Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 13 May, 2024 4:19 PM IST
Benefit of malching paper

শেহতীয়াকৈ আমাৰ প্ৰগতিশীল কৃষকসকলে কৃষি পথাৰত ব্যৱহাৰ কৰা এবিধ সামগ্ৰী হ’ল- মালচিং পেপাৰ। বহু কৃষকে এই মালচিং পেপাৰ কৃষি পথাৰত কিয় ব্যৱহাৰ কৰে, মালচিং পেপাৰৰ উপকাৰিতা কি! মালচিং পেপাৰৰ দাম কিমান! মালচিং পেপাৰ ক’ত পায় আদি কথাবোৰ নাজানে! আৰু বহু পৰম্পৰাগতভাৱে খেতি কৰি অহা কৃষকে মাললিং পেপাৰ কি এই বিষয়ে নাজানে! এই লেখাটো সেইসকল কৃষকৰ বাবে।

মালচিং পেপাৰ কি!

মালচিং পেপাৰ হৈছে এখন এখন পলিথিনৰ পেপাৰ।  সাধাৰণ পলিথিনৰ দৰে নহয়। ইয়াত কিছুমান পদাৰ্থ দিয়া থাকে যিবোৰ সূৰ্যৰ অধিক তাপৰ পৰা শস্য জোপাক ৰক্ষা কৰে, বৰষুণৰ প্ৰতিকুল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান পদাৰ্থ দিয়া থাকে আৰু মালচিং খনৰ তলত ভেঁকুৰ সৃষ্টি নোহোৱাৰ নোহোৱা এক পৰিস্থিতি সৃষ্টি কৰিবলৈয়ো কিছুমান পদাৰ্থ দিয়া থাকে। এক কথাত কৃষি কৰ্মৰ সকলো দিশ চালি-জাৰি চাই নিৰ্মাণ কৰা হৈছে এই মালচিং পেপাৰখন।

খেতি পথাৰত কিয় মালচিং পেপাৰ ব্যৱহাৰ কৰা হয়-

সম্প্ৰতি মাল চিং পেপাৰক কৃষকৰ এক পৰম বন্ধু বুলি ক’ব পাৰি। কৃষক এজনক বিভিন্ন সমস্যাৰ পৰা ৰক্ষা কৰে, আৰু সমস্যাসমূহৰ লগত যুঁজ কৰি কৃষকজনক নিজ লক্ষ্যত উপনীত কৰায়।

মালচিং পেপাৰ প্ৰধান কাম :  মালচিং পেপাৰৰ প্ৰধান কাম অপতৃণ ৰোধ। যি ঠাইত মালচিং পেপাৰ পাৰি দিয়া হয়, সেই ঠাইত অপতৃণ নগজে বা গজিব নোৱাৰে। ওপৰৰ ফটোত দেখাৰ দৰেই মালচিং পেপাৰ কৃষি পথাৰত পাৰি দিয়া হয়। ফলত পুলি ৰোপনৰ পাছৰ পৰা এবাৰো বন-বাত নোগোছোৱাকৈ থাকিব পাৰে। ফলত কৃষকজনৰ বহু শ্ৰম লাঘৱ হয়  আৰু শ্ৰমিকৰ নাটনি সমস্যাৰ লগতো যুঁজিব নালাগে।

অধিক বৰষুণৰ পৰা উদ্ভিদজোপাৰ হব পৰা ক্ষতি পৰা সুৰক্ষা প্ৰদান

তীব্ৰ ৰ’দ আৰু অধিক বৰষুণ শস্য প্ৰভাৱ পেলায়। বৰষুণৰ তীব্ৰ টোপালসমূহ শস্যজোপাৰ গুৰিত পৰাৰ পৰা বাধা দিয়ে। শস্যৰ খেতি কৰিবলৈ যি ঢাপ বনোৱা হয় সেই ঢাপসমূহ বৰষুণে খহাই নিয়াৰ পৰা বাধা দিয়ে।

তীব্ৰ ৰ’দকো প্ৰত্যাহ্বান : মালচিং পেপাৰে সূৰ্যৰ ৰশ্মি পোণপটীয়াকৈ উদ্ভিদজোপা থকা মাটিখিনিত পৰিবলৈ নিদিয়ে। গতিকে তীব্ৰ ৰ’দেও মাটিখিনি শুকান কৰি পেলাব নোৱাৰে। এক কথাত তীব্ৰ ৰ’দতো মাটিখিনি শস্যজোপাৰ অনুকুলে ৰাখে।

বেমাৰ-আজাৰ নিয়ন্ত্ৰণ :

গছৰ শিপাত হোৱা বেমাৰ, বা বায়ু মণ্ডলত থকা বীজানুৱে গছৰ শিপাত বেমাৰ সৃষ্টি কৰাত মালচিং পেপাৰে অন্তৰায় হৈ থিয় দিয়ে।

এইবোৰৰ উপৰি অনেক সুবিধা আছে মালচিং পেপাৰৰ। দৰ্শকসকলক জনাও যে এখন মালচিং পেপাৰ দুবছৰলৈ ব্যৱহাৰ কৰি পাৰে।

Mulching paper

মালচিং পেপাৰ কত পাব!

যিকোনো বীজ ভাণ্ডাৰ বা সাৰৰ দোকানত মালচিং পেপাৰ উপলব্ধ হয়। নাইবা আপোনালোকে অনলাই অৰ্ডাৰ কৰিবও পাৰে। ধেমাজিৰ কৃষকসকলে চিলাপথাৰৰ নাথ বীজ ভাণ্ডাৰ এই মালচিং পেপাৰ পাব। অধিক জানিবৰ বাবে 6003114556 নম্বৰত যোগাযোগ কৰিব।

এখন মালচিং পেপাৰৰ দীৰ্ঘ আৰু প্ৰস্থ কিমান থাকে! দাম কিমান

এখন মালচিং পেপাৰ ৪ ফুট বহল আৰু ৪০০ ফুট দীঘল হয়। এনে এখন মালচিং পেপাৰৰ দাম ১৭০০-১৮০০ টকা।

লগতে পঢ়ক- 

English Summary: what is mulching paper! its Price & Profit
Published on: 13 May 2024, 04:18 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now