাৱন কৰে। সুভাষ পালেকৰদেৱে তেখেতৰ গৱেষণাত পাইছিল যে অত্যধিক ৰাসায়নিক সাৰ, কীট-নাশক দৰৱ, ট্ৰেক্টৰ আদিৰ অবাধ প্ৰয়োগৰ ফলত মাটিত থকা অণুজীৱবোৰ সংখ্যা কমি যায়, যাৰ বাবে মাটিৰ আদ্ৰতা, বায়ু, পানী ধৰি ৰাখিব পৰা ক্ষমতা আদি ক্ৰমাগতভাবে হ্ৰাস পাই গৈ থাকে। ফলত মাটিৰ উৰ্বৰা শক্তি লোপ পায় আৰু কৃষকে কম উৎপাদন পায়। গতিকে উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধি কৰাব লাগিব। তেখেতে অনুসন্ধানত পাইছিলে যে, ভাৰতীয় দেশীয় মূলৰ যিকোনো গাই এজনীৰ মাত্ৰ এক (১) গ্ৰাম গোৱৰত প্ৰায় তিনিশ (৩০০) ৰ পৰা পাচশ (৫০০) সূক্ষ্ম অণুজীৱ থাকে, যি মাটিৰ উৰ্বৰা বৃদ্ধিত যথেষ্ট সহায় কৰে। তেখেতে পৰ্যায়ক্ৰমে গোৱৰ, মূত্ৰৰ লগতে আন কিছুমান প্ৰাকৃতিক উপাদনৰ মিশ্ৰণৰ ওপৰত বিস্তৃত গৱেষণা কৰে আৰু বীজামৃত, জীৱামৃত, অগ্নিঅস্ত্ৰ, ব্ৰক্ষাস্ত্ৰ তথা নীমাস্ত্ৰৰ বিধান কৃষকক দিয়ে। তেখেতৰ কাৰ্যত কৰি দেখুৱাইছে যে মাত্ৰ এজনী দেশীয় গাইৰ পৰা এজন কৃষকে পয়সত্তৰ (৭৫) বিঘা মাটি পৰ্যন্ত খেতি কৰিব পাৰে। কৃষিখণ্ডত তেখেতৰ বহুমুলীয়া অৱদানৰ বাবে ভাৰত চৰকাৰে ২০১৬ ইং চনত “পদ্মশ্ৰী” সন্মানেৰে সন্মানীত কৰে।

লগতে পঢ়ক- 

Rural business ideas : হাতৰটো এৰি বাটৰটোলৈ আৰু কিমান দিন ৰ'ব

‘জিৰ’ বাজেট ফাৰ্মিং মুলত: চাৰিটা প্ৰনালীৰে কাম কৰে:

ক) বীজামৃত: ই এটা প্ৰাকৃতিক বীজশোধন ব্যৱস্থা। ইয়াৰ দ্বাৰা বীজৰ বিষক্ৰীয়া আতৰোৱা হয়। পোক-পৰুৱাৰ আক্ৰমনৰ পৰা ৰক্ষা কৱজ দিয়া হয়। আৰু ই বীজৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

সামগ্ৰী: ১) গোৱৰ ২) পানী ৩) চুন ৪) মাটি ৫) গোমুত্ৰ

বিধি:

১) ৫ কে.জি. গোৱৰ কাপোৰেৰে বান্ধি ১২ ঘন্টা পানীত ডুবাই ৰাখক।

২) ১ লিটাৰ পানীত ১৫ গ্ৰাম চুন এক ৰাতিৰ বাবে ৰাখক।

৩) চুনৰ পানীত এতিয়া কেইমুঠিমান ভাল মাটি মিহলাই লওঁক।

৪) ৫ লিটাৰ গোমুত্ৰ এই মিশ্ৰণটোত ভালদৰে মিহলাই লওঁক।

৫) এতিয়া গোৱৰখিনিৰ যোগ দিয়ক।

৬) আপোনাৰ বীজামৃত তৈয়াৰ হৈ গ’ল।

প্ৰয়োগ :

১) আপোনাৰ বীজখিনি বস্তা এটাৰ ওপৰত সিঁচৰিত কৰি লওঁক।

২) জীৱামৃতখিনি বীজৰ সৈতে চতিয়াই দিয়ক।

৩) এতিয়া হাতেৰে বীজ আৰু বীজামৃত মিহলাই লওঁক।

৪) কিছুসময় ৰ’দত শুকাবলৈ এৰি দিয়ক।

৫) আপোনাৰ বীজ শোধন হৈ গ’ল।

খ) জীৱামৃত: জীৱামৃতে মাটিত জৈৱিক ত্বত্ত শ্ৰীবৃদ্ধিত সহায় কৰে। ই এটা প্ৰাকৃতিক সাৰ যি মাটিত সূক্ষ্ম অনুজীৱৰ সংখ্যা বঢ়ায় ; শস্যৰ গঠন, বৃদ্ধি আৰু বিকাশত কাম কৰে।

সামগ্ৰী:

