অসমৰ অধিকাংশ খেতিয়কেই ধান খেতি কৰে। যুগ যুগ ধৰি বাৰিষাৰ অহাৰ লগে লগেই পথাৰত অসমীয়া মানুহবোৰ নামি পৰে। ধান ভাল হওঁক বেয়া হওঁক কথা নাই, ৰদ-বৰষুণ কথা নাই অসমীয়া মানুহে ধান খেতি কৰিবই। ধান খেতিৰ লগত অসমীয়া মানুহৰ এটা তেজৰ সম্পৰ্ক গঢ় লৈ উঠিছে। (বাৰিষাৰ বতৰত, আঘোণ ধানকটা দিনবোৰত গাঁওৰ পৰা আঁতৰত থকা লোকসকলৰো পথাৰখনলৈ মনত পৰে।) অসমীয়া মানুহে ধান খেতি কৰিবই লাগিলে বান মাৰিব বুলি পূৰ্ণ সম্ভাৱনা থাকক। ৰ’দে শুকুৱাব বুলি জানিলেও অসমীয়া মানুহে ভেকুলি বিয়া পাতি হ'লেও খেতি কৰিবই। কাৰণ এটাই ধানৰ খেতিয়েই অসমীয়া মানুহৰ বছৰটো চলাই নিয়াৰ একমাত্ৰ সম্বল।
যুগ বাগৰি গ’ল ধান খেতিকেই সম্বল কৰি অসমৰ খেতিয়কসকল থাকি গল। আজিও অসমৰ ৯০ শতাংশ কৃষকে পথাৰত সাৰ প্ৰয়োগ নকৰাকৈ খেতি কৰে। (ইয়াত সাৰ বুলি কওঁতেই কেৱল ৰাসায়নিক সাৰৰ কথা কোৱা নাই।) যাৰফলত কেতিয়াবা ধান খেতি কৰোঁতে যিমান ব্যয় হয় তাতকৈ খেতিৰ পৰা কম আয় হয় কৃষকজনৰ। তৎত্ত্বেও অসমীয়া মানুহে ধান খেতি কৰিবই। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিভিন্নক্ষেত্ৰলৈ পৰিৱৰ্তন আহিছে। খেৰৰ ঠাইত আমি টিনপাটৰ লগালো, বাঁহৰ বেৰৰ ঠাইত ইটা-চিমেন্টৰ বেৰ বনালো, একেদৰে চাইকেলৰ ঠাইলৈ আহিল মটৰ চাইকেল, কেঁচা পথবোৰ পকী হ’ল। কিন্তু অসমৰ খেতি পথাৰবোৰলৈ যুগ যুগৰ পাছতো পৰিৱৰ্তন নাহিল।
অসমৰ ৯৫ শতাংশ ধান খেতিয়কে এতিয়াও পানীৰ বাবে বৰষুণৰ ওপৰতেই ভৰষা কৰে। সময় ইমান দূৰ পালেহি কিন্তু লাভ, লোকচান, আয়-ব্যয় হিচাপ নকৰাকৈ ধান খেতিৰ ঠাইত ধান খেতিয়েই কৰি আহিছে অসমৰ কৃষকসকলে। গ্ৰাম্য কৃষকসকলে ধান খেতি কৰক কথা নাই কিন্তু ধান ভাল নোহোৱা পথাৰখনত অন্য কিবা খেতি কৰিব নোৱাৰি নেকি! ধানৰ ওপৰি বাৰিষা কালত বিভিন্নধৰণৰ শাক-পাচলি, যেনে- তিয়ঁহ, জিকা, ভেণ্ডি, কুণ্ডলি, জাতিলাও, জলকীয়া, মাটিমাহ, তিল, তিতাকেৰেলা, তৰমুজ, স্কোৱাজ, কোমোৰা, তৰমূজ, চিৰাল আদি হয়। এই শাক-পাচলিসমূহৰ বজাৰত চাহিদা বেছি।
১ কিলোগ্ৰাম ধানৰ দাম সাধাৰণ ১৩ টকা। কিন্তু এই শাক-পাচলিবোৰৰ দাম প্ৰতিকিলোগ্ৰামত ৪০ টকাৰ কোনোদিনে কম নহয়। অথচ কিন্তু ধান খেতিয়েই কৰিয়েই কৰি আহিছে অসমীয়া মানুহে। কাৰণ এটাই আমি অতিজৰে পৰা ধান খেতি কৰি আহিছো, ধান খেতিত লোকচান হওঁক, লাভ হওঁক কথা নাই গতিকে ধান খেতিয়েই কৰিম। অথচ কিন্তু অসমে চাউলৰ বাবে পঞ্জাৱ, হাৰিয়ানাৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়। কাৰণ এটাই এই ৰাজ্যসমূহৰ খেতিয়কসকলে নিজকে সময়ৰ লগত পৰিৱৰ্তন কৰি গৈছে। যাৰবাবে এইবোৰ ৰাজ্যত চাকৰিয়ালসকলতকৈ এজন কৃষকৰ সন্মান বেছি। তেওঁলোক স্বচ্ছল। গতিকে এজন যুৱকে দেউতাকৰ খেতিৰ বৃত্তিটো গ্ৰহণ কৰিব পৰাূতো গৌৰৱৰ কথা বুলি ভাৱে। কিন্তু অসমৰ কৃষকসকলৰ অৱস্থা হাড়-ছাল ওলোৱা। খেতিয়ক দেউতাকৰ হাড়-ছাল ওলোৱা অৱস্থাটো দেখি কোন পুতেকে খেতিয়ক হোৱাৰ সপোন দেখাৰ সাহস কৰিব । যাৰবাবে বিয়া-চিয়া পাতি একো কৰিবলৈ সুবিধা নাপালেহে টানি-মুনি পথাৰত নামে। অসমৰ খেতিয়কসকলৰ এই অৱস্থা দেখিয়েই অসমীয়া যুৱ- প্ৰজন্মৰো খেতিৰ প্ৰতি অনীহা বাঢ়ি গৈছে।
অসমৰ কৃষকসকলক এনে এক পৰ্যায়লৈ লৈ যোৱাৰ অন্তৰালত অসমৰ উদঙীয়া গৰুৰ সমস্যাটোৱে মুখ্য ভূমিকা লৈ আহিছে। আঘোন মাহত ধান কটাৰ পাছত গৰুসমূহ মেলি দিয়াৰ বাবে অসমৰ খেতিয়কসকলে আন খেতিৰ কথা ভাবিব নোৱাৰে। কাৰণ খেতি কৰিলে কি হ’ৱ চব গৰুৱে খাই শেষ কৰিব। গতিকে বাৰিষাৰ বাহিৰে অন্যসময়ত অসমৰ খেতিয়কসকলে অন্য খেতিৰ কথা ভাৱিব নোৱাৰে। বাৰিষা সময়খিনি ধানৰ বাবে উপযোগী গতিকে খেতিয়কসকলে ধান খেতিকেই যুগ যুগ ধৰি কৰি আহিছে।
লগতে পঢ়ক- গৰুৰ বাবেই ৫০ বছৰ পিছুৱাই আছে অসমৰ কৃষিখণ্ড!