1. অন্যান্য

Yellow sticky traps : কৃষি পথাৰৰ পৰা পোক-পতংগ নিয়ন্ত্ৰণৰ এটা সহজ উপায়

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Yellow sticky traps
Yellow sticky traps

শাক-পাচলি খেতিত কীট-পতংগই এজন কৃষকক ভাবিৱ নোৱৰাকৈ অপকাৰ কৰে। কৃষক এজনৰ সকলো শ্ৰম কীট-পতংগই কম সময়তে পণ্ড কৰিব পাৰে। গতিকে কৃষকজনে কৃষিপথাৰখন গৰু-ছাগলী আদিৰ পৰা ৰক্ষা কৰাৰ দৰে পোক-পৰুৱাৰ পৰা ৰক্ষা কৰাতো সমানে গুৰুত্ব দিব লাগে। কৃষকসকলৰ এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই সহজে, কম খৰচেৰে, দীৰ্ঘদিনৰ বাবে আৰু জৈৱিকভাৱে পোক-পতংগ ৮০ শতাংশ নিয়ন্ত্ৰণৰ এটা পদ্ধতিৰ বিষয়ে লৈ আহিছো।

Yellow sticky traps বহু কৃষকে এই পদ্ধতিৰ বিষয়ে জানে আৰু বহু কৃষক নাজানে। কীট-পতংগক আকৰ্ষণ কৰা ই এক প্ৰকাৰৰ আঠাযুক্ত ফান্দ। ফটোত আপোনালোকে দেখিবলৈ পাইছে এই ফান্দখন। ইয়াৰ হালধীয়া ৰঙটোৱে কীট-পতংগ বিলাকক আকৰ্ষণ কৰে। কাষলৈ গৈ তাত পৰি দিয়োতেই কীট-পতংগবোৰ তাত লাগি ধৰে। হালধীয়া হোৱা বাবে ৰাতি Yellow sticky traps বোৰ জিলিকি থাকে। আৰু পোহৰৰ দৰে দেখিও Yellow sticky trapsবোৰৰ কাষলৈ পোকবোৰ যায় আৰু আঠাবোৰত লাগি থাকে। কৃষি-পথাৰৰ অনুপাতে মাজে এনেকুৱা দুই চাৰিখন লগাই দিলে আশী শতাংশ পোক-পতংগ নিয়ন্ত্ৰণ হয়। লগতে পাৰিলে এই Yellow sticky traps বোৰত পোক-পৰুৱাক আকৰ্ষণ কৰিব পৰা পদাৰ্থ লগাই দিব পাৰিলে বেছি ভাল। এই ক্ষেত্ৰত foreline trap উল্লেখনীয়। foreline trapৰ সহায়ত কেনেকৈ টেঙা আৰু লতাজাতীয় গছৰ পৰা বৰলীয়া পোক নিয়ন্ত্ৰণ কৰিব পাৰি এই বিষয়ে পঢ়িবলৈ ক্লিক কৰক-

Yellow sticky traps & foreline trap : পোক-পতংগ নিয়ন্ত্ৰণৰ দুটা সহজ উপায়

Yellow sticky traps
Yellow sticky traps

Yellow sticky traps ৰ হালধীয়া আৰু আঠাযুক্ত কাগজখন আপুনি দোকানত নাইবা অনলাইন অৰ্ডাৰ কৰি কিনিব পাৰিব। ঘৰতো তৈয়াৰ কৰি ল’ব পাৰে কিন্তু সেয়া বৰ বেছি নিৰ্ভৰযোগ্য নহয়। গতিকে কিনি অনাই ভাল। বাকী কাঠ, বাঁহ, তাঁৰ আদিতো কৃষকৰ ঘৰত থাকেই। ফটোত দেখুওৱা দৰে বনাই লৈ পোক-পৰুৱাৰ যি বেছি অহা যেন লাগে সেইফালেই এনেদৰে লগাই দিয়ক।

Yellow sticky traps & foreline trap
Yellow sticky traps & foreline trap

এই Yellow sticky traps ব্যৱহাৰ কৰিয়েই কৃষক ধনীৰাম চেতিয়াই দীৰ্ঘদিন ধৰি তেওঁৰ খেতি-পথাৰত পোক-পতংগ নিয়ন্ত্ৰণ কৰি আহিছে। লগতে তেওঁ টেঙাজাতীয় আৰু লতাজাতীয় গছৰ পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে foreline trap ব্যৱহাৰ কৰি আহিছে আৰু সুফল লাভ কৰিছে। উল্লেখ্য যে পতংগ নিয়ন্ত্ৰণ হ’লে কৃষি পথাৰৰ পৰা পোক নাইকীয়া হ’ব। কাৰণ পতংগৰ কণী পৰাহে পোকৰ সৃষ্টি হয়।

লগতে পঢ়ক- 

Fish farming tips : মীন পালনেৰে কম দিনতে অধিক উপাৰ্জনৰ কিটিপ!

English Summary: Yellow sticky traps for monitoring pests

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.