১) পানী,  ২)গোৱৰ,  ৩)গোমুত্ৰ,  ৪)গুৰ,  ৫)মাকৈ গুৰি,  ৬)বট্গছৰ তলৰ মাটি,  ৭) কাপোৰ,  ৮) বাঁহৰ মাৰি

বিধি:

১) এটা পাত্ৰত ২০০ লিটাৰ পানী লওঁক।

২) পাত্ৰটোত ১০ কে.জি. গোঁৱৰ, ৫-১০ লিটাৰ গোমুত্ৰ, ২ কে.জি. গুৰ, ২ কে.জি. মাকৈ (বা অন্য মাহজাতীয় শস্যৰ গুৰি) আৰু ৫০ গ্ৰাম বট্গছৰ তলৰ মাটি মিহলাই লওঁক।

৩) এতিয়া পাত্ৰটো কাপোৰেৰে মুখ বন্ধ কৰি ছা’ত ৰাখক।

৪) প্ৰতিদিনে দুবাৰকৈ (পুৱা-গধুলী) ঘড়ী কাঁটা দিশে বাঁহৰ মাৰি এডালেৰে ঘুৰাব।

৫) এনেকৈ ৫-৬ দিন পিচত জীৱামৃত তৈয়াৰ হৈ যাব।

প্ৰয়োগ:

১) জীৱামৃত আপোনাৰ খেতিডৰাত জলসিঞ্চনৰ যোগেদি বা প্ৰত্যক্ষ ভাৱেও প্ৰয়োগ কৰিব পাৰে।

২) স্প্ৰে কৰিও দিব পাৰে।

৩) সপ্তাহত দুবাৰকৈ প্ৰয়োগ কৰিব।

৪) ওপোৰক্ত ২০০ লিটাৰ জীৱামৃত তিনিৰ পৰা ৫ বিঘা মাটিৰ বাবে যথেষ্ট।

গ) আচ্ছাদন্: পুলিৰ গুৰিত আৱশ্যকীয় আদ্ৰতা, উষ্ণতা, জীৱানুৰ উপস্থিতি অথবা অনাগতীয়াল ঘাহঁ-বন ৰোধ কৰাৰ বাবে আচ্ছাদনৰ ব্যৱস্থা কৰা হয়।

আচ্ছাদন্ তিনি প্ৰকাৰৰ:

১) মাটি আচ্ছাদন্: মাটিত বায়ুৰ চলাচল, বৰষুনৰ পানী বা জলসিঞ্চনৰ পানীৰ আদ্ৰতা বজাই ৰাখিবৰ কাৰনে মাটি আচ্ছাদন্ দিয়া হ’য়। আমি মাটিৰ বিছনা ধাপ্ দিয়াকে মাটি আচ্ছাদন্ বুলি কোৱা হ’য়।

২) খেৰ আচ্ছাদন্: শস্যৰ শুকান খেৰ বা গছ-গছনিৰ শুকান পাতত যথেষ্ট পৰিমানৰ পুষ্ঠি থাকে। মাটিডৰাত প্ৰ্যয়োগ কৰিলে মাটিয়ে নাইট্ৰ’জেন্, ফচফৰাচ্, পটাচ্ আৰু মেগনেচিয়াম্ লাভ কৰে। ই মাটিত অনুজীৱবোৰৰ বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰিও ই অনাগতীয়াল ঘাহঁ বন গজাত বাধা দিয়ে।

৩) শস্য আচ্ছাদন্: শস্য আচ্ছাদন্ মানে মুল শস্যৰ লগত কৰা মিশ্ৰিত ভাৱত কৰা অন্যান্য খেতি লগোৱাকে বুজায়।

ঘ) ৱাফ্চা: ৱাফ্চা মানে হৈছে মাটিৰ বাতান্বয়ন। ৱাফ্চাই মাটিক এনে এটা প্ৰাকৃতিক পৰিবেশ প্ৰদান কৰে যাৰ ফলত মাটিযে তাৰ নিজৰ জৈৱিক তত্বক মুক্ত ভাৱে ক্ৰিয়া কৰায়। ই মাটিৰ আৱশ্যকীয় আদ্ৰতা অব্যাহত ৰাখে। সহজকৈ ক’বলৈ হ’লে ৱাফ্চা হ’ল এনে এটা পদ্ধতি যিয়ে মাটিত ৫০% বায়ু আৰু ৫০% পানীৰ বাষ্প সঞ্চাৰ কৰিব দিয়া হ’য়। ৱাফ্চা কৰা বিধি হ’ল : দিনৰ ১২ বজাৰ পৰা শস্যৰ ছাঁত পানী দিয়া কাৰ্য। ‌

বি:দ্ৰ: লেখাটো ডালিম বৰ্মনৰ সেউজী চিন্তাত প্ৰকাশিত ‘জিৰ’ বাজেট ফাৰ্মিং’ নামৰ ৰচনাখনৰ সাৰাংশ ৰূপত প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক- 

Green House : সেউজগৃহ এটা বনাই ল’লে কি কি দিশত লাভান্বিত হ’ব কৃষকজন

English Summary: Zero Budget Farming & its benefit
Published on: 17 April 2023, 02:09 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now