1. উদ্য়ানশস্য়

Indoor Farming: বন্ধ দুৱাৰৰ ভিতৰত উলম্ব খেতিৰে বছৰজোৰা শস্য উৎপাদন

Mrigakshi Phukan
Mrigakshi Phukan
Indoor vertical farming
Indoor vertical farming

আধুনিক সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে সমগ্ৰ বিশ্বজুৰি ঘটি থকা প্ৰৱল জনসংখ্যাৰ বিস্ফোৰণ। জনসংখ্যাতত্ত্বৰ অধ্যয়ন অনুসৰি ২০৫০ চনৰ ভিতৰত এই সমস্যাই এনে ৰূপ ল'বগৈ যে তিনিকোটি হাৰত বৃদ্ধি পাবলগীয়া বিশ্ব জনসংখ্যাক পৰম্পৰাগত কৃষি পদ্ধতিৰে ভৰণ-পোষণৰ বাবে অতিৰিক্ত ১০৯ হেক্টৰ ভূমিৰ প্রয়োজন হ’ব। নিকট ভৱিষ্যতত এয়াই হৈ পৰিব বিশ্ববাসীৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা। উন্নত তথা দূৰদৰ্শী ৰাষ্ট্ৰসমূহে এই সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ উদ্ভাৱন কৰি ইয়াৰ যোগাত্মক ফলাফল প্রমাণিত কৰিছে।ভার্টিকেল ফার্মিং বা উলম্ব কৃষি পদ্ধতি হৈছে এনে এক কৃষি পদ্ধতি, যিয়ে আগন্তুক সময়ত বিশ্ববাসীক প্রবল খাদ্য সংকটৰপৰা ৰক্ষা কৰাৰ লগতে সংস্থাপনৰ ক্ষেত্ৰতো এক নতুন যুগৰ সূচনা কৰি নিবনুৱা সমস্যাৰ সম্ভাব্য ভয়াৱহতাৰপৰা নতুন প্ৰজন্মক ৰক্ষা কৰিবলৈ সক্ষম হ’ব।

আভ্যন্তৰীণ কৃষিৰ ধাৰণাটো নতুন নহয়। কিন্তু ২০৫০ৰ সম্ভাব্য জনসংখ্যাৰ বাবে প্ৰয়োজন হ’ব সম্পূর্ণ নতুন পদ্ধতিৰ শেহতীয়া প্রযুক্তিসম্পন্ন কৃষি পামৰ। এই সকলো দিশ সামৰি উলম্ব কৃষি অভ্যন্তৰীণ পদ্ধতি হ’ব নিম্ন নির্মাণ ব্যয়ক্ষম আৰু সুৰক্ষিত কৰ্ম পদ্ধতিসম্পন্ন। 

উলম্ব কৃষিৰ লাভালাভ:

১। বছৰজোৰা শস্য উৎপাদন।

২। বতৰৰ বিৰূপ প্ৰভাৱত শস্য নাশৰ শূন্য সম্ভাৱনা।

৩। সম্পূর্ণ জৈৱিক পদ্ধতিৰ উৎপাদন।

৪। প্ৰকৃতিক কৃষিভূমি ওভতাই দিয়া।

৫। নতুন নিয়োগ সুবিধা প্রদান ইত্যাদি।

ভাৰতীয় প্রেক্ষাপটতো উলম্ব কৃষিৰ বিভিন্ন আঁচনিৰ ওপৰত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনত কাম-কাজ অব্যাহত আছে। এই আঁচনিসমূহৰ সফল ৰূপায়ণ ঘটিলে দিল্লী, মুম্বাই, কলকাতা, চেন্নাইত আদিত বহুমহলীয়া দালানসমূহত খাদ্য শস্য উৎপাদন কৰিব পৰা যাব। ফলত ইয়াৰ মানুহৰ বাবে ঘৰৰ কাষতে উৎপাদন হোৱা সতেজ শাক-পাচলি আৰু খাদ্য শস্য উপলব্ধ হ’ব। ১ হেক্টৰ ভূমি অধিগ্ৰহণ কৰি থকা ৫ মহলাযুক্ত এটা দালানত ৫ হেক্টৰ ভূমিৰ সমান শস্য উৎপাদন কৰিব পৰা যাব।

আনহাতে, নতুন কৃষিপাম পদ্ধতিৰদ্বাৰা কোনো ধৰণৰ কীটনাশক ব্যৱহাৰ নকৰাকৈ কম পৰিমাণৰ মাটিতে প্ৰয়োজনীয় পুষ্টি যোগ দি কাঁচৰ খিৰিকীৰে অহা সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি বা কৃত্ৰিম পোহৰৰ জৰিয়তে আৰু প্ৰয়োজন সাপেক্ষে উষ্ণতা নিয়ন্ত্ৰণ কৰি প্ৰচুৰ খাদ্য উৎপাদন কৰিব পৰা যাব বুলি ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ডেপুটী ডিৰেক্টৰ জেনেৰেল (খাদ্য শস্য) স্বপন কুমাৰ দত্তই প্ৰকাশ কৰিছে। অসমত উলম্ব কৃষি পদ্ধতিৰ ধাৰণা এতিয়াও ভালদৰে বিকাশ হোৱা নাই যদিও চাদৰ ওপৰত কৰা বাগিচাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। গুৱাহাটী আৰু যোৰহাটৰ বছা বছা কেইগৰাকীমান নাগৰিকক এই সন্দৰ্ভত প্ৰশিক্ষণ দি পিছত ৰাজ্যৰ আন ঠাইতো ইয়াৰ প্ৰসাৰ শীঘ্ৰে আৰম্ভ কৰা হ’ব।

লগতে পঢ়কঃ Paddy cultivation : ধান খেতিত অধিক উপাৰ্জন কৰিবলৈ কৰক এইকেইটা কাম

English Summary: Indoor vertical farming is the future of Agriculture

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.