1. অন্যান্য

বিশ্বৰ আটাইতকৈ দামী ফলবিধ : এখন বিলাসী গাড়ীৰ সমান ব্যয়বহুল এটা Yubari melon

Mrigakshi Phukan
Mrigakshi Phukan
Yubari king melon
Yubari king melon

গ্ৰীষ্মৰ বতৰত এতিয়া বিভিন্ন সুস্বাদু ফলে বজাৰত ভিৰ কৰিব। দুটকা দাম বেছিকৈ দি হ’লেও বতৰৰ আটাইতকৈ সুস্বাদু আমটো বা অন্য প্ৰিয় ফল আপুনি ক্ৰয় কৰি খাব। কিন্তু আজি এনে এবিধ ফলৰ কথা ক’বলৈ লৈছোঁ, যিটো খাবলৈ মধ্যবিত্ত পৰিয়ালৰ এজন লোকে হয়তো বেংকৰপৰা ঋণ ল’ব লাগিব। বিলাসী গাড়ী বা সোণৰ গহণাৰ সমানেই দামী এই ফলবিধৰ নাম ইউবাৰী কিং মেলন(Yubari king melon)। জাপানত এক বিশেষ পৰিস্থিতিৰ মাজত খেতি কৰা এই ফলবিধক বিশ্বৰ ভিতৰতে আটাইতকৈ দামী ফল (world's most expensive fruit) বুলি জনা যায়। ইনছাইডাৰ পত্ৰিকাৰ এক প্ৰতিবেদন অনুসৰি ২০১৯ চনত ইউবাৰী মেলন ফল এটা ৩২ লাখ টকাত বিক্ৰী হৈছিল।

ইউবাৰী মেলন ইমান দামী কিয়?

এই ফলবিধ জাপানত পোৱা যায় যদিও দেশখনত ই সহজলভ্য নহয়। যথেষ্ট কষ্টৰ পাছতহে এই গছত ফল ধৰে। ফল ধৰিবলৈ নিয়ন্ত্ৰিত সূৰ্যৰ পোহৰ লাগে, যাৰ বাবে পলী হাউছৰ দৰে ঘৰৰ ভিতৰত ইয়াৰ খেতি কৰা হয়। ডাঙৰ হ’বলৈ ধৰা প্ৰতিটো ফলত টুপীৰ দৰে বেষ্টনী পিন্ধাই ৰাখিব লাগে। জাপানৰ যিকোনো দোকানত বিচাৰিলেই এই ফল পোৱা নাযায়। আঢ্যৱন্ত লোকসকলক চাহিদাৰ ভিত্তিত এই ফল যোগান ধৰা হয়। এটা ফল পুৰঠ হ’বলৈ ১০০ দিন সময় লাগে। অৱশ্যে এবাৰ ফল ধৰা গছৰপৰা ১২ মাহেই ফল পোৱা যায়।

এটা ফলৰ দাম ১৫-২০ লাখ টকা

জানি আচৰিত হ’ব যে এটা ইউবাৰী মেলনৰ দাম ভাৰতীয় টকাৰ হিচাপত ১৫-২০ লাখ টকা পৰ্যন্ত হ’ব পাৰে (Yubari king melon price)। ২০২১ চনত এই ফল ১৮ লাখ টকাত আৰু ২০২২ চনত ২০ লাখ টকাত বিক্ৰী হৈছিল বুলি জনা যায়।

সোৱাদ আৰু আকাৰ:

ইউবাৰী মেলনৰ সোৱাদ মৌৰ দৰে মিঠা আৰু আকৃতি গোলাকাৰ। বেলৰ দৰে বাকলিত আঁক-বাক থাকে। আঁক-বাকবোৰ যিমানেই ঘন হয়, ফল সিমানেই মিঠা হয় বুলি জনা যায়। ভিতৰৰ অংশ কমলা ৰঙৰ, পকা অমিতাৰ দৰে। ই তৰমুজ পৰিয়ালৰ এবিধ ফল।

ব্যৱহাৰ

য়ুবাৰী মেলনৰ মিঠা সোৱাদৰ বাবে ইয়াক জেলী, আইচক্ৰীম আৰু কে’ক তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। জাপানত মানুহে য়ুবাৰী মেলনক তেওঁলোকৰ গৌৰৱ বুলি গণ্য কৰে। জাপানত উপহাৰ হিচাপে ইজনে সিজনক দামী ফল দিবলৈ ভাল পায়। য়ুবাৰি তৰমুজবোৰক সেয়েহে ব্যয়বহুল উপহাৰ শ্ৰেণীত ৰখা হয়। পৱিত্ৰ অনুষ্ঠানত মানুহে ইজনে সিজনক এই ফল উপহাৰ হিচাপে দিয়ে।

লগতে পঢ়কঃ Bamboo rice price : এমাজনত ১ কেজি বাঁহৰ চাউলৰ দাম ৩০০-৭০০ টকা

English Summary: Yubari king melon: world's costliest fruit

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.