1. অন্যান্য

অসমৰ গ্ৰাম্য অৰ্থনীতিত মীন পালনৰ ভূমিকা

KJ Staff
KJ Staff
Role of Fish Farming in Rural Economy
Role of Fish Farming in Rural Economy

    অসম এখন কৃষি প্রধান ৰাজ্য । সেই ৰাজ্যখনৰ  শতকৰা ৭০ ভাগ লোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নির্বাহ কৰে। কৃষি বুলিলে ধান খেতি, গোঁ পালন, হাঁহ, কুকুৰা পালন, মীন পালন, দুগ্ধ পালন, গাহৰি পালন ইত্যাদিকে সূচায়। গ্রাম্য অর্থনীতিৰে ভেটি সবল কৰিবলৈ কৃষি উন্নয়ণ অপৰিহাৰ্য্য। সাম্প্রতিক কালৰ গ্ৰাম্য অঞ্চলৰ এটা প্রধান সমস্যা হৈছে নিবনুৱা। গ্রাম্য অঞ্চলত ঋতুজ নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা দেখিবলৈ পাঁও। এই দুই ধৰণৰ নিবনুৱাই গ্রাম্য অঞ্চলৰ অৰ্থনীতিৰ ভেটি দুর্বল কৰি আহিছে। যাৰবাবে দিনক দিনে এই অঞ্চল সমূহত দৰিদ্ৰতাৰ প্রকোপ বাঢ়ি গৈছে। দৰিদ্ৰতা সমাজ এখনৰ বাবে ব্যাধিস্বৰূপ। ইয়াৰ বাবে গাওঁসমূহত বহুতো ল’ৰা-ছোৱালীয়ে ইচ্ছা থাকিলেও প্ৰৱেশিকা বা তেনে সম-পর্যায়ৰ পৰীক্ষা উত্তীর্ণ হোৱাৰ পিচত শিক্ষা আধাতে সামৰিব লগা হয়। ইয়াৰ মূলতঃ কাৰণ হৈছে উচ্চতৰ বা স্নাতক পর্যায়ত নাম ভৰ্ত্তিৰ বাবে দিব লগা ভৰ্ত্তি মাচুল, পৰীক্ষা মাচুল দৰিদ্ৰ পৰিয়াল সমূহে দিব নোৱাৰে । এই অৱস্থাটো সমাজ তথা কল্যাণকামী দেশ এখনৰ বাবে অতি দুখদায়ক কথা।

      গ্রাম্য অঞ্চলৰ প্রায় প্রতিটো পৰিয়ালৰ ঘৰৰ পিচফালে সৰু-বৰ আকাৰৰ খাল বা পুখুৰী আছে। খাল সেইবিলাক যিবিলাকৰ কোনো সঠিক আকাৰ বা কাৰিকৰী ব্যক্তিৰ পৰামর্শ মতে খন্দা হোৱা নাই। এইদৰে অব্যৱহৃত হৈ থকা সম্পদটি কিদৰে উচিত ব্যৱহাৰ কৰি দৰিদ্ৰ পৰিয়াল এটাই আর্থিক সকাহ পাব পাৰে বা বছৰৰ মূৰত একেলগে মোটা আয় সংগ্রহ কৰি ল'ৰা-ছোৱালীৰ পঢ়াৰ খৰচী সংগ্রহ কৰিব পাৰে তাৰ আভাস দিবলৈ প্ৰয়াস কৰা হৈছে।

আমি জানো যে অসমত মাছৰ চাহিদা  অনুপাতে  যোগান তেনেই সীমিত । এই চাহিদা পূৰাবৰ বাবে অন্ধপ্রদেশ, কলিকতা, কেৰেলা আদি ৰাজ্যৰ পৰা মাছ আমদানি কৰি চাহিদা পূৰোৱা হয়।  অসমৰ মীন পালক সকলে দৰাচলতে পুখুৰীত মাছ পোণা মেলিহে দিয়ে কিন্তু নোপোহে বাবে আশানুৰূপ উৎপাদন পাবলৈ সক্ষম নহয়। ইয়াৰ বাবে এই কৃষি কাৰ্যটোৰ প্ৰতি এটা সময়ত মানুহৰ অনীহা জন্মে।  বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰিবলৈ হলে যদি পুৰণি পুখুৰীৰ ক্ষেত্ৰত সম্ভৱ হয় তেনেহলে পানী সিচি তলিখন প্রায় ১৫ দিন ৰ'দত শুকাই তলিৰ গেছ আঁৰাৱ লাগে। ইয়াৰ পিচত প্রথম কিস্তি পোৰা চুণ। (কেলিচিয়াম অক্সাইড))প্রতি বিঘা পানী কালিৰ বাবে ২৬ কিঃগ্রাঃ হাৰত প্ৰয়োগ কৰি তলিখন হাল বাই দিব লাগে। চুণ প্ৰয়োগৰ ৭-১৫ দিনৰ পিচত পুখুৰীত যেতিয়া প্রায় ৩০ ছেঃ মিঃ পানী হয়, তেতিয়া প্রতি বিঘা পানী কালিৰ বাবে ২৬০ কিঃ গ্রাঃ হাৰত ঘৰতে উভৈদনী হৈ থকা কেচা গোৱৰ প্রথম কিস্তি হিচাপে  প্ৰয়োগ কৰক। গোৱৰ প্ৰয়োগেৰে৭-১৫ দিন পিছত পুখুৰীত ইউৰিয়া আৰু চিঙ্গল চুপাৰ ফফেট প্ৰয়োগ কৰিব লাগে। প্রতি বিঘা পানী কালিত ইউৰিয়া ৪ কিঃ গ্রাঃ আৰু চিঙ্গল চুপাৰ ফচফেট ৩ কিঃ গ্রাঃ প্ৰয়োগ কৰিব লাগে। উপৰোক্ত কাৰ্য্য কেইটা সম্পূর্ণ কৰাৰ পিচত পুখুৰীৰ পানী সেউজীয়া বৰণ ললে ১৫ দিনৰ পিচত পুখুৰীত ৪//– ৬/ আকাৰৰ মাছ পোৱালী প্রতি বিঘাত ৮০০ এৰিব লাগে। মাছে খাদ্য খোৱা,থকা ঠাইৰ ক্ষেত্ৰত যাতে প্ৰতিযোগিতা সৃষ্টি নহয় তাৰ ওপৰত নিৰ্ভৰ কৰি অতি বেছি ৬ বিধ প্রজাতিৰ মাছ এৰিব লাগে। প্রতি বিঘা পানী কালিত ৬ বিধ প্রজাতিৰ  পোণাৰ সংমিশ্রণৰ হাৰ আৰু সংখ্যা তলত উল্লেখ কৰা হ'ল--

