1. অন্যান্য

Paddy cultivation : ধান খেতিত অধিক উপাৰ্জন কৰিবলৈ কৰক এইকেইটা কাম

PANKAJ KHANIKAR
PANKAJ KHANIKAR
উন্নত জাতৰ ধানৰ খেতি
উন্নত জাতৰ ধানৰ খেতি

আগন্তুক বহাগ বিহু। বিহু সামৰিয়েই অসমীয়া মানুহবোৰ পথাৰত জপিয়াই পৰিব। কাৰণ ধান খেতিয়েই বেছিভাগ অসমীয়া মানুহৰ বছৰটোৰ চলাই নিয়াৰ একমাত্ৰ সম্বল। খৰালি কালত বিস্তীৰ্ণ এলেকাজুৰি খালি হৈ থকা পথাৰবোৰত এটা চুক এৰি নিদিয়াকৈ অসমীয়া মানুহে ধান খেতি কৰে। এনেকৈ ধান খেতি কৰে যদিও অসমত যিমান পৰিমাণৰ চাউলৰ প্ৰয়োজন হয় সিমান পৰিমাণৰ ধান কিন্তু অসমীয়া কৃষকে উতপাদন কৰিব নোৱাৰে। যাৰবাবে পঞ্জাব-হাৰিয়ানাৰ কৃষকৰ ওপৰত চাউলৰ বাবে অসম নিৰ্ভৰ কৰিব লগা হয়।

ইয়াৰ অন্তৰালত থকা কিছুমান কাৰণ এনেধৰণৰ-

১। অসমৰ কৃষকে বৃহত কৃষিভূমিত ধান খেতি কৰে কিন্ত পৰম্পৰাগত কৃষি পদ্ধতিৰে খেতি কৰি আহিছে।

২। বৰষুণৰ ওপৰতেই এশ শতাংশ নিৰ্ভৰশীল অসমীয়া কৃষক। ৰ’দ বেছি হ’লে, খৰাং হ’লে-  ধানত পানী দিয়া চিষ্টেম অসমত নাই। প্ৰয়োজন হ’লে ভেকুলী বিয়া পাতিব।

৩। ধাননী পথাৰত সাৰ দিয়া কোনো চিষ্টেম নাই।

৪। ধান নোহোৱা পথাৰবোৰতো বছৰ বছৰ ধৰি ধান খেতি কৰি অহা।

৫। বানপানীয়ে মাৰিব বুলি জানিও একেডোখৰ ঠাইতে দুই-তিনিবাৰকৈ ধান খেতি কৰাৰ সলনি ধানৰ বিকল্প খেতিৰ বিষয়ে চিন্তা নকৰা।

লগতে পঢ়ক- 

কৃষিক জীৱিকা হিচাপে গ্ৰহণ কৰিলে কি কি দিশত লাভান্বিত হ’ব আপুনি

৬। আজিৰ পৰা ১০০ বছৰ পূৰ্বে যিদৰে খেতি কৰিছিল আজি কৃষকসকলে একেদৰেই কৰা। পৰিবৰ্তন বুলিবলৈ টেক্টৰে হাল বাইছে, মেচিনেৰে ধান কাটিছে। বাকী এশ শতাংশই ১০০ বছৰীয়া পৰম্পৰা।

৭। পুৰণা পদ্ধতিৰে খেতি কৰাৰ ফলত হালবোৱাৰে পৰা কঠিয়া সিঁচা, ৰুৱা, ডোৱা, মৰণা মৰা আদি A to Z হিচাপে কৰিলে উপাৰ্জনতকৈ অধিক খৰচ হয় ধান খেতিত।

৮। চৰকাৰী কৃষি বিষয়াৰ কৃষিখণ্ডৰ প্ৰতি আন্তৰিকতাৰ অভাৱ,  কেৱল দায়িত্ব পালন কৰা আদি কাৰণবোৰ অন্যতম।

৯। কৃষকসকলে উন্নত জাতৰ সঁচৰ খেতি নকৰা

ইয়াৰ বিপৰীতে বাহিৰৰ কৃষিপ্ৰধান উন্নত ৰাজ্যসমূহত-

১। কম ঠাইত কৰে কিন্তু বিজ্ঞানসন্মতভাৱে কৰি অধিক উপাৰ্জন কৰে।

২। পথাৰত পানী যোগানৰ নলীৰ ব্যৱস্থা আছে। বৰষুণৰ বাবে তেওঁলোকে ভেকুলি বিয়া নাপাতে তাৰ সলনি মেচিন লগায়।

৩। উন্নতজাতৰ বীজ ৰোপন কৰে।

সময় এতিয়াও শেষ হৈ যোৱা নাই। এতিয়াও নতুন চিন্তাৰে অসমৰ কৃষকে ধান খেতিৰে বিশ্ব জয় কৰাৰ সম্ভাৱনা আছে। কাৰণ অসমীয়া কৃষকৰ উতপাদিত বৰা চাউল, ৰঙাচাউল, কলাচাউলে বিশ্বৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰিছে। গতিকে শেষত কওঁ যিবোৰ ধানৰ দাম বেছি, অধিক উতপাদন দিয়ে সেইবোৰ ধানৰ খেতি পৰাপক্ষত বিজ্ঞানসন্মতভাৱে কৰিবলৈ চাওঁক। আপোনাৰ খেতি মাটিৰ গোটেইখিনিত নতুন সঁচ, নতুন পদ্ধতিৰে কৰিব নালাগে প্ৰথমবাৰৰ বাবে এবিঘা মাটিত কৰি চাওঁক। সুফল লাভ কৰিলে দ্বিতীয় বছৰলৈ দুবিঘা কৰক।

লগতে পঢ়ক- 

নামঘৰ, গীৰ্জাৰ বাবে লাখ টকা খৰচ কৰাতকৈ গাঁওবোৰত শীতল ঘৰ একোটাকৈ বনোৱা হ’লে!

English Summary: New variety paddy farming in Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.