প্রজাতি             শতকৰা হাৰ          সংখ্যা

ভকুৱা                ২০%                     ১৬০ টা

ৰৌ                     ২০%                     ১৬০ টা

মিৰিকা               ২০%                     ১৬০ টা

কমন কার্প          ১৫%                     ১২০ টা

চিলভাৰ কাৰ্প     ১৫%                      ১২০ টা

গ্লাছ কার্প            ১০%                        ৮০ টা

সৰ্বমুঠ                ১০০%                    ৮০০ টা

     এইদৰে পোণা এৰাৰ ২-৩ দিন পিচৰ পৰা প্রতিদিনে ৰাতিপুৱা সম পৰিমাণৰ চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ মিশ্রণ ১:১ অনুপাতত মিহলাই মুঠ মাছ পোৱালীৰ ওজনৰ ৩% হিচাপে যোগান ধৰিব লাগে। এইদৰে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি মাছ খেতি কৰিবলৈ হ'লে হৈ থকা এবিঘা পুখুৰী এটাৰ খৰছ (আনুমানিক) এনেধৰণৰ

(ক) বিনিয়োগ ব্যয় (Capital Cost)

পুখুৰী পানী সিঁচা, জলজ উদ্ভিদ

নিবাৰণ আৰু মেৰামতি- 10000 টকা।

(খ)বছৰে বছৰে কৰিৱলগীয়া ব্যয় (Recurring Cost)

 

বিৱৰণ .

মুঠ পাৰিমাণ (কিঃ গ্ৰা)

দাম (কিঃ গ্ৰা)

মুঠ টকা

চূণ

70

15

1050

ইউৰিয়া

40

15

600

চিংগল চুপাৰ ফচফেট

30

15

450

গৰুৰ গোৱৰ

1000

1

1000

সৰিয়হৰ খলিহৈ

250

15

3750

চাউলৰ মল

250

10

2500

মাছ পোনা

800 টা

6

4800

ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ বাবে

 

 

500

অন্যান্য

 

 

500

সর্বমুঠ ব্যয়

 

 

15150

 

 এতিয়া বিনিয়োগ ব্যয় + বছৰে বছৰে কৰিৱলগীয়া ব্যয় (10000+ 15150) = মুঠ 25150 টকা অর্থাৎ মুঠ উৎপাদন খৰচ 25150 টকা ৷

      ওপৰত উল্লেখিত পদ্ধতিৰে মাছ খেতি কৰিলে বিঘাই প্রতি 400 কিঃগ্রাঃ মাছ দহ মাহত উৎপাদন কৰিৱ পাৰি। এই 400 কিঃগ্রাঃ মাছ যদি গড়ে 200 টকা দৰত প্রতি কেজি বিক্ৰী কৰা হয়, তেনেহলে মাছ বিক্ৰী কৰি       পোৱা ধনৰ পৰিমাণ হ’ব 400 কিঃগ্রাঃ X 200টকা = 80,000 টকা। গতিকে মীন পালকজনৰ মুঠ লাভ হ'ব- 80,000– 25150 টকা = 54850 টকা। এই আয়খিনি এটা পৰিয়ালৰ ১/২ জন ল'ৰা-ছোৱালীৰ খৰছৰ বাবে যথেষ্ট। কিয়নো ইয়াত কৈ বেছি উচ্চতৰ অথবা স্নাতক পঢ়াৰ বাবদ খৰছবছৰত কোনোপধ্যে বেছি বর্তমান সময়ত নহয়। আনকি এই কৃষিত প্ৰতিটো মুহূর্ত ব্যস্তও হৈ থাকিব নালাগে। গতিকে সকলো ক্ষেত্ৰতে চৰকাৰী চাকৰি অথবা চৰকাৰৰ বোজা হৈ থকাতকৈ নিজৰ ঘৰত থকা সম্পদ সমূহৰ উচিত ব্যৱহাৰ কৰি আধাতে শিক্ষা সাং কৰাৰ মনোবৃত্তিপৰিহাৰ কৰি মীন পালনৰ জৰিয়তে আয় বৃদ্ধি কৰি নীল বিপ্লৱৰ সূচনা কৰাত মনোনিবেশ কৰিব পাৰি।

লগতে পঢ়কঃ বায়’ফ্লক (Biofloc) পদ্ধতিত মৎস উৎপাদনেৰে মাহে 2 লাখ উপাৰ্জন মীন পালক গুৰবচন সিঙৰ

English Summary: Role of Fish Farming in Rural Economy

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.